--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শাৰদীয় নৱৰাত্ৰিৰ পৰা আৰম্ভ হয় মৃদু ঠাণ্ডা। পৰিৱৰ্তিত ঋতুত অধিক অসুস্থ হৈ পৰা দেখা যায়। এই বতৰত অলপ অসাৱধান হ’লেই ঠাণ্ডা লাগি জ্বৰ হ’ব পাৰে। এই ঋতু যিকোনো প্ৰকাৰে ৰোগ আৰু সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। বৰষুণৰ পাছত বহু ধৰণৰ সংক্ৰমণ হ’বলৈ আৰম্ভ কৰে। খাদ্য-পানীয়ৰ ক্ষেত্ৰত সজাগ হৈ থকাৰ লগতে ঋতু অনুসৰি খাদ্যৰ কিছু পৰিৱৰ্তন কৰাটোও স্বাস্থ্যৰ পক্ষে উচিত।

 ঋতু অনুসৰি খাদ্য সালসলনি কৰক-

* কেৱল গৰম খাদ্য খাবঃ-বাৰিষাৰ পাছত মৃদু ঠাণ্ডা অনুভৱ হ’বলৈ আৰম্ভ কৰে। সেয়ে পৰিৱৰ্তিত বতৰত কেৱল গৰম আৰু সতেজ খাদ্যহে খাব লাগে। ঠাণ্ডা বস্তু সেৱন কৰিলে ডিঙি অসুস্থ হোৱা আৰু চৰ্দি-জ্বৰৰ আশংকা বাঢ়ি যায়।

* সেউজীয়া শাক-পাচলি খাবঃ-এই বতৰত সেউজীয়া শাক-পাচলি যেনে-ৰঙা শাক, কচু, লাও আৰু লফা খোৱা উচিত। লগতে ডায়েটত ঋতুৰ সেউজীয়া নতুন শাক-পাচলিও অন্তৰ্ভুক্ত কৰক। ইয়াৰ উপৰি বেঙেনা আৰু বিলাহীও খাব পাৰে।

* প্ৰচুৰ পৰিমাণে বতৰৰ ফল খাবঃ-এয়া আপেলৰ বতৰ। এই বতৰত প্ৰচুৰ আপেল খাব লাগে। ইয়াৰ বাহিৰেও কল, অমিতা, মধুৰী আৰু মাটি কঁঠাল খাব লাগে। ফলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে।

* হালধি-গাখীৰ খাবঃ-নিতৌ হালধি দি গাখীৰ খাব লাগে। ইয়াৰ ফলত শৰীৰত উষ্ণতা আহে আৰু চৰ্দি আৰু ফ্লুৰ সৃষ্টি নহয়। হালধি-গাখীৰ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। বিশেষকৈ পৰিৱৰ্তিত বতৰত হালধি-গাখীৰে স্বাস্থ্য সুস্থ কৰি ৰাখে।

* চ্যাৱানপ্ৰাছ আৰু আদা ব্যৱহাৰ কৰকঃ–খাদ্যত আদা, তুলসী আৰু চ্যাৱানপ্ৰাছ অন্তৰ্ভুক্ত কৰক। আপুনি আদা-তুলসী চাহ খোৱাৰ লগতে নিশা শোৱাৰ আগতে গাখীৰৰ লগত চ্যাৱনপ্ৰাছ খাওক। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ