--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা লখিমপুৰ-খেৰি কাণ্ডৰ নতুন মোৰ৷ যোৱা ৩ অক্টোবৰত সংঘটিত হোৱা খেৰিৰ ঘটনা 'পৰিকল্পিত হত্যাকাণ্ড' আছিল বুলি ভয়ংকৰ তথ্য প্ৰকাশ কৰিলে বিশেষ তদন্তকাৰী গোটে৷ উত্তৰ প্রদেশৰ লখিমপুৰ–খেৰি অঞ্চলত সংঘটিত সংঘর্ষৰ ঘটনাত জড়িত থকাৰ অভিযোগত কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী অজয় মিশ্রৰ পুত্র আশিস মিশ্রসহ ১৩জনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে৷

ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এছআইটিআয়ে দিয়া এই প্ৰতিবেদনৰ পাছতে ৰাজ্যখনত শাসকীয় দলৰ বিপদৰ বাৰ্তা আহিছে৷ বিজেপিশাসিত ৰাজ্যখনত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ এই কাৰ্যই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ প্ৰায় এটা বছৰতকৈ অধিক কাল দেশৰ কৃষকে প্ৰতিবাদৰত হৈ থকাৰ মাজতে সংঘটিত হৈছিল এই হত্যাকাণ্ড৷ মন্ত্ৰী পুত্ৰ আশিস মিশ্রৰ এছইউভি গাড়ীয়ে প্রতিবাদী কৃষকক মহটিয়াই নিয়াৰ ফলত প্ৰথমে চাৰিগৰাকী প্ৰতিবাদী কৃষকৰ ঘটনাস্থলীতে মৃত্যু হৈছিল আৰু ইয়াৰ মাজত এজন স্থানীয় সাংবাদিকো আছিল৷ পাছলৈ এই হিংসাত্মক ঘটনাত মুঠ ৮জন লোকৰ মৃত্যু হৈছিল৷ ঘটনাৰ পাছতে আৰক্ষীয়ে আশিসসহ গ্রেপ্তাৰ কৰিছিল ১৩জন অভিযুক্তক৷

মন্ত্ৰীপুত্ৰৰ এই হিংসাত্মক ঘটনাৰ সমগ্ৰ দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আশিস মিশ্ৰ, লবকুশ, আশিস পাণ্ডে, শেখৰ ভাৰতী, অঙ্কিত দাস, লতিফ, শিশুপাল, নন্দন সিং, সত্যম ত্রিপাঠী, সুমিত জয়সওয়াল, ধর্মেন্দ্র বানজাৰা, ৰিংকু ৰানা, উল্লাস ত্রিবেদী। বৰ্তমান আটাইকেইজন অভিযুক্তই লখিমপুৰ কাৰাগাৰত বন্দী হৈ আছে। বিশেষ তদন্তকাৰী গোটে জনোৱা মতে এই ঘটনাৰ সন্দৰ্ভত ৩০৭, ৩২৬, ৩৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা