--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ সম্পৰ্কত থাকোতে প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক ভালৰো ভাল বস্তু উপহাৰ দিব বিচাৰে। ডেটিঙত গৈ সময় কৰে মধুৰ। এটা প্ৰেম কাহিনীৰ কথা পোহৰলৈ আহিছে যি কাহিনী শুনি মানুহৰ চকু কপালত উঠিছে। এহাল প্ৰেমিক-প্ৰেমিকাৰ হঠাতে প্ৰেমৰ বিচ্ছেদ ঘটিল। ব্ৰেকআপৰ বাবে দুয়োৰে সম্পৰ্ক ইমানেই বেয়া হৈ পৰিল যে প্ৰেমিকজনে প্ৰেমিকাৰ নামত খৰচ কৰা টকাবোৰ ঘূৰাই বিচাৰে। আনকি তেওঁ ডেটিঙৰ সময়ত প্ৰেয়সীক খাবলৈ দিয়া চিপছ আৰু পানীৰ দামো ঘূৰাই বিচাৰে। মুঠ ৭ লাখ টকাৰ বিল বনায় প্ৰেয়সীক দিয়ে যুৱকজনে। যুৱকজনে এখন 'ব্ৰেকআপ লিষ্ট' বনাই ছোৱালীজনীৰ বাবে খৰচ কৰা প্ৰতিটো টকাৰ পাই পাই হিচাপ ঘূৰাই বিচাৰে।যুৱকজনে সম্পূৰ্ণ ৩ পৃষ্ঠাৰ 'ব্ৰেকআপ লিষ্ট' বনায়। 

খবৰ অনুসৰি, ল’ৰাজনে যোৱা এবছৰ ধৰি এজনী ছোৱালীৰ লগত ডেটিং কৰি আছিল। কিন্তু এবছৰৰ ভিতৰতে দুয়োৰে মাজত কথাবোৰ বেয়া হ’বলৈ ধৰিলে আৰু দুয়োৰে সম্পৰ্ক ভাঙি যোৱাৰ উপক্ৰম হ’ল। ইয়াৰ পিছতেই ছোৱালীজনীয়ে ল’ৰাটোৰ লগত বিচ্ছেদ ঘটায়। ব্ৰেকআপৰ পিছত ল'ৰাজনে মুঠ ৩ পৃষ্ঠাৰ কম্পিউটাৰাইজড ব্ৰেকআপ লিষ্ট প্ৰস্তুত কৰে। 

প্ৰেমৰ সম্পৰ্কৰ সময়ত খৰচ কৰা প্ৰতিটো দিনৰ টকাৰ হিচাপ লিখি ছোৱালীজনীলৈ পঠিয়াই দিয়ে যুৱকজনে।ল'ৰাটোৱে তাত প্ৰতিটো সৰু সৰু খৰচ অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিলে। দামী দামী উপহাৰৰ পৰা পানীৰ বটল, চিপছ, লান্স,ডিনাৰ,কফি, পেট্ৰ’লত কিমান খৰচ হ’ল সেই কথা লিখিবলৈ নাপাহৰিলে বিৰহী প্ৰেমিকজনে। পৰিতাপৰ কথাটো হ’ল যুৱকজনে আনকি ছোৱালীজনীৰ মাতৃৰ চিকিৎসালয়ত ভৰ্তি হোৱা খৰচ আৰু মৃত্যুৰ পিছত কৰা অন্ত্যেষ্টিক্ৰিয়াৰ বাবেও খৰচ কৰা ধন উভতাই বিচাৰিছে। এই প্ৰেম কাহিনী চীনৰ চাংহাইৰ। যি ঘটনাই চীনৰ সংবাদ শিৰোনাম দখল কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে