--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বত কৰ’না ভাইৰাছৰ আতংক মাৰ নাযাওঁতেই এইবাৰ অ’মিক্ৰন ভাইৰাছৰ আতংকই বিশ্ববাসীক এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে৷ নতুন প্ৰজাতিৰ এই ভাইৰাছ ‘delta’তকৈয়ো অধিক ভয়ংকৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ দক্ষিণ আফ্ৰিকাত এই ভাইৰাছৰ অৱস্থিতি পোৱাৰ মাত্ৰ ৪ দিনৰ ভিতৰত বিশ্বৰ ১২খন দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে৷


ৰাছিয়াৰ বিজ্ঞানী মহলে দাবী কৰা অনুসৰি, অ’মিক্ৰনৰ অত্যাধিক সংক্ৰমণে ডেল্টা প্ৰজাতিৰ সংক্ৰমণক অতিক্ৰম কৰিব৷ বিশ্বত বৰ্তমানলৈকে যিমান মানুহ ডেল্টা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে তাতকৈ দুগুণ অধিক লোক অ’মিক্ৰনৰ স্বীকাৰ হ’ব বুলি ৰাছিয়াৰ গমালেয়া ৰিছাৰ্চ চেণ্টাৰ ফ’ৰ এমিডেম’ল’জী এণ্ড মাইক্ৰ’বায়’লজী সঞ্চালক আলেকজেণ্ডাৰ গিণ্টছবৰ্গে এই দাবী কৰিছে৷


সমান্তৰালকৈ কৰ’না ভাইৰাছৰ তৃতীয় ঢৌ আশংকাই খেদি ফুৰিছে বিশ্ববাসীক৷ আমেৰিকা স্বাস্থ্য সংস্থাই কালি নিশ্চিত কৰিছে যে, কৰ’নাত মৃত্যু হোৱা ৰোগীৰ সংখ্যাই আঠ লাখৰ সীমা অতিক্ৰম কৰিলে৷ শীত বৃদ্ধি পাই অহাৰ লগে-লগে ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ আশংকা কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে৷ ক’ভিডৰ নতুন প্ৰজাতিৰ অ’মিক্ৰন ধৰা পৰা পাছত আমেৰিকাত কৰ’না আক্ৰান্ত ৰোগী পুনৰ বৃদ্ধি পাব বুলি আশংকা কৰিছে চিকিৎসকসকলে৷
উল্লেখ্য যে, ভাৰততো কৰ’না মহামাৰীয়ে তাণ্ডৱ অব্যাহত ৰাখিছে৷ শেহতীয়া তথ্য অনুসৰি, দেশৰ দৈনিক ক’ভিড সংক্ৰমণে তৃতীয় দিনৰ বাবে সাত হেজাৰৰ ঘৰত আছে৷ যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৭,৩৫০৷


দিল্লীত অ’মিক্ৰন আক্ৰান্ত দ্বিতীয় জন ব্যক্তিক চিনাক্ত কৰা হৈছে। ইয়াৰ লগে-লগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাজধানীত নতুনকৈ লকডাউন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ দিল্লী চৰকাৰৰ তথ্য অনুসৰি, জিম্বাবোৱেৰ পৰা অহা এজন মানুহৰ মৃতদেহত অ’মিক্ৰনৰ প্ৰজাতিটো পোৱা গৈছিল। কেইদিনমান আগতে, বিদেশৰ পৰা আন এজন বিমান যাত্ৰী দেহতো অ’মিক্ৰন উপস্থিতি ধৰা পৰিছিল৷ দিল্লীত এতিয়ালৈকে দুজন অ’মিক্ৰনত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে। দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সঁচােন্দ্ৰ জৈনে জনোৱা অনুসৰি, সংক্ৰমিত সকলো লোককে চিনাক্ত কৰা হৈছে আৰু সমগ্ৰ পৰিস্থিতিটো বৰ্তমান নিয়ন্ত্ৰণত আছে। কেজৰিৱালে অ’মিক্ৰনৰ ওপৰত স্বাস্থ্য বিষয়াসকলৰ সৈতে এখন বৈঠকতো বহিছিল আৰু যথাসম্ভৱ সকলো দিশ চালি-জাৰি চাইছে৷ বৈঠকৰ শেষত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কয়, "চৰকাৰে অমিক্ৰনৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু। পৰিস্থিতি নিয়ন্ত্ৰণত আছে। কিন্তু চৰকাৰে প্ৰয়োজন হ'লে লকডাউনৰ দৰে কঠোৰ পদক্ষেপ ল'বলৈ কোনো কুণ্ঠাবোধ নকৰিব।''


সূত্ৰ অনুসৰি, আজিৰ বৈঠকত কৰোনা চিকিৎসাত ব্যৱহৃত আঠটা জীৱন ৰক্ষাকাৰী ঔষধ, আইচিইউ, অক্সিজেনবেডৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কেজৰিৱালে স্বাস্থ্য বিষয়াসকলক এই দিশত বিশেষ মনোযোগ দিবলৈ নিৰ্দেশ দিয়ে যাতে, দ্বিতীয় ঢৌৰ দৰে অক্সিজেনৰ অভাৱৰ বাবে দিল্লীৰ লোকসকল অধিক ক্ষতিগ্ৰস্ত নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন