--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিদিনে কাৰোবাৰ নহয় কাৰোবাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ছ’চিয়েল মিডিয়াত প্ৰায়ে বলীউডৰ তাৰকাসকলৰ ছবি ভাইৰেল হয়। নেটিজেনসকলে তেওঁলোকক চিনাক্ত কৰিবলৈ চেষ্টা কৰে। কিন্তু কিছুমান মানুহ এইক্ষেত্ৰত সফল হয় আৰু কিছুমান বিফল হয়। আজি আমি আপোনালোকৰ ওচৰলৈ এগৰাকী জনপ্ৰিয় তাৰকাৰ শৈশৱ কালৰ ছবি লৈ আহিছো। 

আপুনি বাৰু চিনি পাইছেনে.. ভালদৰে চাওকচোন পৰীৰ সাজ পৰিধান কৰি থকা এইগৰাকী মৰমলগা কণমানি বাৰু কোন? এই কণমানিজনী এতিয়া বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈ পৰিছে। ফটোখন দেখাৰ পিছত মানুহে বহুত চেষ্টা কৰিছে ছোৱালীজনীক চিনি উলিয়াবলৈ কিন্তু এই প্ৰচেষ্টাত বেছিভাগ মানুহেই ব্যৰ্থ হৈছে। কণমানিজনীয়ে পৰীৰ সাজ পিন্ধি আন বহু ছোৱালীৰ মাজত বহি আছে। আৰু পলম নকৰো, আপোনাৰ ধৈৰ্য্য ভংগ নকৰাকৈয়ে কওঁ যে এই মৰমলগা ছোৱালীজনী আন কোনো নহয়, তেওঁ হৈছে অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ।
 তেওঁ দক্ষিণৰ বহুকেইখন জনপ্ৰিয় ছবিত কাম কৰিছে। তাৰপিছত ২০১২ চনত ৰণবীৰ কাপুৰ আৰু প্ৰিয়ংকা চোপ্ৰাৰ সৈতে ‘বৰফী’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰে। বলীউডতো আছে তেওঁৰ সুকীয়া পৰিচয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি গুগলত সৰ্বাধিক সন্ধান কৰা বলীউডৰ অভিনেত্ৰীসকলৰ ভিতৰত ইলিয়ানাও অন্যতম। 

শেহতীয়াকৈ কেটৰিনা কাঈফৰ সৈতে ইলিয়ানা ডি ক্ৰুজৰ কিছুমান ছবিও ভাইৰেল হৈ পৰিছে। মালদ্বীপত কেটৰিনাৰ জন্মদিনৰ সময়তো উপস্থিত আছিল ইলিয়ানা। তাৰ পৰা বিকি কৌশল আৰু কেটৰিনাই ইনষ্টাগ্ৰামত অনুৰাগীসকলৰ সৈতে বহুতো ডাঙৰ ডাঙৰ ছবি শ্বেয়াৰ কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি কেটৰিনা কাঈফৰ ভাতৃ চেবাষ্টিয়ানৰ সৈতে ইলিয়ানা ডি ক্ৰুজৰ সম্পৰ্ক আছে। ইলিয়ানা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় য’ত তেওঁ প্ৰায়ে নিজৰ হট আৰু গ্লেমাৰাছ ফটোৰে অনুৰাগীক আপ্লুত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু