--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সোমবাৰে পুৱতি নিশা কঁপি উঠিল তুৰ্কীৰ দক্ষিণৰ অংশ ৷ শক্তিশালী ভূমিকম্পৰ ফলত তাচপাতৰ ঘৰৰ দৰে ভাগি পৰিল শ শ ঘৰ৷ফলত নিহত হৈছে শতাধিক লোক ৷ এতিয়ালৈকে ভাগি পৰা ঘৰবোৰ ধ্বংসস্তুপৰ মাজৰ পৰা ১৮০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে৷  

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। প্ৰথম কম্পনৰ  অলপ পিছতে মধ্য তুৰ্কীত আন এটা কম্পন অনুভূত  হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (ইউএছজিএছ)ৰ তথ্য  অনুসৰি দ্বিতীয় ভূমিকম্পটোৰ  প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৭। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি লেবানন, চিৰিয়া আৰু চাইপ্ৰাছৰ কিছু অংশতো ভূমিকম্প অনুভৱ কৰা হৈছিল।


উল্লেখ্যত তুৰস্কত বহু বছৰৰ পিছত এনে ডাঙৰ ভূমিকম্প সংঘটিত হৈছে৷  দুৰ্যোগৰ কেইবাটাও ভিডিঅ' ফেচবুক আৰু টুইটাৰত ভাইৰেল হৈ পৰিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এতিয়ালৈকে ১৮০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভূমিকম্পৰ ফলত কমেও  ১৪০ টা ঘৰ খহি পৰিছে। 


 ধ্বংসস্তূপৰ তলত বহুলোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে। ফলস্বৰূপে, মৃতকৰ  সংখ্যা বৃদ্ধি হ'ব পাৰে। এতিয়ালৈকে ৪২২০  জন লোক গুৰুতৰভাৱে আহত হৈছে।


গাজিয়ানটেপ প্ৰদেশৰ ৰাজ্যপাল দাভুত গুলে টুইট কৰি কয়: "আমাৰ চহৰখনত এক শক্তিশালী ভূমিকম্প অনুভৱ কৰা হৈছে। মানুহে এনে বিদৰ পৰিস্থিতিত শান্ত হৈ থাকক। ঘৰৰ বাহিৰত সহায়ৰ বাবে অপেক্ষা কৰক। এই পৰিস্থিতিত গাড়ী নচলাব। অনুগ্ৰহ কৰি ৰাস্তাত ভিৰ নকৰিব। ''







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ