--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা লখিমপুৰ-খেৰি কাণ্ডৰ নতুন মোৰ৷ যোৱা ৩ অক্টোবৰত সংঘটিত হোৱা খেৰিৰ ঘটনা 'পৰিকল্পিত হত্যাকাণ্ড' আছিল বুলি ভয়ংকৰ তথ্য প্ৰকাশ কৰিলে বিশেষ তদন্তকাৰী গোটে৷ উত্তৰ প্রদেশৰ লখিমপুৰ–খেৰি অঞ্চলত সংঘটিত সংঘর্ষৰ ঘটনাত জড়িত থকাৰ অভিযোগত কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী অজয় মিশ্রৰ পুত্র আশিস মিশ্রসহ ১৩জনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে৷

ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এছআইটিআয়ে দিয়া এই প্ৰতিবেদনৰ পাছতে ৰাজ্যখনত শাসকীয় দলৰ বিপদৰ বাৰ্তা আহিছে৷ বিজেপিশাসিত ৰাজ্যখনত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ এই কাৰ্যই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ প্ৰায় এটা বছৰতকৈ অধিক কাল দেশৰ কৃষকে প্ৰতিবাদৰত হৈ থকাৰ মাজতে সংঘটিত হৈছিল এই হত্যাকাণ্ড৷ মন্ত্ৰী পুত্ৰ আশিস মিশ্রৰ এছইউভি গাড়ীয়ে প্রতিবাদী কৃষকক মহটিয়াই নিয়াৰ ফলত প্ৰথমে চাৰিগৰাকী প্ৰতিবাদী কৃষকৰ ঘটনাস্থলীতে মৃত্যু হৈছিল আৰু ইয়াৰ মাজত এজন স্থানীয় সাংবাদিকো আছিল৷ পাছলৈ এই হিংসাত্মক ঘটনাত মুঠ ৮জন লোকৰ মৃত্যু হৈছিল৷ ঘটনাৰ পাছতে আৰক্ষীয়ে আশিসসহ গ্রেপ্তাৰ কৰিছিল ১৩জন অভিযুক্তক৷

মন্ত্ৰীপুত্ৰৰ এই হিংসাত্মক ঘটনাৰ সমগ্ৰ দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আশিস মিশ্ৰ, লবকুশ, আশিস পাণ্ডে, শেখৰ ভাৰতী, অঙ্কিত দাস, লতিফ, শিশুপাল, নন্দন সিং, সত্যম ত্রিপাঠী, সুমিত জয়সওয়াল, ধর্মেন্দ্র বানজাৰা, ৰিংকু ৰানা, উল্লাস ত্রিবেদী। বৰ্তমান আটাইকেইজন অভিযুক্তই লখিমপুৰ কাৰাগাৰত বন্দী হৈ আছে। বিশেষ তদন্তকাৰী গোটে জনোৱা মতে এই ঘটনাৰ সন্দৰ্ভত ৩০৭, ৩২৬, ৩৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচলৰ পাগলামত বিচৰণ ডিব্ৰু-ছৈখোৱা উদ্যানৰ বন ঘৰচীয়া ঘোঁৰাৰ
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য