--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ সাংবাদিক ডিমিত্ৰী মুৰাটভক শান্তিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছিল। পিছে চুবুৰীয়া দেশখনলৈ হেৰুৱা শান্তি ওভটাই আনিবলৈ এইবাৰ এই ন’বেল বঁটা নিলামত তুলিছে এইগৰাকী ৰাছিয়ান সাংবাদিকে। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ শিশুসকলৰ বাবে ন’বেল বঁটা বিক্ৰী কৰিবলৈ ওলাইছে ডিমিত্ৰীয়ে। ইউক্ৰেইনৰ শৰণাৰ্থীসকলৰ বাবে ন’বেল বঁটাৰ পদক নিলামত তুলিলে ৰাছিয়ান সাংবাদিক ডিমিত্ৰীয়ে। নিলামৰ পৰা লাভ কৰা ধন যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ শিশুসকলৰ বাবে খৰচ কৰিব বুলিও সদৰী কৰিছে সাংবাদিক গৰাকীয়ে।

নিজৰ দেশত সংবাদ মাধ্যমক সম্পূৰ্ণ স্বাধীনতা দিয়া হোৱা নাই যদিও তেওঁ নিজৰ কাম অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছে। অক্লান্ত প্ৰচেষ্টা আৰু অদম্য সাহসৰ বাবে বিগত বৰ্ষত ডিমিত্ৰীয়ে শান্তিৰ ন’বেল বঁটা লাভ কৰিছিল। ডিমিত্ৰী নোভায়া গেজেটা নামৰ বাতৰি কাকতখনৰ সহ-প্ৰতিষ্ঠাপক। ১৯৯৩ চনত ছোভিয়েটৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ শান্তিৰ ন’বেল বঁটাৰ ধনেৰে প্ৰতিষ্ঠা কৰা হৈছিল এই কাকতখন। ডিমিত্ৰী সেই কাকতখনৰ প্ৰধান সম্পাদক আছিল। শেহতীয়াকৈ, তেওঁ ৰাছিয়া এৰি পশ্চিম ইউৰোপলৈ গৈছে। তাৰ পৰা তেওঁ আমেৰিকাৰ নিউয়ৰ্কত উপস্থিত হ’ব। তাতেই হ’ব ন’বেল বঁটাৰ নিলাম প্ৰক্ৰিয়াৰ যাৱতীয় ব্যৱস্থা। অনলাইনযোগে চলিব এই নিলাম প্ৰক্ৰিয়া।

ডিমিত্ৰীয়ে কয় যে, ন’বেল বঁটা নিলামৰ পৰা লাভ কৰা ধন তেওঁ ইউক্ৰেইনৰ শিশুসকলৰ পুনৰ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰিব। ইয়াৰ পূৰ্বে ন’বেল বঁটাৰ লগতে নগদ ৫ লাখ টকা দান কৰিব বুলিও ঘোষণা কৰিছিল ৰাছিয়ান সাংবাদিকগৰাকীয়ে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডিমিত্ৰীয়ে কয় যে, ‘যুদ্ধত পিতৃ-মাতৃক হেৰুওৱা শিশুসকলক লৈ মই উদ্বিগ্ন। লগতে তেওঁ পুৰস্কাৰ নিলাম কৰি এক আদৰ্শ দাঙি ধৰিব বিচাৰিছে বুলিও কয়। যাতে পিছলৈ ইউক্ৰেইনবাসীক সহায় কৰিবলৈ আৰু অধিক ৰাছিয়ান নাগৰিক আগবাঢ়ি আহে। ইয়াৰ পূৰ্বে ২০১৪ চনত ৰাছিয়াই ক্ৰাইমিয়া দখল কৰাৰ সময়ত ৰাছিয়া চৰকাৰৰ এই পদক্ষেপৰো বিৰোধিতা কৰিছিল ডিমিত্ৰীয়ে। স্বাভাৱিকতে, বিপন্ন সময়ত ৰাছিয়ান সাংবাদিকগৰাকীৰ এনে মহানুভৱতাই যেন পুনৰ বাৰ কৈ গ’ল-পৃথিৱীত এতিয়াও ভাল মানুহ জীয়াই আছে...!



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি