--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে টেষ্ট ক্ৰিকেটত এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ষ্ট’কে গেৰী ছ’বাৰ্ছ, জেক কালিছক স্পৰ্শ কৰিছিল।

ষ্ট’কছে ৰেড বল ক্ৰিকেটত নজিৰ গঢ়ি তুলিছিল বিশ্বৰ তৃতীয় অল-ৰাউণ্ডাৰ হিচাপে। শুকুৰবাৰে টেষ্ট ক্ৰিকেটত ৬০০০ ৰান সংগ্ৰহ কৰি ২০০ উইকেট দখল কৰে। ছ’বাৰ্ছ আৰু কালিছৰ বাহিৰে আন কাৰোৰে সেই কৃতিত্ব নাছিল। ইতিমধ্যে টেষ্টত ৬০০০ ৰান সম্পূৰ্ণ কৰিছিল ষ্ট’কে। ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছত ক্ৰিক মেকেঞ্জীক আউট কৰি টেষ্ট ক্ৰিকেটত ষ্ট’কে ২০০ উইকেট সম্পূৰ্ণ কৰে। লৰ্ডছ টেষ্টৰ পাছত ইংলেণ্ডৰ অধিনায়কগৰাকীয়ে ৬৩২০টা টেষ্ট ৰাণ আৰু ২০১টা টেষ্ট উইকেট লাভ কৰিছে।

ৱেষ্ট ইণ্ডিজ ছ’বাৰ্ছে ৯৩খন টেষ্টত ৮০৩২ ৰান সংগ্ৰহ কৰে। তেওঁৰ ২৩৫টা উইকেট আছে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ কালিছে ১৬৬ খন টেষ্ট খেলি ১৩,২৮৯ ৰান সংগ্ৰহ কৰি ২৯২ টা উইকেট দখল কৰে। ১০৩খন টেষ্টত দুগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ আদৰ্শ স্পৰ্শ কৰিলে ষ্ট’কে।

লৰ্ডছ টেষ্টত ষ্ট’কছে আন এক নজিৰ গঢ়ি তুলিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো ১০ হাজাৰ ৰান আৰু ৩০০ উইকেট দখল কৰাৰ নজিৰ গঢ়ি তুলিছে। কালিছৰ বাহিৰেও কাৰ্ল হুপাৰ, ছানাথ জয়সূৰিয়া, শ্বাহিদ আফ্ৰিদি, চাকিব আল হাছানৰ এই নজিৰ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ