--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডত মৃত্যু ঘটিছিল পিতৃ-মাতৃৰ। তাৰ পিছত কণমানি ভাতৃৰ সৈতে কঠোৰ জীৱন-সংগ্ৰামত নামি পৰিছে মধ্যপ্ৰদেশৰ ভূপালৰ বনিষা পাঠক নামৰ কিশোৰীগৰাকী। বনিষাৰ বয়স মাত্ৰ ১৭ বছৰ। অকালতে পিতৃ-মাতৃ দুয়োকে হেৰুওৱাৰ পিছতো একাগ্ৰতাৰে দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্যৰ ভিতৰতে ৯৯.৮ শতাংশ নম্বৰ লাভ কৰি শীৰ্ষস্থান প্ৰাপ্ত কৰিছিল বনিষাই। বৰ্তমান ১০ বছৰীয়া ভাতৃৰ সৈতে মোমায়েক অধ্যাপক অশোক শৰ্মাৰ ঘৰত বাস কৰে বনিষা পাঠকে। মেধাৱী বনিষাৰ জীৱনলৈ এতিয়া পুনৰ আন এক দুৰ্যোগ নামি আহিছে। 


উল্লেখ্য যে বনিষাৰ পিতৃ জিতেন্দ্ৰ পাঠক আছিল এল আই চিৰ এজেণ্ট। গৃহ নিৰ্মাণৰ বাবে জিতেন্দ্ৰ পাঠকে এলআইচিৰ পৰা এটা হোম লোন লৈছিল যদিও লোন সম্পূৰ্ণ পৰিশোধ কৰাৰ পূৰ্বেই ২০২১ চনৰ মে’ মাহত জিতেন্দ্ৰৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে। আনহাতে পিতৃৰ মৃত্যুৰ কিছুদিন পিছতে বনিষাৰ মাতৃ সীমা পাঠকৰো কোভিড আাক্ৰান্ত হৈ মৃত্যু ঘটে। এতিয়া পিতৃয়ে লোৱা হোম লোনৰ বকেয়া ৰাশি পৰিশোধৰ বাবে আইনী জাননী লাভ কৰি বিপাঙত পৰিছে ১৭ বছৰীয়া বনিষা পাঠক। 

জানিব পৰা মতে যোৱা কিছু মাহৰ পৰা বনিষালৈ প্ৰেৰণ কৰি আহিছে ইখনৰ পিছত সিখন আইনী জাননী। বকেয়া ২৯ লাখ টকা পৰিশোধ নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকিয়নী প্ৰদান কৰা হৈছে। বনিষাই এলআইচিলৈ পত্ৰ লিখি এই বৃহৎ পৰিমাণৰ ধনৰাশি পৰিশোধ কৰাটো সম্ভৱ নহয় বুলি অৱগত কৰাৰ পিছতো কিশোৰীগৰাকীলৈ ইখনৰ পিছত সিখন আইনী জাননী প্ৰেৰণ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

এই সন্দৰ্ভত বনিষাই শেহতীয়াকৈ এলআইচিৰ ওচৰত অভিযোগ দাখিল কৰাত ভূপালৰ এল আই চিৰ বিষয়াসকলে বনিষাকক মৌখিকভাৱে আশ্বস্ত কৰে। বনিষা প্ৰাপ্তবয়স্ক নোহোৱা পৰ্যন্ত পৰৱৰ্তী জাননী প্ৰেৰণ কৰা নহয় বুলি জনোৱা হৈছে কিশোৰীগৰাকীক। এতিয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিজেই এই বিষয়ত টুইট কৰিছে। তেওঁ এল আই চি আৰু বিত্তীয় সেৱা বিভাগক বিষয়টো চাবলৈ কোৱাৰ লগতে শেহতীয়া পৰিস্থিতিৰ বিষয়ে তথ্য দিবলৈও নিৰ্দেশ দিয়ে। ভূপালৰ কালেক্টৰ অবিনাশ লাভানিয়াইও পৰিয়ালটোৰ সৈতে কথা পাতে আৰু প্ৰশাসনে এল আই চিৰ বিষয়াসকলৰ সৈতে ১৭ বছৰীয়া কিশোৰীগাৰকীক সহায় কৰাৰ উপায় আলোচনা কৰিব বুলি আশ্বাস দিয়ে। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস