--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ নছৰুল্লাহৰ আৰু ভাৰতৰ পৰা অহা অঞ্জু প্ৰসাদৰ প্ৰেম গঢ় লৈ উঠিছিল ফেচবুকৰ জড়িয়তে । পাকিস্তানত থকা প্ৰেমিকক লগ পাবলৈয়েই ভাৰতীয় মহিলা  অঞ্জু যাদৱে  পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।   সেইমৰ্মে তেওঁ পাকিস্তান ভ্ৰমণৰ অনুমতি বিচাৰি   আবেদনো কৰিছিল। তেওঁ অনুমতি লাভো কৰিছিল।  অঞ্জু-নাছৰুল্লাহৰ প্ৰেম কাহিনীয়ে এতিয়া  সীমান্ত পাৰ হৈ বহুতৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

 অঞ্জু-নছৰুল্লাহ প্ৰেম কাহিনী ছচিয়েল মিডিয়াত আৰম্ভ হৈছিল  ফেচবুক বন্ধুত্বৰ জড়িয়তে।   তেওঁলোকৰ মাজত দূৰত্ব থকা স্বত্বেও  তেওঁলোকৰ ভাৰ্চুৱেল সংযোগ অধিক শক্তিশালী হৈ উঠিছিল। সেই বাবেই প্ৰেমিকক লগ পাবলৈ অঞ্জুৱে ইতিমধ্যে পাকিস্তান ভ্ৰমণৰ অনুমতিৰ বাবে আবেদন কৰিছিল। তেওঁৰ  আবেদন খন ২১ জুনত দাখিল কৰা হৈছিল। ইয়াৰ কিছুদিন পিছতে ২১ জুলাইত ভাৰতীয় যুৱতীগৰাকীয়ে পাকিস্তানত প্ৰৱেশ কৰে। 

অঞ্জুৱে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত বাস কৰা নছৰুল্লাহক লগ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিছিল। নছৰুল্লাহই চিকিৎসা বৃত্তিৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। নিজৰ জন্মভূমি এৰি তেওঁ  এক দুঃসাহসিক অভিযান আৰম্ভ কৰিছিল । অঞ্জু-নছৰুল্লাহ প্ৰেমকাহিনীয়ে নিৰাপত্তা সংস্থাসমূহৰো দৃষ্টি আকৰ্ষণ কৰিছে।  তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে তদন্তও সেয়ে আৰম্ভ হৈছে। অঞ্জুৱে আলৱাৰৰ ভিৱাড়ীৰ এটা ব্যক্তিগত কোম্পানীত ডাটা-এণ্ট্ৰি অপাৰেটৰ হিচাপে কাম কৰিছিল । 

অঞ্জুৰ বিয়াও হৈছিল আন এজন লোকৰ সৈতে। অঞ্জুৰ স্বামী অৰবিন্দ কুমাৰে কয়  যে  তিনি বছৰ আগতে অঞ্জুৱে পাছপোৰ্ট পাইছিল আৰু কৈছিল যে কামৰ বাবে আন দেশত সুযোগ বিচাৰিবলৈ  সেয়া  প্ৰয়োজন হৈছে। অঞ্জুৱে পাকিস্তানী যুৱক জনৰ ঘৰত গৈ উপল্থিত হোৱা বুলি পাক আৰক্ষীয়ে সংবাদমাধ্যমক জানিবলৈ দিছে। অঞ্জুৱে এমাহৰ বাবেহে তেওঁৰ প্ৰেমিকৰ সৈতে তাত থাকিব আৰু তাৰ পিছতে তেওঁ পুনৰ ভাৰতলৈ উভতি আহিব বুলি জানিব পৰা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে