--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডত এজন পিতৃয়ে সন্তান জন্ম দি সকলোকে আচৰিত কৰি তুলিছে। ২৭ বছৰীয়া ছালেব বোল্ডেন আৰু তেওঁৰ ২৫ বছৰীয়া পত্নী নিয়াম বোল্ডেন এটি সন্তানৰ পিতৃ-মাতৃ হৈ পৰিছে। শিশুটিৰ জন্ম নিয়ামে নহয়, তেওঁৰ স্বামী ছালেবেহে দিছিল। আচলতে ছালেব এগৰাকী ট্ৰেন্সজেণ্ডাৰ পুৰুষ। নিয়ামৰ তিনিবাৰ গৰ্ভপাত হৈছিল আৰু কিছু স্বাস্থ্যজনিত সমস্যাৰ বাবে সন্তান জন্ম দিব পৰা নাছিল।
Transgender father Caleb Bolden gives birth to a child in England पिता ने दिया बच्ची को जन्म, वजह जान हो जाएंगे हैरान, जानें कैसे हुआ ये मुमकिन
নিয়ামক চিকিৎসকে কৈছিল যে তাইৰ ডিম্বাণুবোৰে নিষেচন কৰিব নোৱাৰাৰ বাবে তাই কেতিয়াও সন্তান জন্ম দিব নোৱাৰিব। সেইবাবেই ছালেবে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্ত লোৱাৰ পূৰ্বে দুয়োজনে শুক্ৰাণু দাতাৰ জৰিয়তে সন্তান জন্ম দিয়াৰ কথাও ভাবিছিল। সেই সময়ত ছালেব বোল্ডেনে সম্পূৰ্ণ পুৰুষ হ’বলৈ টেষ্টষ্টেৰন বেজী লৈ আছিল।

যেতিয়া ছালেবে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিল, তেতিয়া ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ টেষ্টষ্টেৰন বেজী লোৱা বন্ধ কৰি দিছিল। এই বেজীবোৰৰ সহায়ত তেওঁ সম্পূৰ্ণ পুৰুষ হ’ব পাৰিলেহেঁতেন, কিন্তু শিশুটি জন্ম দিয়াৰ স্বাৰ্থত তেওঁ সেইবোৰ বেজী লোৱা বন্ধ কৰি দিলে। তাৰ পিছত এই দম্পতীয়ে এজন শুক্ৰাণু দাতাক লগ পায় আৰু ৬ মাহৰ ভিতৰতে ছালেব গৰ্ভৱতী হয়।

ইংলেণ্ডৰ কেম্ব্ৰিজশ্বাৰত বাস কৰা এই দম্পতীয়ে এই সময়ছোৱাত মানুহৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল যদিও পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে তেওঁলোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছিল। ছালেবে ৯ মাহ ধৰি গৰ্ভত সন্তানটোক ডাঙৰ-দীঘল কৰিছিল আৰু তাৰ পিছত ২০২৩ চনৰ মে’ মাহত এগৰাকী কন্যা সন্তান জন্ম দিছিল। বৰ্তমান দুয়োৰে স্বাস্থ্য ভালে আছে।

ছালেব বোল্ডেনে কয় যে ''মোৰ পত্নীৰ সমস্যা আছে, গতিকে মই এটা সন্তান জন্ম দিয়াৰ কথা ভাবিলোঁ। এই যাত্ৰা বৰ কষ্টকৰ আছিল। মই বিচাৰো যে আন ট্ৰেন্সজেণ্ডাৰ পুৰুষো মোক দেখি এনেদৰে আগবাঢ়ি আহক। মানুহে জানক যে আমিও সন্তান জন্ম দিব পাৰো।'' 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে