--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পিঁয়াজত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী বুলি জনা যায়। কিন্তু আপুনি জানেনে যে পিঁয়াজৰ বাকলিৰো আছে স্বাস্থ্যজনিত বহুতো উপকাৰ।

পিঁয়াজৰ বাকলিৰ উপকাৰিতা-

১. হাৰ্টএটেকৰ আশংকা হ্ৰাস কৰেঃ-ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে হৃদৰোগত আক্ৰান্ত আৰু মৃত্যুমুখত পৰা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হ’ল শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ আৰু অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা। কিন্তু পিঁয়াজৰ বাকলিৰে হাৰ্টএটেকৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ উপৰি পিঁয়াজৰ বাকলিবোৰ সম্পূৰ্ণ উতলাৰ পাছত চেকি কুহুমীয়া হ’লে গ্ৰহণ কৰক।

২. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ-পৰিৱৰ্তিত বতৰত ভাইৰাছজনিত সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। সেয়েহে চৰ্দি, কাহ আৰু জ্বৰৰ আক্ৰমণৰ আশংকাও সমানে বাঢ়ে। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-‘চি’ থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৩. চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়ঃ-পিঁয়াজৰ বাকলিত ৰেটিনলৰসমৃদ্ধ উৎস অৰ্থাৎ ভিটামিন-এ বুলি গণ্য কৰা হয়, যিটো আমাৰ চকুৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। যদি ইয়াৰ অভাৱ হয় তেন্তে চকুৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰিব পাৰে। পিঁয়াজৰ বাকলিৰ সহায়ত আপুনি চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে। ইয়াৰ বাবে বাকলিখিনি পানীত উতলাই চেকি কুহুমীয়া হ’লে গ্ৰহণ কৰক।

৪. চুলি স্বাস্থ্যৱান কৰেঃ-চুলিৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে এবাটি পানী লৈ তাত পিঁয়াজৰ বাকলিবোৰ দিব। প্ৰায় এঘণ্টামানৰ পাছত এই পানীৰে চুলিখিনি ধুই পেলাব। ইয়াৰ ফলত চুলি সৰা সমস্যা দূৰ হোৱাই নহয়, চুলি দীঘল, ডাঠ আৰু উজ্জ্বল হৈ পৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা