--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হত্যাতকৈও জঘন্য অপৰাধ হৈছে দলবদ্ধ ধৰ্ষণ। হত্যাই মানুহৰ শৰীৰৰ বিনাশ ঘটায় কিন্তু বলাৎকাৰে মানুহৰ আত্মাকো ধ্বংস কৰি পেলায়। এই তাৎপৰ্যপূ্ৰ্ণ মন্তব্য কৰিছে মুম্বাইৰ এখন আদালতে। এগৰাকী মানসিকভাৱে অসুস্থ কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা সম্পৰ্কীয় এটা গোচৰৰ ৰায়দান কৰি এই মন্তব্য কৰে ন্যায়ালয়ে। ন্যায়ালয়ে বলাৎকাৰৰ বলি হোৱাজনৰ আত্মাৰো মৃত্যু হয় বুলি মন্তব্য কৰে।

উল্লেখ্য যে, এজন ২৮ বছৰীয়া যুৱকে আন এজন সংগীৰ সৈতে মিলি এগৰাকী ১৫ বছৰীয়া মানসিক বিকাৰগ্ৰস্ত কিশোৰীৰ দলবদ্ধ ধৰ্ষণ কৰিছিল। ২০১২চনতে এই গোচৰত অভিযুক্ত দুজনক দোষী সাব্যস্ত কৰিছিল ন্যায়ালয়ে।

এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে এজন অভিযুক্তৰ মৃত্যু হয়। আনজন অভিযুক্তক বিশেষ প’কছ’ আদালতে ১০ বছৰৰ কাৰাদণ্ড বিহে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে অভিযুক্তৰ বিৰুদ্ধে আদালতত সাক্ষ্য দিছিল ভুক্তভোগী কিশোৰীগৰাকীয়ে। ন্যায়াধীশ এছ চি সিন্ধেই প্ৰকাশ কৰে যে, ভুৰ্তভোগীৰ মন্তব্য গ্ৰহণযোগ্য। ভুৰ্তভোগী কিশোৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে, অভিযুক্ত লোক দুজনে তেওঁক ভাবুকি দিছিল যে, এই কাণ্ডৰ বিষয়ে তেওঁ যদি কাৰোবাক কয় তেন্তে তাৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব।  

ইফালে, আদালতে অভিযুক্তৰ পক্ষৰ উকীলে কৰা বক্তব্য নাকচ কৰে। অভিযুক্তৰ ফালৰ পৰা কোৱা হৈছিল যে, এইটো ভুলকৈ চিনাক্ত কৰাৰ ঘটনা। আদালতে প্ৰকাশ কৰে যে, ভুক্তভোগীয়ে অভিযুক্তজনক আক্ৰমণকাৰী হিচাপে চিনাক্ত কৰিছিল। তথ্য অনুসৰি, ভুক্তভোগীগৰাকীৰ মাতৃয়ে আৰক্ষীক ধৰ্ষণৰ বিষয়ে অৱগত কৰিছিল। তেওঁ আৰক্ষীক কৈছিল যে তেওঁৰ ছোৱালীক অভিযুক্তজনে অভিযুক্তজনে তাইক ১০ টকা দিয়াৰ লোভ দেখুৱাই লৈ গৈছিল আৰু তাইক দলবদ্ধ ধৰ্ষণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান