--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰামা কুইন নামেৰে জনপ্ৰিয় ৰাখী সাৱন্ত প্ৰেমিক আদিল দুৰাণীক লৈ বিগত কেইবাদিন ধৰি চৰ্চাত আছে। আদিলৰ লগত ৰাখীৰ প্ৰেম তুংগত চলি আছে। দুয়ো ভিন্ন স্থানত একেলগে ঘূৰা-ফুৰা কৰি আছে। ডেটিং স্পটতো দুয়োকে সঘনাই দেখা পোৱা যায়। কিন্তু সেই আদিলেই এতিয়া প্ৰতাৰণা কৰিলে নেকি ৰাখীক। সেই প্ৰশ্নই জাগিছে এতিয়া সকলোৰে মনত। অলপতে আদিলক নিবলৈ বিমানবন্দৰত উপস্থিত হৈছিল ৰাখী সাৱন্ত, কিন্তু ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি থকাৰ পাছতো নাহিল আদিল।
 ৰাখী সাৱন্তৰ হৃদয়খন আকৌ এবাৰ ভাঙি গ’ল আৰু সংবাদ মাধ্যমৰ আগত নিজৰ হৃদয় ভঙাৰ কথা সদৰী কৰিলে ৰাখীয়ে। শেহতীয়াকৈ মুম্বাই বিমানবন্দৰত দেখা গৈছিল ৰাখী সাৱন্তক। চেলোৱাৰ পিন্ধি,বহুত মেকআপ কৰি সাজি-কাচি আহিছিল তেওঁ। ঘণ্টা ঘণ্টা ধৰি এয়াৰপৰ্টত ৰৈ থাকিল ৰাখী কিন্তু নাহিল প্ৰেমিক আদিল দুৰাণী। দুঘণ্টা ৰৈ থকাৰ পাছতো প্ৰেমিকক নেদেখি দুখত ভাগি পৰে ৰাখী সাৱন্ত। কান্দি কান্দি তেওঁৰ চকুৰ মেকআপো বেয়া হৈ যায়। ৰাখীৰ এই ভিডিঅ’ দেখাৰ পাছত বহুতেই কৈছে যে আকৌ ঠগ খালে নেকি ৰাখীয়ে! ৰাখীয়ে কয় যে "মই সাজিকাচি আহিছিলো আদিলৰ বাবে। এই সকলোখিনি তেওঁৰ বাবেই কৰিছিলো। আদিল নাহিল। কান্দি-কান্দি মোৰ চকুৰ কাজল গুচি গ’ল।"
 
পাপ্পাৰাজীয়ে কয় যে আপুনি এবাৰ আদিলৰ লগত এটা ভিডিঅ’ কলত কথা পাতক। কিন্তু ৰাখীয়ে কয় যে মই এতিয়া কথা নাপাতো। কাৰণ কালি মই তেওঁক লগ কৰিবলৈ ৰৈ থাকিলো কিন্তু তেওঁ নাহিল। ৰাখীয়ে লগতে কয় যে "মই কথা নাপাতো, কাৰণ মোৰো আত্মসন্মান আছে, মই তেওঁক লগ কৰিবলৈ দিল্লীলৈ গৈছিলো আৰু তেওঁ তালৈও অহা নাছিল। এই কথাক লৈ মই বহুত দুখী"। 


কিবা বিশেষ ব্যস্ততাৰ বাবেহে আদিল দুৰাণী ৰাখীৰ ওচৰলৈ আহিব নোৱাৰিলে..নে তেওঁ ৰাখীক প্ৰতাৰণা কৰিলে সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব। সকলোৱে এতিয়া সেই উত্তৰলৈ বাট চাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ