--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডত এজন পিতৃয়ে সন্তান জন্ম দি সকলোকে আচৰিত কৰি তুলিছে। ২৭ বছৰীয়া ছালেব বোল্ডেন আৰু তেওঁৰ ২৫ বছৰীয়া পত্নী নিয়াম বোল্ডেন এটি সন্তানৰ পিতৃ-মাতৃ হৈ পৰিছে। শিশুটিৰ জন্ম নিয়ামে নহয়, তেওঁৰ স্বামী ছালেবেহে দিছিল। আচলতে ছালেব এগৰাকী ট্ৰেন্সজেণ্ডাৰ পুৰুষ। নিয়ামৰ তিনিবাৰ গৰ্ভপাত হৈছিল আৰু কিছু স্বাস্থ্যজনিত সমস্যাৰ বাবে সন্তান জন্ম দিব পৰা নাছিল।
Transgender father Caleb Bolden gives birth to a child in England पिता ने दिया बच्ची को जन्म, वजह जान हो जाएंगे हैरान, जानें कैसे हुआ ये मुमकिन
নিয়ামক চিকিৎসকে কৈছিল যে তাইৰ ডিম্বাণুবোৰে নিষেচন কৰিব নোৱাৰাৰ বাবে তাই কেতিয়াও সন্তান জন্ম দিব নোৱাৰিব। সেইবাবেই ছালেবে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্ত লোৱাৰ পূৰ্বে দুয়োজনে শুক্ৰাণু দাতাৰ জৰিয়তে সন্তান জন্ম দিয়াৰ কথাও ভাবিছিল। সেই সময়ত ছালেব বোল্ডেনে সম্পূৰ্ণ পুৰুষ হ’বলৈ টেষ্টষ্টেৰন বেজী লৈ আছিল।

যেতিয়া ছালেবে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিল, তেতিয়া ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ টেষ্টষ্টেৰন বেজী লোৱা বন্ধ কৰি দিছিল। এই বেজীবোৰৰ সহায়ত তেওঁ সম্পূৰ্ণ পুৰুষ হ’ব পাৰিলেহেঁতেন, কিন্তু শিশুটি জন্ম দিয়াৰ স্বাৰ্থত তেওঁ সেইবোৰ বেজী লোৱা বন্ধ কৰি দিলে। তাৰ পিছত এই দম্পতীয়ে এজন শুক্ৰাণু দাতাক লগ পায় আৰু ৬ মাহৰ ভিতৰতে ছালেব গৰ্ভৱতী হয়।

ইংলেণ্ডৰ কেম্ব্ৰিজশ্বাৰত বাস কৰা এই দম্পতীয়ে এই সময়ছোৱাত মানুহৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল যদিও পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে তেওঁলোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছিল। ছালেবে ৯ মাহ ধৰি গৰ্ভত সন্তানটোক ডাঙৰ-দীঘল কৰিছিল আৰু তাৰ পিছত ২০২৩ চনৰ মে’ মাহত এগৰাকী কন্যা সন্তান জন্ম দিছিল। বৰ্তমান দুয়োৰে স্বাস্থ্য ভালে আছে।

ছালেব বোল্ডেনে কয় যে ''মোৰ পত্নীৰ সমস্যা আছে, গতিকে মই এটা সন্তান জন্ম দিয়াৰ কথা ভাবিলোঁ। এই যাত্ৰা বৰ কষ্টকৰ আছিল। মই বিচাৰো যে আন ট্ৰেন্সজেণ্ডাৰ পুৰুষো মোক দেখি এনেদৰে আগবাঢ়ি আহক। মানুহে জানক যে আমিও সন্তান জন্ম দিব পাৰো।'' 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস