--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমক স্বৰ্গীয় অনুভৱ বুলি কোৱা হয় কিন্তু কেতিয়াবা কিছুমান মানুহে এই স্বৰ্গীয় অনুভৱক যেন নৰক সদৃশ কৰি তোলে। প্ৰেমত ঠগ-প্ৰৱঞ্চনাৰ ঘটনা সঘনাই শুনিবলৈ পোৱা যায়। এগৰাকী যুৱতী এনেদৰে প্ৰতাৰিত হ'ল যে সেই কাহিনী শুনি কঠিন হৃদয়ৰ লোকো আৱেগিক হৈ পৰিছে। কেলিফৰ্নিয়াৰ কোলীন লী নামৰ ৩০ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰেমিকক সুস্থ কৰি তুলিবলৈ নিজৰ কিডনী দান কৰিছিল। কোলীন লী এগৰাকী জনপ্ৰিয় টিকটকাৰ। অস্ত্ৰোপচাৰৰ জৰিয়তে কোলীনৰ এটা কিডনী প্ৰেমিকৰ শৰীৰত সংৰোপণ কৰা হৈছিল। প্ৰেমিকাৰ কিডনী সংৰোপণ হোৱাৰ পিছত লাহে লাহে সুস্থ হৈ উঠিছিল প্ৰেমিক। কোলীন লীয়ে নিজৰ প্ৰেমৰ বাবে ইমানখিনি ত্যাগ কৰাৰ পাছতো যেন প্ৰেমৰ মূল নুবুজিলে প্ৰেমিকজনে। সুস্থ হৈ উঠাৰ সাত মাহৰ পাছতে প্ৰেমিকে কোলীনৰ সৈতে সম্পৰ্ক ছেদ কৰে। কোলীনক এনেদৰে প্ৰতাৰণা কৰিবলৈ এবাৰলৈ হ'লেও হৃদয় নকঁপিল প্ৰেমিকৰ। কোলীনে নিজৰ এই কাহিনী টিকটকৰ মাধ্যমেৰে সকলোকে জনোৱাৰ পাছতে শেহতীয়াকৈ এই বিষয়টো ভাইৰেল হৈ পৰিছে। কোলীনে জনোৱা মতে ২০১৫ চনত তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। তেওঁৰ প্ৰেমিক দীৰ্ঘম্যাদী বৃক্কৰ ৰোগত আক্ৰান্ত আছিল,যাৰ ফলত তেওঁক মাত্ৰ ১৭ বছৰ বয়সত ডায়েলাইচিছৰ প্ৰয়োজন হৈছিল। প্ৰেমিকৰ কিডনীয়ে মাত্ৰ ৫%হে কাম কৰিব পাৰিছিল। মৃত্যুমুখী প্ৰেমিকক সুস্থ কৰি তুলিবলৈ প্ৰেমিকক এটা কিডনী দান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কোলীনে। ২০১৬ চনত কিডনীৰ অপাৰেশ্যন হয় আৰু অপাৰেশ্যনৰ ঠিক ৭ মাহৰ পিছতে কোলীনৰ সৈতে সম্পৰ্ক ছেদ কৰে প্ৰতাৰক প্ৰেমিকে। এজন বন্ধুৰ বেচ্চলৰ পাৰ্টীত অংশ ল'বলৈ লাচ বেগাচলৈ গৈছিল প্ৰেমিক আৰু তাৰ পিছতে কোলীনৰ সৈতে তেওঁ সম্পৰ্ক ছেদ কৰে। তাৰ পৰা মেছেজ কৰি কোলীনৰ সৈতে বিচ্ছেদ হোৱাৰ কথা কয় প্ৰেমিকে। কোলীনে কোৱা অনুসৰি তেওঁৰ প্ৰেমিকে কোলীনক ছ'চিয়েল মিডিয়াৰ সকলোতে ব্লক কৰিছিল আৰু তেওঁৰ কল আৰু মেছেজৰ কোনো উত্তৰ দিয়া নাছিল। সকলো সীমা পাৰ কৰি প্ৰেমিকে কোলীনক কৈছিল যে "তুমি মাত্ৰ নিজক ভাল বুলি বুজাবৰ বাবে কিডনী দান কৰিছিলা"। এই কথা শুনাৰ পাছত মূৰত সৰগ ভাগি পৰে কোলীনৰ। প্ৰেমিকৰ প্ৰতাৰণাত তেওঁৰ হৃদয় আজিও দগ্ধ। এই কাহিনী শুনাৰ পাছত কোলীন লীক সকলোৱে মনোবল অটুট ৰাখিবলৈ সাহস যোগাইছে। আৰু পঢ়কঃ বহু কষ্টৰে দৰিদ্ৰ কৃষকে জমা কৰিছিল ২ লাখ টকা;নিগনিয়ে কুটি কৰিলে নষ্ট

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক