--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সুন্দৰ ৰূপেৰে কইনা হোৱাৰ সপোন প্ৰতিজনী ছোৱালীয়ে দেখে। বিয়াৰ বহুদিনৰ আগৰে পৰা যুৱতীসকলে ছাল-চুলিৰ যতন লোৱা দেখা যায়। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এগৰাকী কইনা ভাইৰেল হৈ পৰিছে। পকা চুলিৰে বিয়াত বহিল যুৱতীগৰাকী। এই যুৱতীগৰাকী আন কোনো নহয়, তেওঁ অভিনেতা দীলিপ যোশীৰ কন্যা। দীলিপ যোশীক সকলোৱে জেঠালাল বুলিহে চিনি পায়। জনপ্ৰিয় ধাৰাবাহিক 'তাৰক মেহতা কা উল্টা চছমা'ত জেঠালাল নামৰ চৰিত্ৰটো ৰূপায়ন কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিল দীলিপ যোশী।

গুজৰাটী সম্প্ৰদায়ৰ জেঠালালে শেহতীয়াকৈ নিজৰ কন্যাৰ বিবাহ সম্পন্ন কৰায়। বিবাহৰ পিছতে জেঠালাল তথা দিলীপ জোশীয়ে মৰমৰ জীয়ৰী নিয়তিৰ কইনা ৰূপৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। নিয়তিক সকলোৱে বিবাহৰ শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰে। কইনাৰ দৰে সাজোন কাচোন কৰিলেও নিয়তি যেন আছিল কিছু ব্যতিক্ৰম কিয়নো নিয়তিৰ মূৰত স্পষ্ট ৰূপত জিলিকি আছিল পকা চুলি। নিজৰ প্ৰকৃত ৰূপক লুকুৱাই নৰখা কাৰণে নিয়তিক সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে। দিলীপ যোশীৰ অনুৰাগীসকলে নিয়তিৰ পকা চুলি দেখি বিবুধিত পৰিছিল।

কিছুমানে এই বিষয়ে ইনষ্টাগ্ৰামতে প্ৰশ্ন কৰিছিল আৰু কিছুমানে নিয়তিৰ প্ৰকৃত বয়স কিমান সেয়া অনুসন্ধান কৰিবলৈ লাগিল। বহুতেই গুগলত 'jethalal daughter age' বুলি লিখি ছাৰ্চ কৰিবলৈ ধৰিলে। ছ'চিয়েল মিডিয়াত এতিয়াও সেই ফটো ভাইৰেল হৈ আছে আৰু দীলিপ যোশীৰ কন্যাৰ বৈবাহিক সম্পৰ্ক মধুৰ হবলৈ সকলোৱে শুভকামনা জনাইছে। জেঠালালৰ জী-জোঁৱাইৰ ফটো দেখি অনুৰাগীসকল আনন্দিত হৈ পৰিছে।

আৰু পঢ়কঃ দিব্যাংগ মহিলাৰ ভৰি চুই আশীৰ্বাদ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে; প্ৰশংসাত পঞ্চমুখ জনতা


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ