--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজি এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী  আদিত্যনাথৰ । বাৰাণসীৰ পৰা হেলিকপ্টাৰেৰে  উৰা মৰাৰ  পিছতে আদিত্যনাথ উঠি যোৱা হেলিকপ্টাৰ খনত  এটা চৰায়ে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

 এক ভয়ংকৰ দুৰ্ঘটনাৰ উমান পাই হেলিকপ্টাৰৰ পাইলটে  লগে লগে হেলিকপ্টাৰ খন জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয়। এই ঘটনাত মুখ্যমন্ত্ৰী আদিত্যনাথ কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে।

 পাইলটে হেলিকপ্টাৰ খনৰ অৱতৰণত সামান্য পলম কৰিলেই যোগী আদিত্যনাথৰ জীৱনলৈ ভাবুকি নামি আহিলহেঁতেন বুলি বহুতে মন্তব্য কৰিছে।এই ঘটনাৰ পিছতে আদিত্যনাথে  ৰাজ্য চৰকাৰৰ এখন বিমানত লক্ষ্ণৌলৈ যাত্ৰা কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰী কাৰ্যসূচীলৈ  বাৰাণসীলৈ আহিছিল। 


শনিবাৰে, বাৰাণসীত তেওঁ কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰিছিল। যোৱানিশা তেওঁ বাৰাণসীত কটোৱাৰ পিছত আজি পুৱা  লক্ষ্ণৌলৈ বুলি যাত্ৰা কৰিছিল। পৰিকল্পনা অনুসৰি তেওঁ  দেওবাৰে পুৱা বাৰাণসী আৰক্ষী লাইনৰ পৰা হেলিকপ্টাৰেৰে লক্ষ্ণৌলৈ উভতি যাব বিচাৰিছিল। 

কিন্তু যাত্ৰা আৰম্ভ কৰাৰ ক্ষন্তেক পিছতেই তেওঁ উঠি যোৱা হেলিকপ্টাৰত চৰায়ে খুন্দা মাৰে।অৱশ্যে পাইলটৰ বিচক্ষণতাৰ বাবেই যোগী আদিত্যনাথৰ প্ৰাণৰক্ষা পৰে। 

বাৰাণসীৰ জিলা দণ্ডাধীশ কৌশলৰাজ শৰ্মাই কয় যে চৰাইৰ খুন্দাৰ পিছতেই পাইলটজনে হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ কৰিবলৈ যি সিদ্ধান্ত লৈছিল সেয়া সঠিক সিদ্ধান্ত আছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ