--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হত্যাতকৈও জঘন্য অপৰাধ হৈছে দলবদ্ধ ধৰ্ষণ। হত্যাই মানুহৰ শৰীৰৰ বিনাশ ঘটায় কিন্তু বলাৎকাৰে মানুহৰ আত্মাকো ধ্বংস কৰি পেলায়। এই তাৎপৰ্যপূ্ৰ্ণ মন্তব্য কৰিছে মুম্বাইৰ এখন আদালতে। এগৰাকী মানসিকভাৱে অসুস্থ কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা সম্পৰ্কীয় এটা গোচৰৰ ৰায়দান কৰি এই মন্তব্য কৰে ন্যায়ালয়ে। ন্যায়ালয়ে বলাৎকাৰৰ বলি হোৱাজনৰ আত্মাৰো মৃত্যু হয় বুলি মন্তব্য কৰে।

উল্লেখ্য যে, এজন ২৮ বছৰীয়া যুৱকে আন এজন সংগীৰ সৈতে মিলি এগৰাকী ১৫ বছৰীয়া মানসিক বিকাৰগ্ৰস্ত কিশোৰীৰ দলবদ্ধ ধৰ্ষণ কৰিছিল। ২০১২চনতে এই গোচৰত অভিযুক্ত দুজনক দোষী সাব্যস্ত কৰিছিল ন্যায়ালয়ে।

এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে এজন অভিযুক্তৰ মৃত্যু হয়। আনজন অভিযুক্তক বিশেষ প’কছ’ আদালতে ১০ বছৰৰ কাৰাদণ্ড বিহে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে অভিযুক্তৰ বিৰুদ্ধে আদালতত সাক্ষ্য দিছিল ভুক্তভোগী কিশোৰীগৰাকীয়ে। ন্যায়াধীশ এছ চি সিন্ধেই প্ৰকাশ কৰে যে, ভুৰ্তভোগীৰ মন্তব্য গ্ৰহণযোগ্য। ভুৰ্তভোগী কিশোৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে, অভিযুক্ত লোক দুজনে তেওঁক ভাবুকি দিছিল যে, এই কাণ্ডৰ বিষয়ে তেওঁ যদি কাৰোবাক কয় তেন্তে তাৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব।  

ইফালে, আদালতে অভিযুক্তৰ পক্ষৰ উকীলে কৰা বক্তব্য নাকচ কৰে। অভিযুক্তৰ ফালৰ পৰা কোৱা হৈছিল যে, এইটো ভুলকৈ চিনাক্ত কৰাৰ ঘটনা। আদালতে প্ৰকাশ কৰে যে, ভুক্তভোগীয়ে অভিযুক্তজনক আক্ৰমণকাৰী হিচাপে চিনাক্ত কৰিছিল। তথ্য অনুসৰি, ভুক্তভোগীগৰাকীৰ মাতৃয়ে আৰক্ষীক ধৰ্ষণৰ বিষয়ে অৱগত কৰিছিল। তেওঁ আৰক্ষীক কৈছিল যে তেওঁৰ ছোৱালীক অভিযুক্তজনে অভিযুক্তজনে তাইক ১০ টকা দিয়াৰ লোভ দেখুৱাই লৈ গৈছিল আৰু তাইক দলবদ্ধ ধৰ্ষণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন