--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশজুৰি আৰম্ভ কৰা বিজেপিৰ পৰিকল্পিত ‘অপাৰেচন লটাচ'- এ মুখঠেকেচা খালে বিহাৰত। মহাৰাষ্ট্ৰত সূচাৰুৰূপত এই অপাৰেচন লটাচ কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত এইবাৰ বিজেপিৰ এই নীতি উভালি পেলাইছে দলটোৰ মিত্ৰ দল জনতা দল (ইউনাইটেড)। শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তনৰ অংশস্বৰূপে আজি জেডিইউ- এ ত্যাগ কৰে বিজেপিৰ সঙ্গ। বিজেপিৰ পৰিকল্পিত ৰাজনীতিৰ জাল ফালি নীতিশ কুমাৰৰ জেডিইউ- এ নতুনকৈ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে আৰজেডি আৰু কংগ্ৰেছৰ সমৰ্থনত।

পদত্যাগী মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৰাজনৈতিক চমকে দেশৰ ৰাজনীতিত এক লহৰৰ সৃষ্টি কৰিছে। বিজেপিয়ে যিদৰে আগ্ৰাসী নীতিৰে দেশৰ সকলো ৰাজ্যতে ক্ষমতা দখলৰ দিশে গতি কৰিছে, সেই আগ্ৰাসী ৰাজনৈতিক লিপ্সাক প্ৰতিহত কৰি নীতিশ কুমাৰে বুটলিছে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ প্ৰশংসা।

বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰি নীতিশ কুমাৰে বিজেপিক বেকফুটলৈ ঠেলি দিয়াৰ পাছতে আন আন বিৰোধী দলৰ নেতাৰ লগতে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱেও বিহাৰৰ এই ৰাজনৈতিক পট পৰিৱৰ্তনক লৈ আশাবাদী হৈ পৰিছে।

এক বিবৃতিত অখিলেশ যাদৱে বিহাৰৰ ৰাজনৈতিক পৰিস্থিতি দেশৰ বাবে এক নতুন আৰু আশাপ্ৰদ আৰম্ভণি হিচাপে স্বীকৃতি দিছে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি যাদৱে কয় যে আজিৰ দিনটোতে অৰ্থাৎ ৯ আগষ্টত ইংৰাজৰ ভাৰত ত্যাগৰ শ্ল’গান দিয়া হৈছিল। আৰু আজি এই দিনটোতে বিহাৰৰ পৰা 'বিজেপি ভগাও'ৰ শ্ল’গান আহিছে।

বিজেপিক সমালোচনা কৰি অখিলেশ যাদৱে নীতিশ কুমাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি এটা উচিত পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। “মই ভাবো দেশৰ ৰাজনৈতিক দল আৰু বিভিন্ন ৰাজ্যৰ জনসাধাৰণে বিজেপিৰ বিৰুদ্ধে থিয় দিব।”- যাদৱে কয়।

দেশৰ আন ৰাজ্যসমূহতো এনে কাৰ্যসূচী আৰম্ভ হোৱা উচিত বুলি তেওঁ লগতে কয়। যাদৱে কয় যে বিজেপিয়ে বিহাৰত জেডিইউক বিশ্বাসঘাতকতা কৰিছিল। গতিকে বিজেপিৰ সংগ ত্যাগ কৰি জেডিইউ- এ এক নতুন দিশ মুকলি কৰিছে বুলি যাদৱে মত পোষণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা