--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভোগবাদী পৃথিৱীখনত কেৱল মাত্ৰ অৰ্থ উপাৰ্জনৰ এক যুঁজত নামি পৰিছে প্ৰতিগৰাকী ব্যক্তি। অধিক অৰ্থ উপাৰ্জনৰ বাবে সমাজৰ বিভিন্নজন ব্যক্তিয়ে বিভিন্ন পথ হাতত লৈছে। কোনোবা হয়তো এই যুঁজত আশাশত হৈছে বা আন কোনোজনে লাভ কৰিছে অপাৰ সফলতা। এইদৰে অধিক উপাৰ্জনৰ লালসাত বহু লোকে বিধিনিষিদ্ধ তথা আইন বিৰোধী পথো বাছি লয়। এনে এক পথ অৱলম্বন কৰিয়ে বিপদত পৰিছে উৰিষ্যাৰ এগৰাকী লোক।

উৰিষ্যাৰ গঞ্জাম জিলাৰ এই ব্যক্তিগৰাকীয়ে জীৱিকা নিৰ্বাহৰ বাবে এখন পাচলিৰ দোকান দিয়ে। পিছে দোকানখনৰ উপাৰ্জন পৰ্যাপ্ত নহয় ব্যক্তিগৰাকীৰ বাবে। গতিকে অধিক উপাৰ্জনৰ বাবে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী প্ৰক্ৰিয়াতো নামি পৰে ব্যক্তিজন।

পাচলি বিক্ৰীৰ আঁৰত ব্যক্তিগৰাকীয়ে প্ৰশাসনৰ চকুত ধূলি দি চলাই আহিছিল নিচাজাতীয় সামগ্ৰীৰ এনে এক ৰমৰমীয়া বেহা। পিছে এক গোপন সূত্ৰৰ জৰিয়তে আবকাৰী বিভাগে এই বিষয়ে সম্ভেদ লাভ কৰে আৰু স্থানীয় গোলানথাৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ভাস্কৰ ডোৰাৰ পাচলিৰ দোকানত অভিযান চলায়।

অভিযানৰ পাছতে উপ-আবকাৰী আয়ুক্ত এ কে শতপতিয়ে জানিবলৈ দিয়া মতে তালাচীৰ সময়ত দলটোৱে প্ৰায় ১০১ গ্ৰাম ব্ৰাউন চুগাৰ, ১০০ গ্ৰাম আফিম আৰু বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। আন্তৰ্জাতিক বজাৰত এই সামগ্ৰী সমূহৰ দৰ প্ৰায় ১৩ লাখ টকা হ’ব বুলি আবকাৰী বিভাগে জানিবলৈ দিছে।

এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰৰ পাছতে অভিযুক্ত পাচলি বিক্ৰেতা গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। স্থানীয় আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে ৪০ বছৰীয়া এই সন্দেহজনক ব্যক্তিজনে হয়তো ড্ৰাগছ সৰবৰাহকাৰীসকলৰ পৰা নিচাজাতীয় দ্ৰব্য সংগ্ৰহ কৰিছিল আৰু পাচলি বিক্ৰেটাৰৰ ছদ্মবেশত খুচুৰা বজাৰত বিক্ৰী কৰিছিল।

বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়া মতে পাচলি বিক্ৰেতাগৰাকীয়ে ড্ৰাগছ ক্ৰয় কৰা মূল উৎস আৰু তেওঁৰ পৰা ড্ৰাগছ ক্ৰয় কৰা ক্ৰেতাসকলৰ বিষয়ে অনুসন্ধান চলাই থকা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ