--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত প্ৰায়ে বলীউডৰ তাৰকাসকলৰ ছবি ভাইৰেল হয়। নেটিজেনসকলে তেওঁলোকক চিনাক্ত কৰিবলৈ চেষ্টা কৰে। কিন্তু কিছুমানে এইক্ষেত্ৰত সফল হয় আৰু কিছুমান বিফল হয়। আজি আমি আপোনালোকৰ ওচৰলৈ এগৰাকী জনপ্ৰিয় তাৰকাৰ শৈশৱ কালৰ ছবি লৈ আহিছো। আপুনি বাৰু চিনি পাইছেনে.. ভালদৰে চাওকচোন বেলকনিৰ ওচৰত থিয় হৈ থকা এই মৰমলগা সৰু ছোৱালীজনী কোন? 

এই নিস্পাপ শিশুটি এতিয়া বলীউডৰ এগৰাকী অতি বিখ্যাত অভিনেত্ৰী হৈ পৰিছে। ৰ’ব আপোনাক এটা ইংগিত দিওঁ। এই ছোৱালীজনীয়ে বলীউডৰ ৯০ দশকৰ চিনেমাত দপদপাই আছিল। তেওঁৰ ভগ্নীও এই সময়ত বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। এতিয়াও চিনি পোৱা নাই? আৰু পলম নকৰো, আপোনাৰ ধৈৰ্য্য ভংগ নকৰাকৈয়ে কওঁ যে বেলকনিত থিয় হৈ থকা এই মৰমলগা ছোৱালীজনী আন কোনো নহয়, তেওঁ হৈছে কৰিশ্মা কাপুৰ। যাক মানুহে মৰমেৰে ল’ল’ বুলি মাতে।
 
কৰিশ্মা কাপুৰৰ এই ফটোখন ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে কৰীনা কাপুৰে। লগে লগে কৰিশ্মা কাপুৰৰ এই ফটোখন ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। মানুহে কৈছে কৰিশ্মা শৈশৱতো বহুত মৰমলগা আছিল। কৰিশ্মা কাপুৰে নিজৰ কেৰিয়াৰত বহুতো হিট গীত দিছে, য’ত- ‘ৰাজা বাবু’, ‘ৰাজা হিন্দুস্তানী’, ‘কুলি নং ১’, ‘বিৱি ​​নং ১’, ‘আন্দাজ অপনা অপনা’ ‘দিল ত’ পাগল হে’ ইত্যাদি।
 ৯০ দশকৰ এগৰাকী বিখ্যাত আৰু জনপ্ৰিয় অভিনেত্ৰী হিচাপে কৰিশ্মা কাপুৰ এতিয়াও সমাদৃত। গোবিন্দাৰ সৈতে কৰিশ্মাৰ যুটিটো ছুপাৰহিট আছিল। কৰিশ্মা বৰ্তমান অ’টিটিৰ জগতখনতো প্ৰৱেশ কৰিছে। ২০২০ চনত কৰিশ্মা কাপুৰক দেখা গৈছিল ৱেব ছিৰিজ ‘মেণ্টেলহুড’ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু