--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাৰী নিৰ্যাতনৰ ঘটনাই প্ৰায় প্ৰতিদিনেই দেশত সংবাদ শিৰোনাম দখল কৰি আহিছে। বহু পৈশাচিক প্ৰবৃত্তিৰ লোকৰ বিকৃত কামনাৰ বলি হৈ আহিছে ভালেমান নাৰী। সেয়েহে এই সম্পৰ্কীয় অভিযোগক আৰক্ষী, আইন-আদালতে সম্প্ৰতি অতি গভীৰভাৱে ল’বলৈ আৰম্ভ কৰিছে আৰু এনে দুষ্কাৰ্য সংঘটিত কৰা লোকৰ বিৰুদ্ধে কঠোৰতাও প্ৰদৰ্শন কৰিছে। কিন্তু যদিহে ইয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ নাৰীয়ে নিজৰ স্বাৰ্থসিদ্ধিৰ চেষ্টা কৰে তথা নিজৰ অসৎ উদ্দেশ্য পূৰণৰ চেষ্টা কৰে তেন্তে তাক কি বুলি কোৱা যাব? তেনে এটা ঘটনাই এইবাৰ সংঘটিত হৈছে। গেং ৰেপৰ ভুৱা অভিযোগেৰে এগৰাকী ১৯বছৰীয়া যুৱতীয়ে আৰক্ষীক নাকত ধৰি চাকত ঘুৰোৱাৰ এটা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

আৰক্ষীয়ে আজি এই বিষয়ে প্ৰকাশ কৰে আৰু চাঞ্চল্যকৰ ঘটনাটোৰ বিষয়ে বিতং বৰ্ণনা কৰে। দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বুলি মিছা অভিযোগ দাখিল কৰি ১৯বছৰীয়া যুৱতীগৰাকীয়ে নাগপুৰ আৰক্ষীক সম্পূৰ্ণ এটা দিন ব্যতিব্যস্ত কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমিকক বিয়া পতাৰ বাবে বাধ্য কৰি তুলিবলৈ এই নাটক ৰচা বুলি পাছত পোহৰলৈ আহে। যুৱতীগৰাকীৰ অভিযোগক অতি ছিৰিয়াছলী লৈ নাগপুৰ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে।

নাগপুৰৰ আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰসহ কেইবগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু প্ৰায় ১০০০আৰক্ষীৰ লোকে ঘটনাৰ তদন্তত তীব্ৰ গতিত ব্যস্ত হৈ পৰে। সোমবাৰে যুৱতীগৰাকীয়ে কালামনা আৰক্ষী থানাত দিনৰ প্ৰায় ১১বজাত এই অভিযোগ দাখিল কৰিছিল। আৰক্ষীয়ে প্ৰায় চহৰখনৰ প্ৰায় ২৫০টা চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পাছত নিশ্চিত হয় যে, যুৱতীগৰাকীয়ে গেং ৰেপৰ ভুৱা কাহিনী ৰচনা কৰিছিল। পাছত যুৱতীগৰাকীয়ে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যে, তেওঁ নিজৰ প্ৰেমিকক বিয়া পতাৰ বাবে এই নাটক ৰচনা কৰিছিল। পিছে তেওঁ আৰক্ষীৰ আগত প্ৰথমে অভিযোগ দিছিল যে, দুজন লোকে নাগপুৰৰ চিখালী এলেকাত তেওঁ দলবদ্ধ বলাৎকাৰ কৰিছিল।

আৰু পঢ়কঃ কৰীণাৰ দেহত কৰ’না! অনিল কাপুৰৰ কন্যাৰ পাৰ্টিত কৰিছিল অংশগ্ৰহণ


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ