--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ২৬ জুলাইৰ পৰা অনুষ্ঠিত হবলগা পেৰিছ অলিম্পিকত একমাত্ৰ অসমীয়া খেলুৱৈ হিচাপে অংশ ল’ব মহিলা বক্সাৰ লাভলীানা বৰগোঁহায়ে৷ বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰা লাভলিনাক শুভেচ্চা জনোৱাৰ বাবে অসম বক্সিং সন্থাই অভিনৱ পদক্ষেপ হাতত লৈছে৷ 

সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি লাভলিনাক শুভেচ্চা জনোৱাৰ বাবে এখন বিশেষ গামোছাত ৰাজ্যৰ প্ৰবীন-নবীন খেলুৱৈ-সংগঠক তথা বিশিষ্ট ব্যক্তিয়ে শুভেচ্চামুলক স্বাক্ষৰ কৰিব আৰু এই গামোছাখন অসম কন্যাক পেৰিছৰ ভুমিত কলিতাই নিজ হাতে অৰ্পনো কৰিব৷ 

ইতিমধ্যে কালি দিছপুৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গামোছাখনত প্ৰথমটো স্বাক্ষৰ কৰি অভিযানৰ আৰম্ভনি কৰিছে৷ শীঘ্ৰেই নেহৰু ষ্টেডিয়ামত অসম বক্সিং সন্থাই স্বাক্ষৰ অভিযান আৰম্ভ কৰিব৷ ইফালে, কালি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সম্প্ৰতি জাৰ্মানীত অনুশীলন কৰি থকা লাভলিনাৰ লগত ভিডিঅ’ ক’লযোগে প্ৰস্তুতিৰ বুজ লয় তথা শুভেচ্চাও জ্ঞাপন কৰে৷

উল্লেখ্য যে বক্সিঙৰ জড়িয়তেই অলিম্পিকৰ মঞ্চত ধাৰাবহিকৰূপত অসমৰ গৌৰৱৰ স্থিতি বৰ্তি আছে৷ ২০১২ ৰ লণ্ডন আৰু ২০১৬ ৰ ৰিঅ’ অলিম্পিকত অসমৰ পুৰুষ বক্সাৰ শিৱ থাপাই দেশক প্ৰতিনিধিত্ব কৰাৰ পাছত ২০২০ ৰ টকিঅ’ অলিম্পিকত অসমৰ প্ৰথম মহিলা হিচাপে লাভলিনাই অংশ লৈছিল তথা অভিষেকতে পদক জয় কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গৌৰৱময় সফলতা ৰাজ্যবাসীক দিছিল৷ অসমৰ প্ৰথম ক্ৰীড়াবিদৰূপে সন্মানীয় খেলৰত্ন লাভ কৰা লাভলিনা পেৰিছ অলিম্পিকতো দেশৰ অন্যতম পদক প্ৰত্যাশী এথলীট৷ 

ক্ৰমাগত চাৰিখন অলিম্পিকলৈ অসমৰ বক্সাৰ প্ৰেৰণ কৰি স্বাভাৱিকতে উৎফুল্লিত ভাৰতীয় বক্সিং ফেডাৰেছনৰো সচিব প্ৰধানৰ দয়িত্বত থকা হেমন্ত কুমাৰ কলিতাই লগতে আশা ব্যক্ত কৰে যে এইবাৰ পেৰিছত লাভলিনাৰ লগতে ভাৰতৰ অন্য বক্সাৰেও পদক জয় কৰিব৷ স্মৰ্তব্য যে আসন্ন অলিম্পিকত লাভলিনাৰ লগতে ছগৰাকী ভাৰতীয় বক্সাৰে দেশক প্ৰতিনিধিত্ব কৰিব৷ বিশ্ব চেম্পিয়নশ্বিপত সোণ লাভ কৰা নিখাত জাৰিন, প্ৰীতি, কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অমিত পাংগল তথা জেচমিন আৰু নিশান্ত দেবে পেৰিছৰ বক্সিং ৰিঙত নামিব৷ ইতিমধ্যে ২০০৮ ত বীজেন্দৰ সিং, ২০১২ ত এম চি মেৰীকম আৰু ২০২০ ত লাভলিনাৰ জড়িয়তে ভাৰতীয় বক্সাৰে দেশক তিনিখন অলিম্পিক পদক দিবলৈ সক্ষম হৈছে৷

কালি মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ অনুষ্ঠানত সম্পাদক কলিতাৰ লগতে উপস্থিত থাকে অসম অলিম্পিকৰ দুই জ্যেষ্ঠ সদস্য কল্যান গগৈ, বানীব্ৰত দাস আৰু অসম বক্সিঙৰ যুটীয়া সম্পাদক অশোক বৰুৱা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ