--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে টেষ্ট ক্ৰিকেটত এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ষ্ট’কে গেৰী ছ’বাৰ্ছ, জেক কালিছক স্পৰ্শ কৰিছিল।

ষ্ট’কছে ৰেড বল ক্ৰিকেটত নজিৰ গঢ়ি তুলিছিল বিশ্বৰ তৃতীয় অল-ৰাউণ্ডাৰ হিচাপে। শুকুৰবাৰে টেষ্ট ক্ৰিকেটত ৬০০০ ৰান সংগ্ৰহ কৰি ২০০ উইকেট দখল কৰে। ছ’বাৰ্ছ আৰু কালিছৰ বাহিৰে আন কাৰোৰে সেই কৃতিত্ব নাছিল। ইতিমধ্যে টেষ্টত ৬০০০ ৰান সম্পূৰ্ণ কৰিছিল ষ্ট’কে। ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছত ক্ৰিক মেকেঞ্জীক আউট কৰি টেষ্ট ক্ৰিকেটত ষ্ট’কে ২০০ উইকেট সম্পূৰ্ণ কৰে। লৰ্ডছ টেষ্টৰ পাছত ইংলেণ্ডৰ অধিনায়কগৰাকীয়ে ৬৩২০টা টেষ্ট ৰাণ আৰু ২০১টা টেষ্ট উইকেট লাভ কৰিছে।

ৱেষ্ট ইণ্ডিজ ছ’বাৰ্ছে ৯৩খন টেষ্টত ৮০৩২ ৰান সংগ্ৰহ কৰে। তেওঁৰ ২৩৫টা উইকেট আছে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ কালিছে ১৬৬ খন টেষ্ট খেলি ১৩,২৮৯ ৰান সংগ্ৰহ কৰি ২৯২ টা উইকেট দখল কৰে। ১০৩খন টেষ্টত দুগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ আদৰ্শ স্পৰ্শ কৰিলে ষ্ট’কে।

লৰ্ডছ টেষ্টত ষ্ট’কছে আন এক নজিৰ গঢ়ি তুলিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো ১০ হাজাৰ ৰান আৰু ৩০০ উইকেট দখল কৰাৰ নজিৰ গঢ়ি তুলিছে। কালিছৰ বাহিৰেও কাৰ্ল হুপাৰ, ছানাথ জয়সূৰিয়া, শ্বাহিদ আফ্ৰিদি, চাকিব আল হাছানৰ এই নজিৰ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু