--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভোগবাদী পৃথিৱীখনত কেৱল মাত্ৰ অৰ্থ উপাৰ্জনৰ এক যুঁজত নামি পৰিছে প্ৰতিগৰাকী ব্যক্তি। অধিক অৰ্থ উপাৰ্জনৰ বাবে সমাজৰ বিভিন্নজন ব্যক্তিয়ে বিভিন্ন পথ হাতত লৈছে। কোনোবা হয়তো এই যুঁজত আশাশত হৈছে বা আন কোনোজনে লাভ কৰিছে অপাৰ সফলতা। এইদৰে অধিক উপাৰ্জনৰ লালসাত বহু লোকে বিধিনিষিদ্ধ তথা আইন বিৰোধী পথো বাছি লয়। এনে এক পথ অৱলম্বন কৰিয়ে বিপদত পৰিছে উৰিষ্যাৰ এগৰাকী লোক।

উৰিষ্যাৰ গঞ্জাম জিলাৰ এই ব্যক্তিগৰাকীয়ে জীৱিকা নিৰ্বাহৰ বাবে এখন পাচলিৰ দোকান দিয়ে। পিছে দোকানখনৰ উপাৰ্জন পৰ্যাপ্ত নহয় ব্যক্তিগৰাকীৰ বাবে। গতিকে অধিক উপাৰ্জনৰ বাবে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী প্ৰক্ৰিয়াতো নামি পৰে ব্যক্তিজন।

পাচলি বিক্ৰীৰ আঁৰত ব্যক্তিগৰাকীয়ে প্ৰশাসনৰ চকুত ধূলি দি চলাই আহিছিল নিচাজাতীয় সামগ্ৰীৰ এনে এক ৰমৰমীয়া বেহা। পিছে এক গোপন সূত্ৰৰ জৰিয়তে আবকাৰী বিভাগে এই বিষয়ে সম্ভেদ লাভ কৰে আৰু স্থানীয় গোলানথাৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ভাস্কৰ ডোৰাৰ পাচলিৰ দোকানত অভিযান চলায়।

অভিযানৰ পাছতে উপ-আবকাৰী আয়ুক্ত এ কে শতপতিয়ে জানিবলৈ দিয়া মতে তালাচীৰ সময়ত দলটোৱে প্ৰায় ১০১ গ্ৰাম ব্ৰাউন চুগাৰ, ১০০ গ্ৰাম আফিম আৰু বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। আন্তৰ্জাতিক বজাৰত এই সামগ্ৰী সমূহৰ দৰ প্ৰায় ১৩ লাখ টকা হ’ব বুলি আবকাৰী বিভাগে জানিবলৈ দিছে।

এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰৰ পাছতে অভিযুক্ত পাচলি বিক্ৰেতা গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। স্থানীয় আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে ৪০ বছৰীয়া এই সন্দেহজনক ব্যক্তিজনে হয়তো ড্ৰাগছ সৰবৰাহকাৰীসকলৰ পৰা নিচাজাতীয় দ্ৰব্য সংগ্ৰহ কৰিছিল আৰু পাচলি বিক্ৰেটাৰৰ ছদ্মবেশত খুচুৰা বজাৰত বিক্ৰী কৰিছিল।

বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়া মতে পাচলি বিক্ৰেতাগৰাকীয়ে ড্ৰাগছ ক্ৰয় কৰা মূল উৎস আৰু তেওঁৰ পৰা ড্ৰাগছ ক্ৰয় কৰা ক্ৰেতাসকলৰ বিষয়ে অনুসন্ধান চলাই থকা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু