--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ৰাজস্থানৰ ছিক্স চেঞ্চ ৰিজৰ্টত কেটৰিনা-বিকীৰ ৰাজকীয় বিবাহ ৯ ডিচেম্বৰত অনুষ্ঠিত হৈ গ’ল। বিয়াৰ পাছত বিকীয়ে নকইনাৰ সৈতে অতিবাহিত কৰিছে জীৱনৰ মধুৰতম সময়। বলীউডৰ বহুল চৰ্চিত বিয়াখনৰ সামৰণি পৰাৰ পাছত এতিয়া সময় অতিথি অভ্যৰ্থনাৰ। ক’ৰনা মহামাৰীৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰনৰ সম্ভাৱ্য সংক্ৰমণৰ শংকাত বলীউড যুটিৰ বিয়াত উপস্থিত হ’ব পৰা নাছিল বলীউডৰ বহু ৰথী-মহাৰথী। সীমিত অতিথিৰ তালিকাৰে বিকী-কেটে বিবাহ পাশত আবদ্ধ হৈছিল।

তালিকাত বাদ পৰা শুভাকাংশীক এসাঁজ ভালকৈ খুওৱাৰ বাবে সাজু ভিক্যাট। অতিথি অভ্যৰ্থনা অনুষ্ঠানটো ২০ ডিচেম্বৰতে অনুষ্ঠিত হ'ব বুলি জানিবলৈ পোৱা গৈছিল। জানিবলৈ পোৱা মতে, চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে বিকী-কেটৰিনাই বিবাহৰ অভ্যৰ্থনা পাৰ্টী দিয়া কথা। কিন্তু কিছু ব্যক্তিগত কাৰণৰ বাবে পিছুৱাই দিয়া হৈছে অভ্যৰ্থনা কাৰ্যসূচী। নতুন বৰ্ষৰ জানুৱাৰী মাহতহে অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব ভিক্যাটে। ইফালে ৰাজকীয় অভ্যৰ্থনা অনুষ্ঠানটোলৈ প্ৰাক্তন প্ৰেমিকা ছলমান আৰু ৰণবীৰ কাপুৰকো আমন্ত্ৰণ জনাইছে ভিক্যাটে। শুনিবলৈ পোৱা মতে, বিয়াৰ ছুটী দীঘলীয়া কৰিব বিচৰা নাই কেটৰিনাই।

খ্ৰীষ্টমাছক লৈও আছে দুয়োৰে অগণিত পৰিকল্পনা। স্বামীৰ সৈতে এয়া প্ৰথমটো খ্ৰীষ্টমাছ পালন কৰিবলৈ গৈছে কেটৰিনাই। দুয়োৰে মনত অপৰিসীম আনন্দৰ ঢল। উল্লেখ্য যে, ভিক্যাটৰ অভ্যৰ্থনা অনুষ্ঠানত প্ৰৱেশৰ বাবে কেতবোৰ নীতি-নিয়মো বান্ধি দিয়া হৈছে।আমন্ত্ৰিত অতিথিয়ে কৰিব লাগিব আৰটিপিচিআৰ টেষ্ট। ক’ৰনা নিগেটিভ ৰিপৰ্ট দেখুৱালেহে ৰিচিপশ্যনত প্ৰৱেশৰ অনুমতি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু