--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় টকাত আমি সদায় মহাত্মা গান্ধীৰ ছবি দেখি আহিছো। হঠাতে এটা খবৰ শুনিবলৈ পোৱা গ'ল যে ভাৰতীয় মুদ্ৰাত এতিয়া বৃহৎ পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। এই পৰিৱৰ্তন অনুসৰি ভাৰতীয় টকাত আৰু দেখিবলৈ পোৱা নাযাব জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি। 

এই খবৰটো যেতিয়া সংবাদ মাধ্যমৰ শিৰোনামত পৰিণত হ’ল তেতিয়া আৰবিআইয়ে এই সন্দৰ্ভত নিজৰ বিবৃতি প্ৰকাশ কৰিছে। খবৰ বিয়পি পৰিছিল যে অতি সোনকালে ভাৰতীয় নোটত মহাত্মা গান্ধীৰ সলনি ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু মিছাইল মেন এ পি জে আব্দুল কালামৰ ছবি দেখিবলৈ পোৱা যাব। কিছুমানে কৈছিল যে নোটত তিনিওগৰাকী ব্যক্তিৰে ছবি থাকিব। 

এই সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে স্পষ্টভাৱে বিবৃতি দি কয় যে বৰ্তমানৰ ভাৰতীয় মুদ্ৰা আৰু নোটত কোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ কোনো ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই। ভাৰতীয় টকাত মহাত্মা গান্ধীৰ ছবিৰ সলনি ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু এপিজে আব্দুল কালামৰ ছবি ছপা হ'ব বুলি যি বাতৰি বা খবৰ ওলাইছে সেয়া উৰাবাতৰিৰ বাহিৰে আন একো নহয়। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস