--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি সামৰণি পৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ কাৰ্যকাল। যোৱা বৰ্ষৰ ৬ এপ্ৰিলত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে ৰমনাক দেশৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পিছত ২৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে কাৰ্যকাল আৰম্ভ হৈছিল ৰমনাৰ। প্ৰায় ডেৰ বছৰীয়া কাৰ্যকালত এগৰাকী নিৰপেক্ষ আৰু নীতিনিষ্ঠ মুখ্য ন্যায়াধীশ হিচাপে পৰিচয় দাঙি ধৰা ৰমনাই আজি নিজ কাৰ্যকালৰ অন্তিম দিনা শীৰ্ষ আদালতত ৰাজনৈতিক দলসমূহৰ বিনামূলীয়া সামগ্ৰী বিতৰণৰ ওপৰত চলি থকা আবেদনৰ শুনানি গ্ৰহণ কৰিছে। ৰমনাৰ কাৰ্যকালৰ এই অন্তিম দিনটোতে উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক সিদ্ধান্ত ৰূপায়ন কৰিছে। দেশৰ ইতিহাসত আজি প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাৰ্যক্ৰমণিকাৰ পোনপটীয়াকৈ সম্প্ৰচাৰিত কৰা হৈছে। 

মুঠ ২০ টা গোচৰৰ শুনানি গ্ৰহণ কৰিবলগীয়া উচ্চতম ন্যায়ালয়ৰ আজিৰ দিনজোৰা কাৰ্যক্ৰমণিকা পুৱা ১০:৩০ বজাৰ পৰা ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰৰ ৱেবকাষ্ট পৰ্টেলৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ কৰা হৈছে। ২০১৮ চনৰ ৰায়ৰ দ্বাৰা নীতিগতভাৱে শীৰ্ষ ন্যায়ালয়ৰ কাৰ্যক্ৰম পোনপটীয়া সম্প্ৰচাৰৰ বাবে অনুমোদন প্ৰদান কৰাৰ পিছত উচ্চতম ন্যায়ালয়ত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে ২০১৮ চনৰ ২৬ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ ৩ জনীয়া বিচাৰপীঠে যৌন অপৰাধ আৰু বৈবাহিক বিবাদৰ সৈতে জড়িত সংবেদনশীল বিষয়ৰ বাহিৰে শীৰ্ষ আদালতত শুনানিৰ পোনপটীয়া সম্প্ৰচাৰৰ অনুমতি দিছিল। অৱশ্যে, উচ্চতম ন্যায়ালয়ত এই ব্যৱস্থা কাৰ্যকৰীভাৱে গ্ৰহণ কৰা নাছিল যদিও দেশৰ কেইবাখনো উচ্চ ন্যায়ালয়ে নিজ নিজ ইউটিউব চেনেলত শুনানিৰ পোনপটীয়া সম্প্ৰচাৰ কৰিছে।

মুখ্য ন্যায়াধীশ ৰমনাৰ লগতে তেওঁৰ উত্তৰাধিকাৰী হিচাপে মনোনীত হোৱা ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ হিমা কোহলীৰে গঠিত বিচাৰপীঠে আজি ৰাজনৈতিক দলৰ বিনামূলীয়া সামগ্ৰী বিতৰণৰ বিষয়ৰ ওপৰত ৰায়দান কৰিব। ইতিপূৰ্বে কেইবাটাও ৰাজনৈতিক দলে এই বিনামূলীয়া সামগ্ৰী বিতৰণক জনসাধাৰণৰ বাবে এক কল্যাণমূলক ব্যৱস্থা বুলি যুক্তি দাঙি ধৰিছিল।

কিন্ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে বিনামূলীয়া সামগ্ৰী বিতৰণে দেশৰ অৰ্থনীতি ধ্বংসৰ পথ মুকলি কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল আৰু এনে এক গুৰুতৰ বিষয়ৰ আলোচনাৰ বাবে কেন্দ্ৰই কিয় সৰ্বদলীয় বৈঠক আহ্বান কৰা নাই বুলি প্ৰশ্ন কৰিছিল। যেতিয়ালৈকে ৰাজনৈতিক দলসমূহৰ মাজত বিনামূলীয়া সামগ্ৰী বিতৰণে অৰ্থনীতি ধ্বংস কৰিব আৰু এই ব্যৱস্থা বন্ধ কৰিব লাগিব বুলি একমত নহয়, তেতিয়ালৈকে এই কাৰ্য চলিয়ে থাকিব বুলি উল্লেখ কৰিছিল শীৰ্ষ আদালতৰ বিচাৰপীঠে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?