--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ ছামাৰচেটৰ আইৰিছ জ’নছ নামৰ এগৰাকী বৃদ্ধাই ৩৭ বছৰীয়া যুৱ স্বামীৰ সৈতে যৌন জীৱনৰ কথা প্ৰকাশ কৰি আলোড়নৰ সৃষ্টি কৰিছিল। অৱশেষত বিয়াৰ প্ৰায় তিনিবছৰৰ অন্তত সেই সম্পৰ্কৰ অন্ত পেলায়।

২০১৯ চনত ইজিপ্তৰ কায়ৰোৰ যুৱক মহম্মদ ইব্ৰিহামৰ সৈতে ফেচবুকত কথা পাতিছিল আইৰিছে। ফেচবুকত গঢ় লৈ উঠা বন্ধুত্ব অতি সোনকালেই প্ৰেমলৈ পৰিণত হ’ল। ২০২০ চনৰ নৱেম্বৰ মাহত আইৰিছ আৰু ইব্ৰিহামৰ বিবাহ হয়। দম্পতীহালৰ প্ৰেম আৰু বিবাহ কাহিনীয়ে সেই সময়ত দেশ-বিদেশৰ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

আইৰিছ আৰু ইব্ৰিহামক বিভিন্ন টেলিভিছন চেনেললৈও নিমন্ত্ৰণ কৰা হৈছিল। সেই সকলোবোৰ শ্ব’তে এই যুটিটোৱে নিজৰ প্ৰেম জীৱনৰ পৰা আৰম্ভ কৰি যৌন জীৱনলৈকে সকলো কথা স্পষ্টকৈ কৈছিল।

অৱশ্যে তিনিবছৰ বিবাহৰ অন্তত দম্পতীহালে ইজনে সিজনৰ পৰা আঁতৰি যায়। শেহতীয়াকৈ আইৰিছ আৰু ইব্ৰিহামৰ মাজত বিচ্ছেদ ঘটিছে। ব্ৰেকআপৰ বিষয়ে আইৰিছে কয়- ''ইব্ৰাহিমৰ সকলো কথাই মই ভাল পাইছিলোঁ। আমাৰ যৌন জীৱনটো বৰ ভালকৈয়ে চলি আছিল। কিন্তু লাহে লাহে আমাৰ সম্পৰ্ক জটিল হ’বলৈ ধৰিলে। আমি প্ৰেমৰ সলনি সকলো কথাতে তৰ্ক কৰিবলৈ ধৰিলোঁ। মই সেইটো মানি ল’ব পৰা নাছিলো। আৰু সেইবাবেই মই ইব্ৰাহিমক এৰি দিলোঁ।’’

আইৰিছে কয় যে তেওঁ এতিয়া নিজৰ পোহনীয়া মেকুৰীটোৰ সৈতে জীৱনটো উপভোগ কৰি আছে। আইৰিছে ক’লে, “মহম্মদ যোৱাৰ কেইদিনমান পিছতে মেকুৰীটো পাইছিলোঁ। মেকুৰীটো মোৰ বেষ্ট ফ্ৰেণ্ড। একো অভিযোগ নকৰে সি। চাবলৈও বৰ ধুনীয়া।''

আইৰিছে কয় যে তেওঁ সুখী যে তেওঁৰ পোহনীয়া মেকুৰীটোৱে ইব্ৰাহিমৰ দৰে কোনো সমস্যাৰ সৃষ্টি নকৰে। আইৰিছে লগতে কয় যে তেওঁৰ প্ৰাক্তন স্বামীৰ প্ৰতি তেওঁৰ দৃষ্টি হেৰুৱাবলগীয়া হোৱা নাই। আইৰিছে ইব্ৰাহিমৰ ওপৰত বিৰক্ত বুলিও কয়।

এই দম্পতীৰ বিচ্ছেদক ​​লৈ তেওঁলোকৰ অনুৰাগীয়ে শোক প্ৰকাশ কৰিছে। বহুতৰ মতে ইব্ৰাহিমে আইৰিছক টকাৰ বাবে নহয়, প্ৰেমৰ বাবে বিয়া কৰাইছিল। তেতিয়া দুবছৰৰ ভিতৰতে কেনেকৈ সিহঁতৰ প্ৰেমৰ অন্ত পৰিল!

বিয়াৰ পিছত ইব্ৰাহিমে অৱশ্যে স্বীকাৰ কৰে যে তেওঁ ছামাৰচেটৰ ৱেষ্টন ছুপাৰ মেৰত থাকিব বিচাৰে। কিন্তু ৰেচিডেন্স পাৰ্মিট পাবলৈ হ’লে তাত স্থায়ী বাসিন্দাক বিয়া কৰাব লাগিব। আৰু সেইবাবেই তেওঁ আইৰিছক বিয়া কৰাইছিল। অৱশ্যে প্ৰেমৰ বাবেই বিয়াখন হোৱা বুলিও তেওঁ কয়।

আইৰিছৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ২০২১ চনত ইব্ৰাহিমক চৰকাৰে তিনি বছৰৰ ভিছা প্ৰদান কৰে। ২০২০ চনত ইব্ৰাহিমে সংবাদ মাধ্যমত দাবী কৰিছিল যে আইৰিছৰ সৈতে তেওঁৰ সম্পৰ্কত যিয়েই সন্দেহ কৰে তেওঁ ‘নৰক’লৈ যাব লাগে।

ইব্ৰাহিমে কৈছিল- ''প্ৰেমৰ বয়স নাই। প্ৰেমৰ কোনো সীমা নাই। আইৰিছে মোক বাছি লৈছিল আৰু মই আইৰিছক বাছি লৈছিলো। মানুহে মোক আইৰিছৰ খেলনা বুলি ভাবে। কিন্তু মই এজন মানুহ। মই পুতলা নহয়। অনুগ্ৰহ কৰি এই কথা কোৱা বন্ধ কৰক।''

ইমান প্ৰেমৰ কথা কৈও আইৰিছ-ইব্ৰাহিমে ব্ৰেকআপ কৰিলে। কুৎসিত লোকসকলৰ মতে ইব্ৰাহিমে নিজৰ স্বাৰ্থ পূৰণৰ বাবে আইৰিছক বিয়া কৰাইছিল। আৰু সেই কথা গম পোৱাৰ পিছত আইৰিছে ইব্ৰিহামৰ সলনি পোহনীয়া মেকুৰীটোক ঠাই দিলে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ফ্রন্টিয়াৰ্ছ ইন ক্লাইমেট’ জার্নেলত উদ্বেগজনক তথ্য; ২০৭০ চনলৈ সংকটত পৰিব অসমৰ চাহ শিল্প
হাইটিৰ জাৰ্ছীত পোলেণ্ডৰ ৰাষ্ট্ৰীয় পতাকা; স্বাধীনতা আন্দোলনত সহযোগিতা আগবঢ়োৱাৰ স্বীকৃতি
আমৰ বাকলিৰ নানা গুণে আচৰিত কৰিব আপোনাক
ৰূপকোঁৱৰৰ স্মৃতিৰ নীৰৱ সাক্ষী: গহপুৰত আজিও সুৰক্ষিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঐতিহাসিক চকী
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement