--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পিঁয়াজত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী বুলি জনা যায়। কিন্তু আপুনি জানেনে যে পিঁয়াজৰ বাকলিৰো আছে স্বাস্থ্যজনিত বহুতো উপকাৰ।

পিঁয়াজৰ বাকলিৰ উপকাৰিতা-

১. হাৰ্টএটেকৰ আশংকা হ্ৰাস কৰেঃ-ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে হৃদৰোগত আক্ৰান্ত আৰু মৃত্যুমুখত পৰা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হ’ল শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ আৰু অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা। কিন্তু পিঁয়াজৰ বাকলিৰে হাৰ্টএটেকৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ উপৰি পিঁয়াজৰ বাকলিবোৰ সম্পূৰ্ণ উতলাৰ পাছত চেকি কুহুমীয়া হ’লে গ্ৰহণ কৰক।

২. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ-পৰিৱৰ্তিত বতৰত ভাইৰাছজনিত সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। সেয়েহে চৰ্দি, কাহ আৰু জ্বৰৰ আক্ৰমণৰ আশংকাও সমানে বাঢ়ে। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-‘চি’ থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৩. চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়ঃ-পিঁয়াজৰ বাকলিত ৰেটিনলৰসমৃদ্ধ উৎস অৰ্থাৎ ভিটামিন-এ বুলি গণ্য কৰা হয়, যিটো আমাৰ চকুৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। যদি ইয়াৰ অভাৱ হয় তেন্তে চকুৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰিব পাৰে। পিঁয়াজৰ বাকলিৰ সহায়ত আপুনি চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে। ইয়াৰ বাবে বাকলিখিনি পানীত উতলাই চেকি কুহুমীয়া হ’লে গ্ৰহণ কৰক।

৪. চুলি স্বাস্থ্যৱান কৰেঃ-চুলিৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে এবাটি পানী লৈ তাত পিঁয়াজৰ বাকলিবোৰ দিব। প্ৰায় এঘণ্টামানৰ পাছত এই পানীৰে চুলিখিনি ধুই পেলাব। ইয়াৰ ফলত চুলি সৰা সমস্যা দূৰ হোৱাই নহয়, চুলি দীঘল, ডাঠ আৰু উজ্জ্বল হৈ পৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল