--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব অপৰাধৰ ইতিহাসত এক কলংকিত নাম চাৰ্লছ শোভৰাজ৷ কুৰিগৰাকীতকৈও অধিক সুন্দৰী মহিলা-যুৱতীক হত্যা কৰি পাশৱিক তৃপ্তি লাভ কৰা শোভৰাজক শেহতীয়াকৈ নেপালৰ কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে৷ ১৯ বছৰীয়া কাৰাবন্দিত্বৰ পৰা মুক্ত হৈয়েই শোভৰাজে ফ্ৰান্সৰ পেৰিছত উপস্থিত হৈছে৷ কুখ্যাত চিৰিয়েল কিলাৰজনক নেপালৰ উচ্চতম ন্যায়ালয়ে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল। 


আদালতৰ আদেশ পালন কৰি শুক্ৰবাৰে ফ্ৰান্সলৈ যোৱা বিমানত তেওঁক তুলি দিয়া হৈছিল৷১৯৭০ ৰ দশকৰ আৰম্ভণিতে আৰু ১৯৮০ ৰ দশকৰ আৰম্ভণিতে থাইলেণ্ডকে ধৰি বিভিন্ন দেশত বহু মহিলা পৰ্যটকক হত্যা কৰিছিল শোভৰাজে। হত্যাৰ বলি হোৱা  বেছিভাগ ভুক্তভোগীয়েই বিকিনি পিন্ধি আছিল। হত্যাৰ প্ৰকৃতি দেখি শোভৰাজক 'বিকিনি কিলাৰ' বুলি কোৱা হৈছিল। 


সেই সময়ত শোভৰাজ বিশ্বত নাৰীৰ বাবে  সন্ত্ৰাসত পৰিণত হৈছিল।সেই শোভৰাজেই এতিয়া ফ্ৰান্সত গৈ উপস্থিত হৈছে৷ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতে শোভৰাজে সাংবাদিকক কৈছিল "বৰ ভাল লাগিছে। বহু কাম কৰিবলৈ বাকী আছে, এতিয়া সেইবোৰ কৰিব লাগিব। মই বহুতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগিব। নেপাল চৰকাৰৰ বিৰুদ্ধেও মই  গোচৰ ৰুজু কৰিম।" শোভৰাজে কৰিবলগীয়া বহু কাম আছে বুলি কোৱা কথাষাৰে এতিয়া আতংকিত কৰি তুলিছে ফ্ৰান্সৰ সুনন্দৰী মহিলা-যুৱতীসকলক৷ নেপালৰ চৰকাৰে পুনৰ কিবা অঘটন ঘটাৰ আশংকা কৰিয়েই অহা ১০ বছৰলৈ শোভৰাজক নেপালত প্ৰৱেশত বাধা আৰোপ কৰি থৈছে৷ কিন্তু বিকিনি কিলাৰ যে এতিয়া ফ্ৰান্সত! সেয়ে ফ্ৰান্সৰ মহিলা-যুৱতী আতংকিত হোৱাৰ কথাই৷ বাৰ-পাব, ৰেষ্টুৰেণ্ট, বীচ সকলোতে এতিয়া ফ্ৰান্সৰ মহিলা-যুৱতীয়ে ফুচফুচাই শোভৰাজৰ কথাই পাতিছে৷ কেতিয়া কোন সুনন্দীৰ জীৱনলৈ অমানিশা নমাই আনে শোভৰাজে তাৰ কোনো ঠিক নাই৷ 


জানিব পৰা মতে ফ্ৰান্সৰ চৰকাৰেও শোভৰাজৰ ওপৰত চোকা দৃষ্টি ৰাখিছে৷ উল্লেখ্য চিৰিয়েল কিলাৰ শোভৰাজৰ  জীৱনৰ ওপৰত ভিত্তি কৰি নেটফ্লিক্স আৰু বিবিচিয়ে 'দ্য চাৰ্পন্ট' নামৰ এটা ৱেব চিৰিজও মুকলি কৰিছে। সেয়া চায়ো মহিলা-যুৱতীসকলৰ ভয় আৰু বাঢ়িছে৷ ১৯৭৫ চনত কাঠমাণ্ডুত দুজন উত্তৰ আমেৰিকাৰ পৰ্যটকক হত্যাৰ অভিযোগত  নেপালৰ আদালতে শোভৰাজক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ড বিহিছিল। ২০০৩ চনত ফ্ৰান্সৰ পৰা নেপাললৈ উভতি অহাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰে পৰা তেওঁ প্ৰায় ১৯  বছৰ ধৰি নেপালৰ কাৰাগাৰত আছিল। ন্যায়াধীশ স্বপ্না প্ৰধান মাল্লা আৰু তিলক প্ৰসাদ শ্ৰেষ্ঠৰ বিচাৰপীঠে ২১ ডিচেম্বৰত ৭৮ বছৰীয়া ফৰাচী নাগৰিকজনক কাৰাগাৰৰ পৰা মুকলি কৰাৰ নিৰ্দেশ দিছিল।


তাৰ পিছতে কাটাৰ এয়াৰৱেজৰ বিমান 'কিউআৰ ৬৪৭'ৰে শোভৰাজ গৈ উপস্থিত হৈছে ফ্ৰান্সত৷  শোভৰাজ আৰু তেওঁৰ সহযোগী অজয় চৌধুৰীয়ে ১৯৭৫ চনত তেওঁলোকৰ প্ৰথম হত্যাকাণ্ডটো সংঘটিত কৰিছিল। বেছিভাগ ভুক্তভোগীয়েই মৃত্যুৰ আগতেশোভৰাজৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল৷ শোভৰাজৰ  প্ৰথম চিকাৰ  আছিল ছিটলৰ এগৰাকী যুৱতী টেৰেছা নোল্টন ৷ টেৰেছাৰ মৃতদেহ  থাইলেণ্তত পানীত  ডুব গৈ থকা  অৱস্থাত পোৱা গৈছিল, তেওঁ পিন্ধি আছিল বিকিনি ৷ 

পৰৱৰ্তী সময়ত শোভৰাজৰ  গন্তব্য স্থান আছিল বাৰাণসী ৷  বাৰানসীত তেওঁ ইজৰাইলী মহিলা  এভনি জেকবক হত্যা কৰিছিল। ইয়াৰ পিছতে শোভৰাজৰ হত্যাৰ বলি হৈছিল কমেও ২০ গৰাকী মহিলা-যুৱতী৷ মৃতাসকলোৱেই পিন্ধি আছিল বিকিনি!









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ