--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজি এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী  আদিত্যনাথৰ । বাৰাণসীৰ পৰা হেলিকপ্টাৰেৰে  উৰা মৰাৰ  পিছতে আদিত্যনাথ উঠি যোৱা হেলিকপ্টাৰ খনত  এটা চৰায়ে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

 এক ভয়ংকৰ দুৰ্ঘটনাৰ উমান পাই হেলিকপ্টাৰৰ পাইলটে  লগে লগে হেলিকপ্টাৰ খন জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয়। এই ঘটনাত মুখ্যমন্ত্ৰী আদিত্যনাথ কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে।

 পাইলটে হেলিকপ্টাৰ খনৰ অৱতৰণত সামান্য পলম কৰিলেই যোগী আদিত্যনাথৰ জীৱনলৈ ভাবুকি নামি আহিলহেঁতেন বুলি বহুতে মন্তব্য কৰিছে।এই ঘটনাৰ পিছতে আদিত্যনাথে  ৰাজ্য চৰকাৰৰ এখন বিমানত লক্ষ্ণৌলৈ যাত্ৰা কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰী কাৰ্যসূচীলৈ  বাৰাণসীলৈ আহিছিল। 


শনিবাৰে, বাৰাণসীত তেওঁ কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰিছিল। যোৱানিশা তেওঁ বাৰাণসীত কটোৱাৰ পিছত আজি পুৱা  লক্ষ্ণৌলৈ বুলি যাত্ৰা কৰিছিল। পৰিকল্পনা অনুসৰি তেওঁ  দেওবাৰে পুৱা বাৰাণসী আৰক্ষী লাইনৰ পৰা হেলিকপ্টাৰেৰে লক্ষ্ণৌলৈ উভতি যাব বিচাৰিছিল। 

কিন্তু যাত্ৰা আৰম্ভ কৰাৰ ক্ষন্তেক পিছতেই তেওঁ উঠি যোৱা হেলিকপ্টাৰত চৰায়ে খুন্দা মাৰে।অৱশ্যে পাইলটৰ বিচক্ষণতাৰ বাবেই যোগী আদিত্যনাথৰ প্ৰাণৰক্ষা পৰে। 

বাৰাণসীৰ জিলা দণ্ডাধীশ কৌশলৰাজ শৰ্মাই কয় যে চৰাইৰ খুন্দাৰ পিছতেই পাইলটজনে হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ কৰিবলৈ যি সিদ্ধান্ত লৈছিল সেয়া সঠিক সিদ্ধান্ত আছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু