--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ সাংবাদিক ডিমিত্ৰী মুৰাটভক শান্তিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছিল। পিছে চুবুৰীয়া দেশখনলৈ হেৰুৱা শান্তি ওভটাই আনিবলৈ এইবাৰ এই ন’বেল বঁটা নিলামত তুলিছে এইগৰাকী ৰাছিয়ান সাংবাদিকে। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ শিশুসকলৰ বাবে ন’বেল বঁটা বিক্ৰী কৰিবলৈ ওলাইছে ডিমিত্ৰীয়ে। ইউক্ৰেইনৰ শৰণাৰ্থীসকলৰ বাবে ন’বেল বঁটাৰ পদক নিলামত তুলিলে ৰাছিয়ান সাংবাদিক ডিমিত্ৰীয়ে। নিলামৰ পৰা লাভ কৰা ধন যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ শিশুসকলৰ বাবে খৰচ কৰিব বুলিও সদৰী কৰিছে সাংবাদিক গৰাকীয়ে।

নিজৰ দেশত সংবাদ মাধ্যমক সম্পূৰ্ণ স্বাধীনতা দিয়া হোৱা নাই যদিও তেওঁ নিজৰ কাম অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছে। অক্লান্ত প্ৰচেষ্টা আৰু অদম্য সাহসৰ বাবে বিগত বৰ্ষত ডিমিত্ৰীয়ে শান্তিৰ ন’বেল বঁটা লাভ কৰিছিল। ডিমিত্ৰী নোভায়া গেজেটা নামৰ বাতৰি কাকতখনৰ সহ-প্ৰতিষ্ঠাপক। ১৯৯৩ চনত ছোভিয়েটৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ শান্তিৰ ন’বেল বঁটাৰ ধনেৰে প্ৰতিষ্ঠা কৰা হৈছিল এই কাকতখন। ডিমিত্ৰী সেই কাকতখনৰ প্ৰধান সম্পাদক আছিল। শেহতীয়াকৈ, তেওঁ ৰাছিয়া এৰি পশ্চিম ইউৰোপলৈ গৈছে। তাৰ পৰা তেওঁ আমেৰিকাৰ নিউয়ৰ্কত উপস্থিত হ’ব। তাতেই হ’ব ন’বেল বঁটাৰ নিলাম প্ৰক্ৰিয়াৰ যাৱতীয় ব্যৱস্থা। অনলাইনযোগে চলিব এই নিলাম প্ৰক্ৰিয়া।

ডিমিত্ৰীয়ে কয় যে, ন’বেল বঁটা নিলামৰ পৰা লাভ কৰা ধন তেওঁ ইউক্ৰেইনৰ শিশুসকলৰ পুনৰ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰিব। ইয়াৰ পূৰ্বে ন’বেল বঁটাৰ লগতে নগদ ৫ লাখ টকা দান কৰিব বুলিও ঘোষণা কৰিছিল ৰাছিয়ান সাংবাদিকগৰাকীয়ে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডিমিত্ৰীয়ে কয় যে, ‘যুদ্ধত পিতৃ-মাতৃক হেৰুওৱা শিশুসকলক লৈ মই উদ্বিগ্ন। লগতে তেওঁ পুৰস্কাৰ নিলাম কৰি এক আদৰ্শ দাঙি ধৰিব বিচাৰিছে বুলিও কয়। যাতে পিছলৈ ইউক্ৰেইনবাসীক সহায় কৰিবলৈ আৰু অধিক ৰাছিয়ান নাগৰিক আগবাঢ়ি আহে। ইয়াৰ পূৰ্বে ২০১৪ চনত ৰাছিয়াই ক্ৰাইমিয়া দখল কৰাৰ সময়ত ৰাছিয়া চৰকাৰৰ এই পদক্ষেপৰো বিৰোধিতা কৰিছিল ডিমিত্ৰীয়ে। স্বাভাৱিকতে, বিপন্ন সময়ত ৰাছিয়ান সাংবাদিকগৰাকীৰ এনে মহানুভৱতাই যেন পুনৰ বাৰ কৈ গ’ল-পৃথিৱীত এতিয়াও ভাল মানুহ জীয়াই আছে...!



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি