--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ বয়স এতিয়া ৫২ বছৰ। কিন্তু এতিয়াও অবিবাহিত হৈয়েই কটাইছে জীৱন। কেতিয়ালৈ পাতিব বিয়া ৰাহুল গান্ধীয়ে?

ৰাহুল গান্ধীয়ে তেওঁৰ প্ৰায় দুটা দশকৰ ৰাজনৈতিক কেৰিয়াৰত বহুবাৰ এই ব্যক্তিগত প্ৰশ্নৰ সন্মুখীন হৈছে। সদায় এই প্ৰশ্নটোত হাঁহি মাৰি প্ৰশ্নটোৰ ফালৰি কাটি আহে তেওঁ। তেওঁ কৈ আহিছে যে তেওঁৰ জীৱনত "কোনো বিশেষ" নাই। কংগ্ৰেছৰ সাংসদজনে এবাৰ কৈছিল- "যদি মই মোৰ মনে বিচৰা পাত্ৰী পাওঁ, তেন্তে বিয়া পাতিম।’’

ৰাহুলে ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা তেওঁৰ 'ভাৰত জোড়ো যাত্ৰা' আৰম্ভ কৰিছিল। এই কাৰ্যসূচীৰ প্ৰতি ভাল সঁহাৰি লাভ কৰিছে তেওঁ। সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহে ৰাহুলৰ সৈতে খোজ কাঢ়িছে।

যাত্ৰাকালতে ৰাহুলেও ব্যক্তিগত প্ৰশ্নৰো সন্মুখীন হৈছে। কেইদিনমান আগতে তেওঁ তেওঁ কেনে ধৰণৰ যুৱতী ভাল পায় সেই বিষয়ে মুখ খুলিছিল। ৰাহুলে হাঁহি এটা মাৰি এই বিষয়ে কৈছিল।

'কাৰ্লি টেলছ'ক দিয়া এক সাক্ষাৎকাৰত ৰাহুলে বিবাহৰ বিষয়টোৰ বিষয়ে মুকলিকৈ কৈছিল। সোমবাৰে এই সাক্ষাৎকাৰ প্ৰকাশ হৈছিল। ৰাহুল গান্ধীয়ে  তাত কৈছে- "যেতিয়া মই সঠিক পাত্ৰী বিচাৰি পাম, তেতিয়াই বিয়া কৰাম।’’

ৰাহুলৰ মুখত এই কথা শুনি প্ৰশ্নকৰ্তাই সুধিলে, "আপুনি কেনে ধৰণৰ যুৱতী ভাল পায় তাৰ এখন তালিকা আছে নেকি?" সাংসদজনে উত্তৰ দিছিল, "নাই, কিন্তু তেওঁ এগৰাকী ভাল মানুহ হ'ব লাগিব। বুদ্ধিমান হ’ব লাগিব।’’ 

ইয়াৰ পূৰ্বেও 'ভাৰত জোড়ো যাত্ৰা'ৰ সময়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ৰাহুলেও এই সন্দৰ্ভত মুখ খুলিছিল। তেওঁ কৈছিল- "এইটো এটা অতি ধেমেলীয়া প্ৰশ্ন। মই এনে এগৰাকী মহিলা বাছনি কৰিম যাৰ মোৰ মাতৃ (ছোনিয়া গান্ধী) আৰু আইতা (ইন্দিৰা গান্ধী) দুয়োৰে গুণ থাকিব।’’

ইয়াৰ আগতে ২০১৮ চনত ৰাহুলক সোধা হৈছিল যে "কোনো বিশেষ ব্যক্তি আছে নেকি?" তেওঁ কৈছিল- "নহয়, কোনো বিশেষ নাই। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক