--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এক মডেলৰ আত্মহত্যা। পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ ভাড়াতীয়া ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মডেল। তিনিমাহৰ ভিতৰত কলকাতা মহানগৰীত এয়া মডেলৰ আত্মহত্যাৰ পঞ্চমটো ঘটনা। আৰক্ষীয়ে জনোৱা মতে, পূজা সৰকাৰ (২১) নামৰ যুৱতীগৰাকী উত্তৰ ২৪ পৰগনাছ জিলাৰ গোবৰদংগা মহাবিদ্যালয়ত অধ্যয়নৰত প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল আৰু দক্ষিণ কলকাতাৰ বাংসেদ্ৰাণী অঞ্চলৰ এটা ভাড়াতীয়া ফ্লেটত বাস কৰিছিল।

প্ৰাথমিক তদন্ত অনুসৰি শনিবাৰে সন্ধিয়া পূজা সৰকাৰে বান্ধৱীৰ সৈতে ৰেষ্টুৰেণ্টলৈ গৈছিল বুলি আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে। বান্ধৱীয়ে জনোৱা অনুসৰি তেওঁলোক ঘূৰি অহাৰ পাছত পূজাৰ মোবাইল ফোনলৈ মাজনিশা এটা ফোনকল আহিছিল। সেই ফোনকলটো পোৱাৰ পাছতেই পূজাই দৌৰি গৈ নিজৰ কোঠাৰ দুৱাৰ বন্ধ কৰি দিয়ে। বান্ধৱীগৰাকীয়ে বহু বাৰ অনুৰোধ কৰাৰ পাছতো পূজাই দুৱাৰ খুলি নিদিলে। বান্ধৱীয়ে ভয় খাই অৱশেষত আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পাছতেই আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পূজা সৰকাৰক কোঠাটোত চিপ লৈ ওলমি থকা দেখিবলৈ পায়। 

ততাতৈয়াকৈ তেওঁক এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এই গোচৰত আৰক্ষীয়ে পূজাৰ প্ৰেমিকক সোধা-পোছা কৰিছে। বান্ধৱীগৰাকীয়ে জনায় যে মৃত্যুৰ পূৰ্বে পূজাৰ প্ৰেমিকে তেওঁক লগ কৰিবলৈ ফোন কৰিছিল। অৱশ্যে আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে। তেওঁৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বিষয়টোৰ জোৰদাৰ তদন্তত নামি পৰিছে আৰক্ষী। মৃতগৰাকীৰ পৰিয়ালে দাবী কৰিছে যে তেওঁৰ প্ৰেমিক গোবৰদঙাত থাকে। উল্লেখযোগ্য যে মে’ মাহত কলকাতাৰ মডেল পল্লবী দে, বিদিশা ডি মজুমদাৰ, মঞ্জুষা নিয়োগী, সৰস্বতী দাসে চিপ লৈ আত্মহত্যা কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু