--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে মানুহে অসাধ্য সাধন কৰিবলৈও প্ৰস্তুত থাকে। প্ৰেমৰ বাবে কেতিয়াবা অসম্ভৱ কামো সম্ভৱ কৰিবলৈ তৎপৰ হৈ থাকে প্ৰেমিক-প্ৰেমিকা। এইখিনিতে এক প্ৰেমৰ ঘটনা পোহৰলৈ আহিছে, য'ত প্ৰেমিকাৰ বাবেই প্ৰেমিকে কৰিলে এক আচৰিত কাণ্ড। প্ৰেমিকা থাকে ছোৱালী হোষ্টেলত। এতিয়া লগ কৰে কেনেকৈ..কাৰণ ছোৱালীৰ হোষ্টেলত পুৰুষৰ প্ৰৱেশ নিষেধ। ইফালে প্ৰেম তুংগত উঠিছে। প্ৰেমিকাক লগ নকৰাকৈ থাকিব নোৱাৰা হ'ল প্ৰেমিক। প্ৰেমিকাক লগ কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবে প্ৰেমিকে চিন্তা কৰি উলিয়ালে এক বিশেষ পন্থা। ভবা মতেই কাম। প্ৰেমে হিয়া ফালি গৈ মূৰত ধৰিছেগৈ..গতিকে ধৈৰ্য ধৰা টান হৈ পৰিল প্ৰেমিকৰ বাবে। বোৰ্খা পৰিধান কৰি প্ৰেমিক সোমাল প্ৰেমিকাৰ হোষ্টেলত। পাছে ভাগ্যই লগ নিদিলে যুৱকজক।

হোষ্টেল কৰ্তৃপক্ষৰ চকুত ধৰা পৰি এতিয়া ৰঙা ঘৰৰ আলহী হৈছে দুৰ্দান্ত প্ৰেমিকজন। এই ঘটনা পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ। মাত্ৰ এসপ্তাহ পূৰ্বে ছ’চিয়েল মিডিয়াযোগে মুৰ্ছিদাবাদৰ গোৰাবাজাৰৰ যুৱতী এগৰাকীৰ সৈতে চিনাকি হৈছিল মেদিনীপুৰৰ যুৱকজন। এসপ্তাহৰ ভিতৰতে দুয়োৰে মাজত বন্ধুত্ব, প্ৰেম সকলো গঢ় লৈ উঠিল। কিন্তু হোৱা নাছিল দেখা-সাক্ষাৎ। দুয়ো দুয়োকে চাবৰ বাবে ব্যাকুল হৈ পৰিল। ছোৱালী হোষ্টেলত বাস কৰা প্ৰেমিকাক লগ কৰিবলৈ অৱশেষত এক বুদ্ধি পাঙিলে যুৱকজনে। যুৱকৰ বুদ্ধিত যুৱতীয়েও দিলে হয়ভৰ। 

বোৰ্খা পিন্ধি ছোৱালীৰ ভেশত যুৱকজনে প্ৰৱেশ কৰিলে হোষ্টেলৰ ভিতৰত। কিন্তু প্ৰেয়সীৰ কোঠাৰ দুৱাৰমুখত যেতিয়াই বোৰ্খা পৰিহিত প্ৰেমিকে জোতা খুলিবলৈ আৰম্ভ কৰে তেতিয়াই লাগিল গণ্ডগোল। বোৰ্খাৰ আঁৰত যে এজনী ছোৱালী নহয় বৰং যুৱকহে আছে সেই কথা জানিব পাৰি হোষ্টেলৰ আন আন আৱাসীসকলে চিঞৰ-বাখৰ লগালে। লগালগ হোষ্টেল কৰ্তৃপক্ষই যুৱকজনক ধৰি-বান্ধি উত্তম মাধ্যম শোধায়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক নিজৰ জিম্মাত লয়। এই ঘটনাই সকলোকে আমোদ দিছে যদিও ছোৱালী হোষ্টেলৰ নিৰাপত্তাৰ প্ৰসংগতো নানা প্ৰশ্ন উত্থাপন হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে