--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা দেশৰ সৰ্বসাধাৰণ। বিগত কেইদিনমানত হোৰা হোৰে বৃদ্ধি পাইছে পেট্ৰ'লৰ মূল্য। পেট্ৰ’লৰ সমান্তৰালকৈ বৃদ্ধি পাইছে  ডিজেলৰ মূল্যও। ৰন্ধন গেছৰ মূল্যও আকাশচুম্বী। বলীউড ছুপাৰষ্টাৰ অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰে এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে কিয় মাত মতা নাই? এই প্ৰশ্ন উত্থাপন কৰিয়েই মধ্য প্ৰদেশত দুয়োজন তাৰকাৰ প্ৰতিমূৰ্তি দাহ কৰে সাধাৰণ জনতাই।
 
অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰৰ ফটোৰে ৰাজপথৰ মাজত পুত্তলিকা দাহ কৰা বু‌লি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। জানিবলৈ পোৱা মতে, মধ্য প্ৰদেশত কংগ্ৰেছে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ক’বলৈ গৈ কংগ্ৰেছ বিধায়ক পি চি শৰ্মাই কয়, ‘২০১২ চনত ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ দুই তাৰকাই টুইট কৰিছিল। পেট্ৰ'ল আৰু ডিজেলৰ মূল্য তেতিয়া প্ৰায় ৬০ টকা আছিল। আৰু ৰন্ধন গেছৰ মূল্য আছিল ৩০০ ৰ পৰা ৪০০ টকা।  কিন্তু এতিয়া পেট্ৰ'ল আৰু ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে। আনহাতে, ৰন্ধন গেছৰ মূল্যও ১০০০টকা। তথাপি তেওঁলোকৰ কাৰো কোনো প্ৰতিক্ৰিয়া নাই।’
  
মধ্যপ্ৰদেশত কংগ্ৰেছৰ তত্‍পৰতাত সংঘটিত এনে কাণ্ডক তীব্ৰ গৰিহণা দিছে বিজেপিয়ে। বিৰোধীৰ এনে কাৰ্যক শাসকদলে দুৰ্ভাগ্যজনক আখ্যা দিছে। গেৰুৱা শিবিৰে কয়, ‘যেতিয়াঅমিতাভ বচ্চন কংগ্ৰেছৰ পক্ষত আছিল, তেতিয়া তেওঁৰ বিৰুদ্ধে তেওঁলোকে একোকে কোৱা নাছিল। কংগ্ৰেছ ত্যাগ কৰাৰ পাছৰে পৰা বিগ-বিয়ে আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে। অৱশ্যে, এতিয়ালৈকে এই বিষয়টোক লৈ অমিতাভ বচ্চন বা অক্ষয় কুমাৰে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।
মন কৰিবলগীয়া যে, প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে মধ্যপ্ৰদেশত প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ১০০ তকৈও অধিক। শনিবাৰে কলকাতাত প্ৰতি লিটাৰ  পেট্ৰ'লৰ মূল্য ১১৫ টকা ১২ পইছা। এক লিটাৰ ডিজেল ৯৯.৮৩ টকাত বিক্ৰী হৈছে মধ্যপ্ৰদেশত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ