--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ৰাজস্থানৰ ছিক্স চেঞ্চ ৰিজৰ্টত কেটৰিনা-বিকীৰ ৰাজকীয় বিবাহ ৯ ডিচেম্বৰত অনুষ্ঠিত হৈ গ’ল। বিয়াৰ পাছত বিকীয়ে নকইনাৰ সৈতে অতিবাহিত কৰিছে জীৱনৰ মধুৰতম সময়। বলীউডৰ বহুল চৰ্চিত বিয়াখনৰ সামৰণি পৰাৰ পাছত এতিয়া সময় অতিথি অভ্যৰ্থনাৰ। ক’ৰনা মহামাৰীৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰনৰ সম্ভাৱ্য সংক্ৰমণৰ শংকাত বলীউড যুটিৰ বিয়াত উপস্থিত হ’ব পৰা নাছিল বলীউডৰ বহু ৰথী-মহাৰথী। সীমিত অতিথিৰ তালিকাৰে বিকী-কেটে বিবাহ পাশত আবদ্ধ হৈছিল।

তালিকাত বাদ পৰা শুভাকাংশীক এসাঁজ ভালকৈ খুওৱাৰ বাবে সাজু ভিক্যাট। অতিথি অভ্যৰ্থনা অনুষ্ঠানটো ২০ ডিচেম্বৰতে অনুষ্ঠিত হ'ব বুলি জানিবলৈ পোৱা গৈছিল। জানিবলৈ পোৱা মতে, চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে বিকী-কেটৰিনাই বিবাহৰ অভ্যৰ্থনা পাৰ্টী দিয়া কথা। কিন্তু কিছু ব্যক্তিগত কাৰণৰ বাবে পিছুৱাই দিয়া হৈছে অভ্যৰ্থনা কাৰ্যসূচী। নতুন বৰ্ষৰ জানুৱাৰী মাহতহে অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব ভিক্যাটে। ইফালে ৰাজকীয় অভ্যৰ্থনা অনুষ্ঠানটোলৈ প্ৰাক্তন প্ৰেমিকা ছলমান আৰু ৰণবীৰ কাপুৰকো আমন্ত্ৰণ জনাইছে ভিক্যাটে। শুনিবলৈ পোৱা মতে, বিয়াৰ ছুটী দীঘলীয়া কৰিব বিচৰা নাই কেটৰিনাই।

খ্ৰীষ্টমাছক লৈও আছে দুয়োৰে অগণিত পৰিকল্পনা। স্বামীৰ সৈতে এয়া প্ৰথমটো খ্ৰীষ্টমাছ পালন কৰিবলৈ গৈছে কেটৰিনাই। দুয়োৰে মনত অপৰিসীম আনন্দৰ ঢল। উল্লেখ্য যে, ভিক্যাটৰ অভ্যৰ্থনা অনুষ্ঠানত প্ৰৱেশৰ বাবে কেতবোৰ নীতি-নিয়মো বান্ধি দিয়া হৈছে।আমন্ত্ৰিত অতিথিয়ে কৰিব লাগিব আৰটিপিচিআৰ টেষ্ট। ক’ৰনা নিগেটিভ ৰিপৰ্ট দেখুৱালেহে ৰিচিপশ্যনত প্ৰৱেশৰ অনুমতি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ