--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বদাউনত আধাৰ কাৰ্ড তৈয়াৰ কৰোঁতে এক ধৰণৰ অৱহেলাৰ কথা পোহৰলৈ আহিছে, যিটো দেখি সকলো হতবাক হৈ পৰিছে। 

এটি শিশুৰ আধাৰ কাৰ্ডত শিশুটিৰ নামৰ সলনি লিখা হৈছে 'মধু কা পাঁচৱা বাচ্চা'(মধুৰ পঞ্চম সন্তান)। ইংৰাজীত ভাষাত লিখিছে 'Baby five of Madhu'। আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ দুবছৰ পাছত যেতিয়া অভিভাৱকে শিশুটিৰ নামভৰ্তি কৰিবলৈ বিদ্যালয়ত উপস্থিত হৈছিল তেতিয়া এই  গোটেই বিষয়টো পোহৰলৈ আহিছিল। 

এই ঘটনাটো বদাউনৰ বিলচি তহচিলৰ ৰায়পুৰ গাঁৱৰ। সেই গাঁৱত বাস কৰা দিনেশ আৰু মধুয়ে তেওঁলোকৰ কন্যা আৰতিক প্ৰাথমিক বিদ্যালয়ত ভৰ্তি কৰোৱাবলৈ আহিছিল। নামভৰ্তিৰ সময়ত শিক্ষকসকলে আৰতিৰ আধাৰ কাৰ্ড বিচাৰিছিল। আৰতিৰ মাতৃ মধুৱে শিক্ষকৰ হাতত আৰতিৰ আধাৰ কাৰ্ডখন দিয়ে। আধাৰ কাৰ্ডত আৰতিৰ নামৰ সলনি 'মধু কা পাঁচৱা বাচ্চা' বুলি লিখা দেখি শিক্ষকসকল আচৰিত হৈ পৰে। 

এই নাম দেখি শিক্ষকে আৰতিক বিদ্যালয়ত নামভৰ্তি কৰিবলৈ অস্বীকাৰ কৰিছিল। বিদ্যালয়খনৰ শিক্ষকে শিশুটিৰ পিতৃক এয়া সংশোধন কৰিবলৈ কয়। বিদ্যালয়খনৰ শিক্ষকে ছ'চিয়েল মিডিয়াত এই তথ্য ভাগ বতৰা কৰি সকলোকে সতৰ্ক কৰি দিয়ে। সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ পাছত জিলা প্ৰশাসনে আধাৰ কাৰ্ড নিৰ্মাতাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স