--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে মানুহে অসাধ্য সাধন কৰিবলৈও প্ৰস্তুত থাকে। প্ৰেমৰ বাবে কেতিয়াবা অসম্ভৱ কামো সম্ভৱ কৰিবলৈ তৎপৰ হৈ থাকে প্ৰেমিক-প্ৰেমিকা। এইখিনিতে এক প্ৰেমৰ ঘটনা পোহৰলৈ আহিছে, য'ত প্ৰেমিকাৰ বাবেই প্ৰেমিকে কৰিলে এক আচৰিত কাণ্ড। প্ৰেমিকা থাকে ছোৱালী হোষ্টেলত। এতিয়া লগ কৰে কেনেকৈ..কাৰণ ছোৱালীৰ হোষ্টেলত পুৰুষৰ প্ৰৱেশ নিষেধ। ইফালে প্ৰেম তুংগত উঠিছে। প্ৰেমিকাক লগ নকৰাকৈ থাকিব নোৱাৰা হ'ল প্ৰেমিক। প্ৰেমিকাক লগ কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবে প্ৰেমিকে চিন্তা কৰি উলিয়ালে এক বিশেষ পন্থা। ভবা মতেই কাম। প্ৰেমে হিয়া ফালি গৈ মূৰত ধৰিছেগৈ..গতিকে ধৈৰ্য ধৰা টান হৈ পৰিল প্ৰেমিকৰ বাবে। বোৰ্খা পৰিধান কৰি প্ৰেমিক সোমাল প্ৰেমিকাৰ হোষ্টেলত। পাছে ভাগ্যই লগ নিদিলে যুৱকজক।

হোষ্টেল কৰ্তৃপক্ষৰ চকুত ধৰা পৰি এতিয়া ৰঙা ঘৰৰ আলহী হৈছে দুৰ্দান্ত প্ৰেমিকজন। এই ঘটনা পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ। মাত্ৰ এসপ্তাহ পূৰ্বে ছ’চিয়েল মিডিয়াযোগে মুৰ্ছিদাবাদৰ গোৰাবাজাৰৰ যুৱতী এগৰাকীৰ সৈতে চিনাকি হৈছিল মেদিনীপুৰৰ যুৱকজন। এসপ্তাহৰ ভিতৰতে দুয়োৰে মাজত বন্ধুত্ব, প্ৰেম সকলো গঢ় লৈ উঠিল। কিন্তু হোৱা নাছিল দেখা-সাক্ষাৎ। দুয়ো দুয়োকে চাবৰ বাবে ব্যাকুল হৈ পৰিল। ছোৱালী হোষ্টেলত বাস কৰা প্ৰেমিকাক লগ কৰিবলৈ অৱশেষত এক বুদ্ধি পাঙিলে যুৱকজনে। যুৱকৰ বুদ্ধিত যুৱতীয়েও দিলে হয়ভৰ। 

বোৰ্খা পিন্ধি ছোৱালীৰ ভেশত যুৱকজনে প্ৰৱেশ কৰিলে হোষ্টেলৰ ভিতৰত। কিন্তু প্ৰেয়সীৰ কোঠাৰ দুৱাৰমুখত যেতিয়াই বোৰ্খা পৰিহিত প্ৰেমিকে জোতা খুলিবলৈ আৰম্ভ কৰে তেতিয়াই লাগিল গণ্ডগোল। বোৰ্খাৰ আঁৰত যে এজনী ছোৱালী নহয় বৰং যুৱকহে আছে সেই কথা জানিব পাৰি হোষ্টেলৰ আন আন আৱাসীসকলে চিঞৰ-বাখৰ লগালে। লগালগ হোষ্টেল কৰ্তৃপক্ষই যুৱকজনক ধৰি-বান্ধি উত্তম মাধ্যম শোধায়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক নিজৰ জিম্মাত লয়। এই ঘটনাই সকলোকে আমোদ দিছে যদিও ছোৱালী হোষ্টেলৰ নিৰাপত্তাৰ প্ৰসংগতো নানা প্ৰশ্ন উত্থাপন হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ