--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশজুৰি আৰম্ভ কৰা বিজেপিৰ পৰিকল্পিত ‘অপাৰেচন লটাচ'- এ মুখঠেকেচা খালে বিহাৰত। মহাৰাষ্ট্ৰত সূচাৰুৰূপত এই অপাৰেচন লটাচ কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত এইবাৰ বিজেপিৰ এই নীতি উভালি পেলাইছে দলটোৰ মিত্ৰ দল জনতা দল (ইউনাইটেড)। শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তনৰ অংশস্বৰূপে আজি জেডিইউ- এ ত্যাগ কৰে বিজেপিৰ সঙ্গ। বিজেপিৰ পৰিকল্পিত ৰাজনীতিৰ জাল ফালি নীতিশ কুমাৰৰ জেডিইউ- এ নতুনকৈ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে আৰজেডি আৰু কংগ্ৰেছৰ সমৰ্থনত।

পদত্যাগী মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৰাজনৈতিক চমকে দেশৰ ৰাজনীতিত এক লহৰৰ সৃষ্টি কৰিছে। বিজেপিয়ে যিদৰে আগ্ৰাসী নীতিৰে দেশৰ সকলো ৰাজ্যতে ক্ষমতা দখলৰ দিশে গতি কৰিছে, সেই আগ্ৰাসী ৰাজনৈতিক লিপ্সাক প্ৰতিহত কৰি নীতিশ কুমাৰে বুটলিছে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ প্ৰশংসা।

বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰি নীতিশ কুমাৰে বিজেপিক বেকফুটলৈ ঠেলি দিয়াৰ পাছতে আন আন বিৰোধী দলৰ নেতাৰ লগতে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱেও বিহাৰৰ এই ৰাজনৈতিক পট পৰিৱৰ্তনক লৈ আশাবাদী হৈ পৰিছে।

এক বিবৃতিত অখিলেশ যাদৱে বিহাৰৰ ৰাজনৈতিক পৰিস্থিতি দেশৰ বাবে এক নতুন আৰু আশাপ্ৰদ আৰম্ভণি হিচাপে স্বীকৃতি দিছে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি যাদৱে কয় যে আজিৰ দিনটোতে অৰ্থাৎ ৯ আগষ্টত ইংৰাজৰ ভাৰত ত্যাগৰ শ্ল’গান দিয়া হৈছিল। আৰু আজি এই দিনটোতে বিহাৰৰ পৰা 'বিজেপি ভগাও'ৰ শ্ল’গান আহিছে।

বিজেপিক সমালোচনা কৰি অখিলেশ যাদৱে নীতিশ কুমাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি এটা উচিত পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। “মই ভাবো দেশৰ ৰাজনৈতিক দল আৰু বিভিন্ন ৰাজ্যৰ জনসাধাৰণে বিজেপিৰ বিৰুদ্ধে থিয় দিব।”- যাদৱে কয়।

দেশৰ আন ৰাজ্যসমূহতো এনে কাৰ্যসূচী আৰম্ভ হোৱা উচিত বুলি তেওঁ লগতে কয়। যাদৱে কয় যে বিজেপিয়ে বিহাৰত জেডিইউক বিশ্বাসঘাতকতা কৰিছিল। গতিকে বিজেপিৰ সংগ ত্যাগ কৰি জেডিইউ- এ এক নতুন দিশ মুকলি কৰিছে বুলি যাদৱে মত পোষণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ