--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণীক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি কোৱা হয়। কণী মানুহে প্ৰতিদিনে এটাকে হলেও খাব লাগে। কণীত বহুতো পুষ্টিকৰ উপাদান যেনে ভিটামিন এ, বি ৬, বি ১২, প্ৰ’টিন, ফ’লেট, আইৰণ, এমিন’ এচিড, ফছফৰাছ আৰু চেলেনিয়ামৰ প্ৰয়োজনীয় অসংপৃক্ত ফেটি এচিড (লিন’লিক, অলিক এচিড) থাকে। এই কাৰণেই স্বাস্থ্যৰ বাবে কণীক ছুপাৰফুড বুলি কোৱা হয়। 

ইয়াৰ দৈনিক সেৱনে শৰীৰলৈ বহু উপকাৰ কঢ়িয়াই আনে। কিন্তু আপুনি জানেনে যে স্বাস্থ্যৰ বাবে ইমান উপকাৰী হোৱাৰ পিছতো যদি কণী ৫ টা বস্তুৰ সৈতে একেলগে সেৱন কৰা হয়, তেন্তে ইয়াৰ উপকাৰ হোৱাৰ পৰিৱৰ্তে ই স্বাস্থ্যৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰে। কণীৰ লগত কি কি ৫টা বস্তু একেবাৰেই সেৱন কৰিব নালাগে জানো আহক।

কণীৰ লগত এই ৫টা খাদ্যবস্তু নিষিদ্ধ

১) কণী আৰু চেনিঃ কণীৰ লগত চেনী কোনেও নাখায়। ইয়াত ক’বলৈ বিচৰা হৈছে যে কণীৰ সৈতে চেনিযুক্ত যিকোনো খাদ্য গ্ৰহণ কৰিব নালাগে।
কণীৰ লগত চেনি সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতি হয়। কণী আৰু চেনিৰ পৰা নিৰ্গত হোৱা এমিনো এচিড শৰীৰৰ বাবে বিষাক্ত হৈ পৰে, যাৰ ফলত এজন ব্যক্তিৰ শৰীৰত তেজ জমা হোৱাৰ সমস্যাও হ’ব পাৰে।

২) কণী আৰু ছ’য়া মিল্কঃ ছ’য়া মিল্কত শাক-পাচলিৰ প্ৰটিন, চৰ্বি, কাৰ্ব’, ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে, যিয়ে স্বাস্থ্যৰ বহু দিশত উপকৃত কৰাৰ কাম কৰে। কিন্তু যদি আপুনি কণীৰ সৈতে ছ’য়া মিল্ক সেৱন কৰে, তেন্তে আপুনি হয়তো স্বাস্থ্যজনিত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

৩) কণী আৰু চাহঃ কণীৰ সৈতে চাহ খালে কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। এই কাৰণে কণী আৰু চাহ একেলগে সেৱন নকৰাটো নিষিদ্ধ।

৪) কণী আৰু কলঃ কণী আৰু কল এই দুয়োটা সংমিশ্ৰণ আপোনাৰ স্বাস্থ্যৰ বাবে অতি বেয়া বুলি গণ্য কৰা হয়। যদি আপুনি এই দুটা বস্তু একেলগে সেৱন কৰে তেন্তে আপুনি বদহজম আৰু কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিব।

৫) কণী আৰু টেঙা বস্তুঃ কণী খোৱাৰ পাছত কেতিয়াও টেঙা বস্তু নাখাব। এনে কৰিলে হাৰ্ট এটেক আৰু বহুতো গুৰুতৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু