--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ নছৰুল্লাহৰ আৰু ভাৰতৰ পৰা অহা অঞ্জু প্ৰসাদৰ প্ৰেম গঢ় লৈ উঠিছিল ফেচবুকৰ জড়িয়তে । পাকিস্তানত থকা প্ৰেমিকক লগ পাবলৈয়েই ভাৰতীয় মহিলা  অঞ্জু যাদৱে  পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।   সেইমৰ্মে তেওঁ পাকিস্তান ভ্ৰমণৰ অনুমতি বিচাৰি   আবেদনো কৰিছিল। তেওঁ অনুমতি লাভো কৰিছিল।  অঞ্জু-নাছৰুল্লাহৰ প্ৰেম কাহিনীয়ে এতিয়া  সীমান্ত পাৰ হৈ বহুতৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

 অঞ্জু-নছৰুল্লাহ প্ৰেম কাহিনী ছচিয়েল মিডিয়াত আৰম্ভ হৈছিল  ফেচবুক বন্ধুত্বৰ জড়িয়তে।   তেওঁলোকৰ মাজত দূৰত্ব থকা স্বত্বেও  তেওঁলোকৰ ভাৰ্চুৱেল সংযোগ অধিক শক্তিশালী হৈ উঠিছিল। সেই বাবেই প্ৰেমিকক লগ পাবলৈ অঞ্জুৱে ইতিমধ্যে পাকিস্তান ভ্ৰমণৰ অনুমতিৰ বাবে আবেদন কৰিছিল। তেওঁৰ  আবেদন খন ২১ জুনত দাখিল কৰা হৈছিল। ইয়াৰ কিছুদিন পিছতে ২১ জুলাইত ভাৰতীয় যুৱতীগৰাকীয়ে পাকিস্তানত প্ৰৱেশ কৰে। 

অঞ্জুৱে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত বাস কৰা নছৰুল্লাহক লগ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিছিল। নছৰুল্লাহই চিকিৎসা বৃত্তিৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। নিজৰ জন্মভূমি এৰি তেওঁ  এক দুঃসাহসিক অভিযান আৰম্ভ কৰিছিল । অঞ্জু-নছৰুল্লাহ প্ৰেমকাহিনীয়ে নিৰাপত্তা সংস্থাসমূহৰো দৃষ্টি আকৰ্ষণ কৰিছে।  তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে তদন্তও সেয়ে আৰম্ভ হৈছে। অঞ্জুৱে আলৱাৰৰ ভিৱাড়ীৰ এটা ব্যক্তিগত কোম্পানীত ডাটা-এণ্ট্ৰি অপাৰেটৰ হিচাপে কাম কৰিছিল । 

অঞ্জুৰ বিয়াও হৈছিল আন এজন লোকৰ সৈতে। অঞ্জুৰ স্বামী অৰবিন্দ কুমাৰে কয়  যে  তিনি বছৰ আগতে অঞ্জুৱে পাছপোৰ্ট পাইছিল আৰু কৈছিল যে কামৰ বাবে আন দেশত সুযোগ বিচাৰিবলৈ  সেয়া  প্ৰয়োজন হৈছে। অঞ্জুৱে পাকিস্তানী যুৱক জনৰ ঘৰত গৈ উপল্থিত হোৱা বুলি পাক আৰক্ষীয়ে সংবাদমাধ্যমক জানিবলৈ দিছে। অঞ্জুৱে এমাহৰ বাবেহে তেওঁৰ প্ৰেমিকৰ সৈতে তাত থাকিব আৰু তাৰ পিছতে তেওঁ পুনৰ ভাৰতলৈ উভতি আহিব বুলি জানিব পৰা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস