--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা দেশৰ সৰ্বসাধাৰণ। বিগত কেইদিনমানত হোৰা হোৰে বৃদ্ধি পাইছে পেট্ৰ'লৰ মূল্য। পেট্ৰ’লৰ সমান্তৰালকৈ বৃদ্ধি পাইছে  ডিজেলৰ মূল্যও। ৰন্ধন গেছৰ মূল্যও আকাশচুম্বী। বলীউড ছুপাৰষ্টাৰ অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰে এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে কিয় মাত মতা নাই? এই প্ৰশ্ন উত্থাপন কৰিয়েই মধ্য প্ৰদেশত দুয়োজন তাৰকাৰ প্ৰতিমূৰ্তি দাহ কৰে সাধাৰণ জনতাই।
 
অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰৰ ফটোৰে ৰাজপথৰ মাজত পুত্তলিকা দাহ কৰা বু‌লি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। জানিবলৈ পোৱা মতে, মধ্য প্ৰদেশত কংগ্ৰেছে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ক’বলৈ গৈ কংগ্ৰেছ বিধায়ক পি চি শৰ্মাই কয়, ‘২০১২ চনত ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ দুই তাৰকাই টুইট কৰিছিল। পেট্ৰ'ল আৰু ডিজেলৰ মূল্য তেতিয়া প্ৰায় ৬০ টকা আছিল। আৰু ৰন্ধন গেছৰ মূল্য আছিল ৩০০ ৰ পৰা ৪০০ টকা।  কিন্তু এতিয়া পেট্ৰ'ল আৰু ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে। আনহাতে, ৰন্ধন গেছৰ মূল্যও ১০০০টকা। তথাপি তেওঁলোকৰ কাৰো কোনো প্ৰতিক্ৰিয়া নাই।’
  
মধ্যপ্ৰদেশত কংগ্ৰেছৰ তত্‍পৰতাত সংঘটিত এনে কাণ্ডক তীব্ৰ গৰিহণা দিছে বিজেপিয়ে। বিৰোধীৰ এনে কাৰ্যক শাসকদলে দুৰ্ভাগ্যজনক আখ্যা দিছে। গেৰুৱা শিবিৰে কয়, ‘যেতিয়াঅমিতাভ বচ্চন কংগ্ৰেছৰ পক্ষত আছিল, তেতিয়া তেওঁৰ বিৰুদ্ধে তেওঁলোকে একোকে কোৱা নাছিল। কংগ্ৰেছ ত্যাগ কৰাৰ পাছৰে পৰা বিগ-বিয়ে আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে। অৱশ্যে, এতিয়ালৈকে এই বিষয়টোক লৈ অমিতাভ বচ্চন বা অক্ষয় কুমাৰে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।
মন কৰিবলগীয়া যে, প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে মধ্যপ্ৰদেশত প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ১০০ তকৈও অধিক। শনিবাৰে কলকাতাত প্ৰতি লিটাৰ  পেট্ৰ'লৰ মূল্য ১১৫ টকা ১২ পইছা। এক লিটাৰ ডিজেল ৯৯.৮৩ টকাত বিক্ৰী হৈছে মধ্যপ্ৰদেশত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ