--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰামা কুইন নামেৰে জনপ্ৰিয় ৰাখী সাৱন্ত প্ৰেমিক আদিল দুৰাণীক লৈ বিগত কেইবাদিন ধৰি চৰ্চাত আছে। আদিলৰ লগত ৰাখীৰ প্ৰেম তুংগত চলি আছে। দুয়ো ভিন্ন স্থানত একেলগে ঘূৰা-ফুৰা কৰি আছে। ডেটিং স্পটতো দুয়োকে সঘনাই দেখা পোৱা যায়। কিন্তু সেই আদিলেই এতিয়া প্ৰতাৰণা কৰিলে নেকি ৰাখীক। সেই প্ৰশ্নই জাগিছে এতিয়া সকলোৰে মনত। অলপতে আদিলক নিবলৈ বিমানবন্দৰত উপস্থিত হৈছিল ৰাখী সাৱন্ত, কিন্তু ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি থকাৰ পাছতো নাহিল আদিল।
 ৰাখী সাৱন্তৰ হৃদয়খন আকৌ এবাৰ ভাঙি গ’ল আৰু সংবাদ মাধ্যমৰ আগত নিজৰ হৃদয় ভঙাৰ কথা সদৰী কৰিলে ৰাখীয়ে। শেহতীয়াকৈ মুম্বাই বিমানবন্দৰত দেখা গৈছিল ৰাখী সাৱন্তক। চেলোৱাৰ পিন্ধি,বহুত মেকআপ কৰি সাজি-কাচি আহিছিল তেওঁ। ঘণ্টা ঘণ্টা ধৰি এয়াৰপৰ্টত ৰৈ থাকিল ৰাখী কিন্তু নাহিল প্ৰেমিক আদিল দুৰাণী। দুঘণ্টা ৰৈ থকাৰ পাছতো প্ৰেমিকক নেদেখি দুখত ভাগি পৰে ৰাখী সাৱন্ত। কান্দি কান্দি তেওঁৰ চকুৰ মেকআপো বেয়া হৈ যায়। ৰাখীৰ এই ভিডিঅ’ দেখাৰ পাছত বহুতেই কৈছে যে আকৌ ঠগ খালে নেকি ৰাখীয়ে! ৰাখীয়ে কয় যে "মই সাজিকাচি আহিছিলো আদিলৰ বাবে। এই সকলোখিনি তেওঁৰ বাবেই কৰিছিলো। আদিল নাহিল। কান্দি-কান্দি মোৰ চকুৰ কাজল গুচি গ’ল।"
 
পাপ্পাৰাজীয়ে কয় যে আপুনি এবাৰ আদিলৰ লগত এটা ভিডিঅ’ কলত কথা পাতক। কিন্তু ৰাখীয়ে কয় যে মই এতিয়া কথা নাপাতো। কাৰণ কালি মই তেওঁক লগ কৰিবলৈ ৰৈ থাকিলো কিন্তু তেওঁ নাহিল। ৰাখীয়ে লগতে কয় যে "মই কথা নাপাতো, কাৰণ মোৰো আত্মসন্মান আছে, মই তেওঁক লগ কৰিবলৈ দিল্লীলৈ গৈছিলো আৰু তেওঁ তালৈও অহা নাছিল। এই কথাক লৈ মই বহুত দুখী"। 


কিবা বিশেষ ব্যস্ততাৰ বাবেহে আদিল দুৰাণী ৰাখীৰ ওচৰলৈ আহিব নোৱাৰিলে..নে তেওঁ ৰাখীক প্ৰতাৰণা কৰিলে সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব। সকলোৱে এতিয়া সেই উত্তৰলৈ বাট চাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু