--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্ববাসীলৈ আহিল এক ডাঙৰ সকাহৰ খবৰ। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আশংকাই দীঘলীয়া সময় ধৰি সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি ৰখাৰ পাছত বুধবাৰে ৰাছিয়াই ইউক্ৰেইন সীমান্তৰ পৰা সৈন্যবাহিনী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। মস্কো-অধিকৃত ক্ৰিমেয়াত সামৰিক কচৰত সামৰি ৰাছিয়ান সৈন্যবাহিনীৰ জোৱানসকলে এতিয়া নিজ নিজ শিবিৰলৈ উভতিবলৈ আৰম্ভ কৰিছে। মস্কোৰ ফালৰ পৰা কৰা এই ঘোষণাই তৃতীয় বিশ্বযুদ্ধৰ দৰে ভয়াৱহ সংকটৰ সম্ভাৱনা কিছু হ’লেও প্ৰশমিত কৰিলে। ইউক্ৰেইন সীমান্তৰ পৰা প্ৰথমটো সৈনিকৰ দল ঘূৰাই নিয়াৰ এদিনৰ পাছতে দেশখনে আনুষ্ঠানিকভাৱে সীমান্তত সামৰিক কচৰৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰিলে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে যে, দক্ষিণ সামৰিক জিলাৰ সৈন্যবাহিনীয়ে তেওঁলোকৰ সামৰিক কচৰতৰ সমাৰণি ঘটাইছে। এতিয়া তেওঁলোক নিজৰ স্থায়ী শিবিৰলৈ উভতিবলৈ আৰম্ভ কৰিছে। দেশখনৰ চৰকাৰী টেলিভিচন চেনেলে ৰাছিয়া নিয়ন্ত্ৰিত পেনিনছুলিয়া সংলগ্ন এখন দলং পাৰ হৈ সৈন্য বাহিনীৰ দলে দেশখনৰ মূল ভূখণ্ডত প্ৰৱেশৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে। টেংক, বিভিন্ন সামগ্ৰীবাহী বাহন, বৰতোপ আদি ৰেলৰ জৰিয়তে ক্ৰিমিয়াৰ পৰা ওভতাই অনা হৈছে। সীমান্তত লক্ষাধিক সৈন্যৰ সমাৱেশ ঘটাই যুদ্ধসদৃশ পৰিস্থিতি সৃষ্টি কৰা ৰাছিয়াই হঠাতে এনেদৰে সৈন্য প্ৰত্যাহাৰ কৰটো লক্ষ্যণীয় বিষয় হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় মহলৰ হেঁচাৰ বাবেই এই পদক্ষেপ দেশখনে গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে। কিন্তু পশ্চিমীয়া দেশৰ নেতাসকলে এতিয়াও ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰি আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মঙলবাৰে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ আশংকাৰ কথা প্ৰকাশ কৰিছিল। এনে পৰিপ্ৰেক্ষিতত বিভিন্ন দেশে দেশখনৰ পৰা নিজৰ কূটনৈতিক প্ৰতিনিধিক আঁতৰাই নিয়াৰ লগতে নাগৰিকসকলক দেশ ত্যাগ কৰাৰ পৰামৰ্শ দিছিল। ভাৰতেও দেশখনত থকা ভাৰতীয়সকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। ভাৰতীয় দূতাবাসে সেই দেশত থকা ভাৰতীয়সকলক লৈ উদ্বিগ্ন হৈ পৰিছে আৰু তেওঁলোকক যুদ্ধৰ পূৰ্বেই স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ আহ্বান জনাইছে। অস্থায়ীভাৱে সেই দেশখনৰ পৰা ভাৰতীয়সকলক আঁতৰি আহিবলৈ আহ্বান জনোৱা হৈছে। কিভত থকা ভাৰতীয় দূতাবাসৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত কোৱা হৈছে যে, ‘ইউক্ৰেইনৰ শেহতীয়া অনিশ্চয়তাপূৰ্ণ অৱস্থালৈ লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক অস্থায়ীভাৱে দেশখন ত্যাগ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছোঁ। বিশেষকৈ শিক্ষাৰ্থীসকল যিসকল এতিয়া থকাটো জৰুৰী নহয় তেওঁলোকে দেশখন সাময়িকভাৱে ত্যাগ কৰিব পাৰে।’ বিজ্ঞপ্তিখনৰ জৰিয়তে লগতে প্ৰকাশ কৰা হৈছে যে, দেশখনত থকা ভাৰতীয়সকলে দূতাবাসক তেওঁলোকৰ অৱস্থান সম্পৰ্কে যাতে অৱগত কৰি ৰাখে। ভাৰতীয় নাগৰিকসকলক প্ৰয়োজনীয় সময়ত যাতে আমি সহায় কৰিব পাৰোঁ তাৰ বাবে তেওঁলোকক দূতাবাসক তেওঁলোকৰ অৱস্থানৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনাইছোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক