--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ সম্পৰ্কত থাকোতে প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক ভালৰো ভাল বস্তু উপহাৰ দিব বিচাৰে। ডেটিঙত গৈ সময় কৰে মধুৰ। এটা প্ৰেম কাহিনীৰ কথা পোহৰলৈ আহিছে যি কাহিনী শুনি মানুহৰ চকু কপালত উঠিছে। এহাল প্ৰেমিক-প্ৰেমিকাৰ হঠাতে প্ৰেমৰ বিচ্ছেদ ঘটিল। ব্ৰেকআপৰ বাবে দুয়োৰে সম্পৰ্ক ইমানেই বেয়া হৈ পৰিল যে প্ৰেমিকজনে প্ৰেমিকাৰ নামত খৰচ কৰা টকাবোৰ ঘূৰাই বিচাৰে। আনকি তেওঁ ডেটিঙৰ সময়ত প্ৰেয়সীক খাবলৈ দিয়া চিপছ আৰু পানীৰ দামো ঘূৰাই বিচাৰে। মুঠ ৭ লাখ টকাৰ বিল বনায় প্ৰেয়সীক দিয়ে যুৱকজনে। যুৱকজনে এখন 'ব্ৰেকআপ লিষ্ট' বনাই ছোৱালীজনীৰ বাবে খৰচ কৰা প্ৰতিটো টকাৰ পাই পাই হিচাপ ঘূৰাই বিচাৰে।যুৱকজনে সম্পূৰ্ণ ৩ পৃষ্ঠাৰ 'ব্ৰেকআপ লিষ্ট' বনায়। 

খবৰ অনুসৰি, ল’ৰাজনে যোৱা এবছৰ ধৰি এজনী ছোৱালীৰ লগত ডেটিং কৰি আছিল। কিন্তু এবছৰৰ ভিতৰতে দুয়োৰে মাজত কথাবোৰ বেয়া হ’বলৈ ধৰিলে আৰু দুয়োৰে সম্পৰ্ক ভাঙি যোৱাৰ উপক্ৰম হ’ল। ইয়াৰ পিছতেই ছোৱালীজনীয়ে ল’ৰাটোৰ লগত বিচ্ছেদ ঘটায়। ব্ৰেকআপৰ পিছত ল'ৰাজনে মুঠ ৩ পৃষ্ঠাৰ কম্পিউটাৰাইজড ব্ৰেকআপ লিষ্ট প্ৰস্তুত কৰে। 

প্ৰেমৰ সম্পৰ্কৰ সময়ত খৰচ কৰা প্ৰতিটো দিনৰ টকাৰ হিচাপ লিখি ছোৱালীজনীলৈ পঠিয়াই দিয়ে যুৱকজনে।ল'ৰাটোৱে তাত প্ৰতিটো সৰু সৰু খৰচ অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিলে। দামী দামী উপহাৰৰ পৰা পানীৰ বটল, চিপছ, লান্স,ডিনাৰ,কফি, পেট্ৰ’লত কিমান খৰচ হ’ল সেই কথা লিখিবলৈ নাপাহৰিলে বিৰহী প্ৰেমিকজনে। পৰিতাপৰ কথাটো হ’ল যুৱকজনে আনকি ছোৱালীজনীৰ মাতৃৰ চিকিৎসালয়ত ভৰ্তি হোৱা খৰচ আৰু মৃত্যুৰ পিছত কৰা অন্ত্যেষ্টিক্ৰিয়াৰ বাবেও খৰচ কৰা ধন উভতাই বিচাৰিছে। এই প্ৰেম কাহিনী চীনৰ চাংহাইৰ। যি ঘটনাই চীনৰ সংবাদ শিৰোনাম দখল কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি