--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এক মডেলৰ আত্মহত্যা। পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ ভাড়াতীয়া ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মডেল। তিনিমাহৰ ভিতৰত কলকাতা মহানগৰীত এয়া মডেলৰ আত্মহত্যাৰ পঞ্চমটো ঘটনা। আৰক্ষীয়ে জনোৱা মতে, পূজা সৰকাৰ (২১) নামৰ যুৱতীগৰাকী উত্তৰ ২৪ পৰগনাছ জিলাৰ গোবৰদংগা মহাবিদ্যালয়ত অধ্যয়নৰত প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল আৰু দক্ষিণ কলকাতাৰ বাংসেদ্ৰাণী অঞ্চলৰ এটা ভাড়াতীয়া ফ্লেটত বাস কৰিছিল।

প্ৰাথমিক তদন্ত অনুসৰি শনিবাৰে সন্ধিয়া পূজা সৰকাৰে বান্ধৱীৰ সৈতে ৰেষ্টুৰেণ্টলৈ গৈছিল বুলি আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে। বান্ধৱীয়ে জনোৱা অনুসৰি তেওঁলোক ঘূৰি অহাৰ পাছত পূজাৰ মোবাইল ফোনলৈ মাজনিশা এটা ফোনকল আহিছিল। সেই ফোনকলটো পোৱাৰ পাছতেই পূজাই দৌৰি গৈ নিজৰ কোঠাৰ দুৱাৰ বন্ধ কৰি দিয়ে। বান্ধৱীগৰাকীয়ে বহু বাৰ অনুৰোধ কৰাৰ পাছতো পূজাই দুৱাৰ খুলি নিদিলে। বান্ধৱীয়ে ভয় খাই অৱশেষত আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পাছতেই আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পূজা সৰকাৰক কোঠাটোত চিপ লৈ ওলমি থকা দেখিবলৈ পায়। 

ততাতৈয়াকৈ তেওঁক এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এই গোচৰত আৰক্ষীয়ে পূজাৰ প্ৰেমিকক সোধা-পোছা কৰিছে। বান্ধৱীগৰাকীয়ে জনায় যে মৃত্যুৰ পূৰ্বে পূজাৰ প্ৰেমিকে তেওঁক লগ কৰিবলৈ ফোন কৰিছিল। অৱশ্যে আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে। তেওঁৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বিষয়টোৰ জোৰদাৰ তদন্তত নামি পৰিছে আৰক্ষী। মৃতগৰাকীৰ পৰিয়ালে দাবী কৰিছে যে তেওঁৰ প্ৰেমিক গোবৰদঙাত থাকে। উল্লেখযোগ্য যে মে’ মাহত কলকাতাৰ মডেল পল্লবী দে, বিদিশা ডি মজুমদাৰ, মঞ্জুষা নিয়োগী, সৰস্বতী দাসে চিপ লৈ আত্মহত্যা কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ