--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডত মৃত্যু ঘটিছিল পিতৃ-মাতৃৰ। তাৰ পিছত কণমানি ভাতৃৰ সৈতে কঠোৰ জীৱন-সংগ্ৰামত নামি পৰিছে মধ্যপ্ৰদেশৰ ভূপালৰ বনিষা পাঠক নামৰ কিশোৰীগৰাকী। বনিষাৰ বয়স মাত্ৰ ১৭ বছৰ। অকালতে পিতৃ-মাতৃ দুয়োকে হেৰুওৱাৰ পিছতো একাগ্ৰতাৰে দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্যৰ ভিতৰতে ৯৯.৮ শতাংশ নম্বৰ লাভ কৰি শীৰ্ষস্থান প্ৰাপ্ত কৰিছিল বনিষাই। বৰ্তমান ১০ বছৰীয়া ভাতৃৰ সৈতে মোমায়েক অধ্যাপক অশোক শৰ্মাৰ ঘৰত বাস কৰে বনিষা পাঠকে। মেধাৱী বনিষাৰ জীৱনলৈ এতিয়া পুনৰ আন এক দুৰ্যোগ নামি আহিছে। 


উল্লেখ্য যে বনিষাৰ পিতৃ জিতেন্দ্ৰ পাঠক আছিল এল আই চিৰ এজেণ্ট। গৃহ নিৰ্মাণৰ বাবে জিতেন্দ্ৰ পাঠকে এলআইচিৰ পৰা এটা হোম লোন লৈছিল যদিও লোন সম্পূৰ্ণ পৰিশোধ কৰাৰ পূৰ্বেই ২০২১ চনৰ মে’ মাহত জিতেন্দ্ৰৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে। আনহাতে পিতৃৰ মৃত্যুৰ কিছুদিন পিছতে বনিষাৰ মাতৃ সীমা পাঠকৰো কোভিড আাক্ৰান্ত হৈ মৃত্যু ঘটে। এতিয়া পিতৃয়ে লোৱা হোম লোনৰ বকেয়া ৰাশি পৰিশোধৰ বাবে আইনী জাননী লাভ কৰি বিপাঙত পৰিছে ১৭ বছৰীয়া বনিষা পাঠক। 

জানিব পৰা মতে যোৱা কিছু মাহৰ পৰা বনিষালৈ প্ৰেৰণ কৰি আহিছে ইখনৰ পিছত সিখন আইনী জাননী। বকেয়া ২৯ লাখ টকা পৰিশোধ নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকিয়নী প্ৰদান কৰা হৈছে। বনিষাই এলআইচিলৈ পত্ৰ লিখি এই বৃহৎ পৰিমাণৰ ধনৰাশি পৰিশোধ কৰাটো সম্ভৱ নহয় বুলি অৱগত কৰাৰ পিছতো কিশোৰীগৰাকীলৈ ইখনৰ পিছত সিখন আইনী জাননী প্ৰেৰণ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

এই সন্দৰ্ভত বনিষাই শেহতীয়াকৈ এলআইচিৰ ওচৰত অভিযোগ দাখিল কৰাত ভূপালৰ এল আই চিৰ বিষয়াসকলে বনিষাকক মৌখিকভাৱে আশ্বস্ত কৰে। বনিষা প্ৰাপ্তবয়স্ক নোহোৱা পৰ্যন্ত পৰৱৰ্তী জাননী প্ৰেৰণ কৰা নহয় বুলি জনোৱা হৈছে কিশোৰীগৰাকীক। এতিয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিজেই এই বিষয়ত টুইট কৰিছে। তেওঁ এল আই চি আৰু বিত্তীয় সেৱা বিভাগক বিষয়টো চাবলৈ কোৱাৰ লগতে শেহতীয়া পৰিস্থিতিৰ বিষয়ে তথ্য দিবলৈও নিৰ্দেশ দিয়ে। ভূপালৰ কালেক্টৰ অবিনাশ লাভানিয়াইও পৰিয়ালটোৰ সৈতে কথা পাতে আৰু প্ৰশাসনে এল আই চিৰ বিষয়াসকলৰ সৈতে ১৭ বছৰীয়া কিশোৰীগাৰকীক সহায় কৰাৰ উপায় আলোচনা কৰিব বুলি আশ্বাস দিয়ে। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে