--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সুন্দৰ ৰূপেৰে কইনা হোৱাৰ সপোন প্ৰতিজনী ছোৱালীয়ে দেখে। বিয়াৰ বহুদিনৰ আগৰে পৰা যুৱতীসকলে ছাল-চুলিৰ যতন লোৱা দেখা যায়। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এগৰাকী কইনা ভাইৰেল হৈ পৰিছে। পকা চুলিৰে বিয়াত বহিল যুৱতীগৰাকী। এই যুৱতীগৰাকী আন কোনো নহয়, তেওঁ অভিনেতা দীলিপ যোশীৰ কন্যা। দীলিপ যোশীক সকলোৱে জেঠালাল বুলিহে চিনি পায়। জনপ্ৰিয় ধাৰাবাহিক 'তাৰক মেহতা কা উল্টা চছমা'ত জেঠালাল নামৰ চৰিত্ৰটো ৰূপায়ন কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিল দীলিপ যোশী।

গুজৰাটী সম্প্ৰদায়ৰ জেঠালালে শেহতীয়াকৈ নিজৰ কন্যাৰ বিবাহ সম্পন্ন কৰায়। বিবাহৰ পিছতে জেঠালাল তথা দিলীপ জোশীয়ে মৰমৰ জীয়ৰী নিয়তিৰ কইনা ৰূপৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। নিয়তিক সকলোৱে বিবাহৰ শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰে। কইনাৰ দৰে সাজোন কাচোন কৰিলেও নিয়তি যেন আছিল কিছু ব্যতিক্ৰম কিয়নো নিয়তিৰ মূৰত স্পষ্ট ৰূপত জিলিকি আছিল পকা চুলি। নিজৰ প্ৰকৃত ৰূপক লুকুৱাই নৰখা কাৰণে নিয়তিক সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে। দিলীপ যোশীৰ অনুৰাগীসকলে নিয়তিৰ পকা চুলি দেখি বিবুধিত পৰিছিল।

কিছুমানে এই বিষয়ে ইনষ্টাগ্ৰামতে প্ৰশ্ন কৰিছিল আৰু কিছুমানে নিয়তিৰ প্ৰকৃত বয়স কিমান সেয়া অনুসন্ধান কৰিবলৈ লাগিল। বহুতেই গুগলত 'jethalal daughter age' বুলি লিখি ছাৰ্চ কৰিবলৈ ধৰিলে। ছ'চিয়েল মিডিয়াত এতিয়াও সেই ফটো ভাইৰেল হৈ আছে আৰু দীলিপ যোশীৰ কন্যাৰ বৈবাহিক সম্পৰ্ক মধুৰ হবলৈ সকলোৱে শুভকামনা জনাইছে। জেঠালালৰ জী-জোঁৱাইৰ ফটো দেখি অনুৰাগীসকল আনন্দিত হৈ পৰিছে।

আৰু পঢ়কঃ দিব্যাংগ মহিলাৰ ভৰি চুই আশীৰ্বাদ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে; প্ৰশংসাত পঞ্চমুখ জনতা


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু