--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বদাউনত আধাৰ কাৰ্ড তৈয়াৰ কৰোঁতে এক ধৰণৰ অৱহেলাৰ কথা পোহৰলৈ আহিছে, যিটো দেখি সকলো হতবাক হৈ পৰিছে। 

এটি শিশুৰ আধাৰ কাৰ্ডত শিশুটিৰ নামৰ সলনি লিখা হৈছে 'মধু কা পাঁচৱা বাচ্চা'(মধুৰ পঞ্চম সন্তান)। ইংৰাজীত ভাষাত লিখিছে 'Baby five of Madhu'। আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ দুবছৰ পাছত যেতিয়া অভিভাৱকে শিশুটিৰ নামভৰ্তি কৰিবলৈ বিদ্যালয়ত উপস্থিত হৈছিল তেতিয়া এই  গোটেই বিষয়টো পোহৰলৈ আহিছিল। 

এই ঘটনাটো বদাউনৰ বিলচি তহচিলৰ ৰায়পুৰ গাঁৱৰ। সেই গাঁৱত বাস কৰা দিনেশ আৰু মধুয়ে তেওঁলোকৰ কন্যা আৰতিক প্ৰাথমিক বিদ্যালয়ত ভৰ্তি কৰোৱাবলৈ আহিছিল। নামভৰ্তিৰ সময়ত শিক্ষকসকলে আৰতিৰ আধাৰ কাৰ্ড বিচাৰিছিল। আৰতিৰ মাতৃ মধুৱে শিক্ষকৰ হাতত আৰতিৰ আধাৰ কাৰ্ডখন দিয়ে। আধাৰ কাৰ্ডত আৰতিৰ নামৰ সলনি 'মধু কা পাঁচৱা বাচ্চা' বুলি লিখা দেখি শিক্ষকসকল আচৰিত হৈ পৰে। 

এই নাম দেখি শিক্ষকে আৰতিক বিদ্যালয়ত নামভৰ্তি কৰিবলৈ অস্বীকাৰ কৰিছিল। বিদ্যালয়খনৰ শিক্ষকে শিশুটিৰ পিতৃক এয়া সংশোধন কৰিবলৈ কয়। বিদ্যালয়খনৰ শিক্ষকে ছ'চিয়েল মিডিয়াত এই তথ্য ভাগ বতৰা কৰি সকলোকে সতৰ্ক কৰি দিয়ে। সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ পাছত জিলা প্ৰশাসনে আধাৰ কাৰ্ড নিৰ্মাতাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ