--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সোমবাৰে পুৱতি নিশা কঁপি উঠিল তুৰ্কীৰ দক্ষিণৰ অংশ ৷ শক্তিশালী ভূমিকম্পৰ ফলত তাচপাতৰ ঘৰৰ দৰে ভাগি পৰিল শ শ ঘৰ৷ফলত নিহত হৈছে শতাধিক লোক ৷ এতিয়ালৈকে ভাগি পৰা ঘৰবোৰ ধ্বংসস্তুপৰ মাজৰ পৰা ১৮০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে৷  

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। প্ৰথম কম্পনৰ  অলপ পিছতে মধ্য তুৰ্কীত আন এটা কম্পন অনুভূত  হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (ইউএছজিএছ)ৰ তথ্য  অনুসৰি দ্বিতীয় ভূমিকম্পটোৰ  প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৭। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি লেবানন, চিৰিয়া আৰু চাইপ্ৰাছৰ কিছু অংশতো ভূমিকম্প অনুভৱ কৰা হৈছিল।


উল্লেখ্যত তুৰস্কত বহু বছৰৰ পিছত এনে ডাঙৰ ভূমিকম্প সংঘটিত হৈছে৷  দুৰ্যোগৰ কেইবাটাও ভিডিঅ' ফেচবুক আৰু টুইটাৰত ভাইৰেল হৈ পৰিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এতিয়ালৈকে ১৮০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভূমিকম্পৰ ফলত কমেও  ১৪০ টা ঘৰ খহি পৰিছে। 


 ধ্বংসস্তূপৰ তলত বহুলোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে। ফলস্বৰূপে, মৃতকৰ  সংখ্যা বৃদ্ধি হ'ব পাৰে। এতিয়ালৈকে ৪২২০  জন লোক গুৰুতৰভাৱে আহত হৈছে।


গাজিয়ানটেপ প্ৰদেশৰ ৰাজ্যপাল দাভুত গুলে টুইট কৰি কয়: "আমাৰ চহৰখনত এক শক্তিশালী ভূমিকম্প অনুভৱ কৰা হৈছে। মানুহে এনে বিদৰ পৰিস্থিতিত শান্ত হৈ থাকক। ঘৰৰ বাহিৰত সহায়ৰ বাবে অপেক্ষা কৰক। এই পৰিস্থিতিত গাড়ী নচলাব। অনুগ্ৰহ কৰি ৰাস্তাত ভিৰ নকৰিব। ''







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন