--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰৰ পাটনাত বুধবাৰে একপক্ষীয় প্ৰেমৰ সম্পৰ্কক জোৰকৈ আদায় কৰাৰ নামত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। এজন যুৱকে আগবঢ়োৱা প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই পথৰ মাজতে গুলীত ধৰাশায়ী হ'বলগীয়া হৈছে এগৰাকী কিশোৰী। পাটনাৰ ইন্দ্ৰপুৰী অঞ্চলত সংঘটিত হৈছে এই নাৰকীয় ঘটনা। সম্প্ৰতি এই ঘটনাই তোলপাৰ লগাইছে সমগ্ৰ বিহাৰতে।

ঘটনা সম্পৰ্কে প্ৰকাশিত খবৰ অনুসৰি নৱম শ্ৰেণীত অধ্যয়নৰত ১৫ বছৰীয়া কিশোৰীগৰাকীক এগৰাকী যুৱকে কিছুদিনৰ পৰা আগবঢ়াই আহিছিল প্ৰেমৰ প্ৰস্তাৱ। কিন্তু কিশোৰী গৰাকীয়ে বাৰে বাৰে অগ্ৰাহ্য কৰি আহিছিল যুৱকজনৰ প্ৰেম প্ৰস্তাৱ। ইয়াতেই ক্ষুদ্ধ হৈ প্ৰেম প্ৰত্যাশী যুৱকজনে পথৰ মাজতে গুলীয়াই হত্যাৰ চেষ্টা চলালে কিশোৰী গৰাকীক।

ইফালে যুৱকজনে কিশোৰী গৰাকীক কৰা এই ভয়াৱহ আক্ৰমণৰ সমগ্ৰ দৃশ্য বন্দী হয় ঘটনাস্থলীৰ কাষতে থকা এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ চিচিটিভি কেমেৰাত। ইফালে এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষীৰ এটা দল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বুধবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত চিপাৰাৰ ইন্দ্ৰপুৰী অঞ্চলত কিশোৰীগৰাকী এক প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা উভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ পিছত প্ৰেমৰ সম্পৰ্কৰ পৰিণামতে এই ঘটনা সংঘটিত হয় বুলি প্ৰকাশ কৰিছে।

সম্প্ৰতি ভাইৰেল হৈ পৰা চিচিটিভি ফুটেজটোত যুৱকজনে আক্ৰমণৰ বলি হতৱা কিশোৰী গৰাকীক অনুসৰণ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু যুৱকজনক আওকাণ কৰি কিশোৰী গৰাকীয়ে আগলৈ গুছি যোৱাৰ সময়তে যুৱকজনে বেগৰ পৰা এটা বন্দুক উলিয়াই কিশোৰী গৰাকীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে।

এই গুলীয়ে কিশোৰীগৰাকীৰ ডিঙিত আঘাত কৰে। গুলীৰ আঘাতত ঠাইতে ঢলি পৰে। লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী যুৱকজন। আনহাতে গুলীবিদ্ধ কিশোৰী গৰাকীৰ বৰ্তমান সংকটজনক আৰু এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

এই সমগ্ৰ ঘটনাটো একপক্ষীয় প্ৰেমৰে পৰিণতি বুলি আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ পিছত প্ৰকাশ কৰে যদিও বৰ্তমান চিকিৎসাধীন হৈ থকা কিশোৰী গৰাকীৰ বক্তব্য লিপিবদ্ধ কৰাৰ পিছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি উল্লেখ কৰে। আনহাতে আৰক্ষীয়ে চিচিটিভি ফুটেজৰ আধাৰত অভিযুক্তজনক চিনাক্ত কৰিছে যদিও তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

বৰ্তমান আৰক্ষীয়ে পলাতক যুৱকজনৰ সন্ধান অভিযান অব্যাহত ৰাখিছে। যুৱকজনৰ সন্ধান লাভ কৰিলেই বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে আৰক্ষীৰ বিষয়ববীয়াসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু