--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ বয়স এতিয়া ৫২ বছৰ। কিন্তু এতিয়াও অবিবাহিত হৈয়েই কটাইছে জীৱন। কেতিয়ালৈ পাতিব বিয়া ৰাহুল গান্ধীয়ে?

ৰাহুল গান্ধীয়ে তেওঁৰ প্ৰায় দুটা দশকৰ ৰাজনৈতিক কেৰিয়াৰত বহুবাৰ এই ব্যক্তিগত প্ৰশ্নৰ সন্মুখীন হৈছে। সদায় এই প্ৰশ্নটোত হাঁহি মাৰি প্ৰশ্নটোৰ ফালৰি কাটি আহে তেওঁ। তেওঁ কৈ আহিছে যে তেওঁৰ জীৱনত "কোনো বিশেষ" নাই। কংগ্ৰেছৰ সাংসদজনে এবাৰ কৈছিল- "যদি মই মোৰ মনে বিচৰা পাত্ৰী পাওঁ, তেন্তে বিয়া পাতিম।’’

ৰাহুলে ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা তেওঁৰ 'ভাৰত জোড়ো যাত্ৰা' আৰম্ভ কৰিছিল। এই কাৰ্যসূচীৰ প্ৰতি ভাল সঁহাৰি লাভ কৰিছে তেওঁ। সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহে ৰাহুলৰ সৈতে খোজ কাঢ়িছে।

যাত্ৰাকালতে ৰাহুলেও ব্যক্তিগত প্ৰশ্নৰো সন্মুখীন হৈছে। কেইদিনমান আগতে তেওঁ তেওঁ কেনে ধৰণৰ যুৱতী ভাল পায় সেই বিষয়ে মুখ খুলিছিল। ৰাহুলে হাঁহি এটা মাৰি এই বিষয়ে কৈছিল।

'কাৰ্লি টেলছ'ক দিয়া এক সাক্ষাৎকাৰত ৰাহুলে বিবাহৰ বিষয়টোৰ বিষয়ে মুকলিকৈ কৈছিল। সোমবাৰে এই সাক্ষাৎকাৰ প্ৰকাশ হৈছিল। ৰাহুল গান্ধীয়ে  তাত কৈছে- "যেতিয়া মই সঠিক পাত্ৰী বিচাৰি পাম, তেতিয়াই বিয়া কৰাম।’’

ৰাহুলৰ মুখত এই কথা শুনি প্ৰশ্নকৰ্তাই সুধিলে, "আপুনি কেনে ধৰণৰ যুৱতী ভাল পায় তাৰ এখন তালিকা আছে নেকি?" সাংসদজনে উত্তৰ দিছিল, "নাই, কিন্তু তেওঁ এগৰাকী ভাল মানুহ হ'ব লাগিব। বুদ্ধিমান হ’ব লাগিব।’’ 

ইয়াৰ পূৰ্বেও 'ভাৰত জোড়ো যাত্ৰা'ৰ সময়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ৰাহুলেও এই সন্দৰ্ভত মুখ খুলিছিল। তেওঁ কৈছিল- "এইটো এটা অতি ধেমেলীয়া প্ৰশ্ন। মই এনে এগৰাকী মহিলা বাছনি কৰিম যাৰ মোৰ মাতৃ (ছোনিয়া গান্ধী) আৰু আইতা (ইন্দিৰা গান্ধী) দুয়োৰে গুণ থাকিব।’’

ইয়াৰ আগতে ২০১৮ চনত ৰাহুলক সোধা হৈছিল যে "কোনো বিশেষ ব্যক্তি আছে নেকি?" তেওঁ কৈছিল- "নহয়, কোনো বিশেষ নাই। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
জানুৱাৰীত আকৌ আহিব প্রধানমন্ত্রী; মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং, স্থাপন কৰিব নামৰূপৰ নতুন সাৰ কাৰখানা, কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা
ৰাছিয়াৰ বৃহত্তম তেল শোধনাগাৰত ইউক্রেইনৰ ড্ৰ'নৰ আক্ৰমণ
বাংলাদেশত এই বছৰ ৩৩ সহস্রাধিক মণ্ডপত দুর্গা পূজা
অসমৰ প্ৰথমগৰাকী মহিলা পাইলট ধীৰা চলিহা হাজৰিকাই ৮৫ বছৰ বয়সত আকৌ এবাৰ উৰুৱালে বিমান
পুৱা উঠাৰ পৰা নিশা শোৱালৈকে জনতাই পাবGST সংস্কাৰৰ লাভ: নিৰ্মলা সীতাৰমণ
'আমাৰ মৃত্যুৰ বাবে আমি দায়ী'! ১৩ মহলাৰ পৰা জঁপিয়াই মাতৃ-পুত্ৰৰ চৰম সিদ্ধান্ত
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি