--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাৰী নিৰ্যাতনৰ ঘটনাই প্ৰায় প্ৰতিদিনেই দেশত সংবাদ শিৰোনাম দখল কৰি আহিছে। বহু পৈশাচিক প্ৰবৃত্তিৰ লোকৰ বিকৃত কামনাৰ বলি হৈ আহিছে ভালেমান নাৰী। সেয়েহে এই সম্পৰ্কীয় অভিযোগক আৰক্ষী, আইন-আদালতে সম্প্ৰতি অতি গভীৰভাৱে ল’বলৈ আৰম্ভ কৰিছে আৰু এনে দুষ্কাৰ্য সংঘটিত কৰা লোকৰ বিৰুদ্ধে কঠোৰতাও প্ৰদৰ্শন কৰিছে। কিন্তু যদিহে ইয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ নাৰীয়ে নিজৰ স্বাৰ্থসিদ্ধিৰ চেষ্টা কৰে তথা নিজৰ অসৎ উদ্দেশ্য পূৰণৰ চেষ্টা কৰে তেন্তে তাক কি বুলি কোৱা যাব? তেনে এটা ঘটনাই এইবাৰ সংঘটিত হৈছে। গেং ৰেপৰ ভুৱা অভিযোগেৰে এগৰাকী ১৯বছৰীয়া যুৱতীয়ে আৰক্ষীক নাকত ধৰি চাকত ঘুৰোৱাৰ এটা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

আৰক্ষীয়ে আজি এই বিষয়ে প্ৰকাশ কৰে আৰু চাঞ্চল্যকৰ ঘটনাটোৰ বিষয়ে বিতং বৰ্ণনা কৰে। দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বুলি মিছা অভিযোগ দাখিল কৰি ১৯বছৰীয়া যুৱতীগৰাকীয়ে নাগপুৰ আৰক্ষীক সম্পূৰ্ণ এটা দিন ব্যতিব্যস্ত কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমিকক বিয়া পতাৰ বাবে বাধ্য কৰি তুলিবলৈ এই নাটক ৰচা বুলি পাছত পোহৰলৈ আহে। যুৱতীগৰাকীৰ অভিযোগক অতি ছিৰিয়াছলী লৈ নাগপুৰ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে।

নাগপুৰৰ আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰসহ কেইবগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু প্ৰায় ১০০০আৰক্ষীৰ লোকে ঘটনাৰ তদন্তত তীব্ৰ গতিত ব্যস্ত হৈ পৰে। সোমবাৰে যুৱতীগৰাকীয়ে কালামনা আৰক্ষী থানাত দিনৰ প্ৰায় ১১বজাত এই অভিযোগ দাখিল কৰিছিল। আৰক্ষীয়ে প্ৰায় চহৰখনৰ প্ৰায় ২৫০টা চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পাছত নিশ্চিত হয় যে, যুৱতীগৰাকীয়ে গেং ৰেপৰ ভুৱা কাহিনী ৰচনা কৰিছিল। পাছত যুৱতীগৰাকীয়ে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যে, তেওঁ নিজৰ প্ৰেমিকক বিয়া পতাৰ বাবে এই নাটক ৰচনা কৰিছিল। পিছে তেওঁ আৰক্ষীৰ আগত প্ৰথমে অভিযোগ দিছিল যে, দুজন লোকে নাগপুৰৰ চিখালী এলেকাত তেওঁ দলবদ্ধ বলাৎকাৰ কৰিছিল।

আৰু পঢ়কঃ কৰীণাৰ দেহত কৰ’না! অনিল কাপুৰৰ কন্যাৰ পাৰ্টিত কৰিছিল অংশগ্ৰহণ


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন