--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেক্সঃ ১০ বছৰ পূৰ্বে কাজাখস্তানত দৰমহা বৃদ্ধি আৰু জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাৰ দাবীৰে শান্তিপূৰ্ণভাৱে দেশখনৰ একাংশ জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু সেই শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাৰ ফলত প্ৰায় ২০ জনৰো অধিক লোকে মৃত্যুক সাৱটি ল’ব লগা হৈছিল৷

১০ বছৰ পূৰ্বৰ সেই ঘটনাকে আকৌ পুনৰাবৃত্তি হোৱা দেখা গ’ল দেশখনত৷ শেহতীয়াকৈ ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে দেশখনৰ নাগৰিকসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু সেই প্ৰতিবাদৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰি প্ৰতিবাদকাৰীসকলক সামৰিক শক্তিৰে বশ কৰাৰ চেষ্টাহে হাতত ল’লে৷ দেশখনৰ নেতৃত্বই প্ৰতিবাদকাৰীসকলক কোনো সাৱধানবাণী প্ৰদান নকৰাকৈয়ে গুলী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে৷ যাৰ বাবে এতিয়া দেশখনৰ ৰাস্তা-ঘাটৰ পৰা আৰম্ভ কৰি প্ৰতিবাদস্থলীসমূহ প্ৰতিবাদকাৰীৰ মৃতদেহেৰে ভৰি পৰিছে৷ অট্টালিকাবোৰ ধ্বংসস্তুপলৈ পৰিণত হোৱাৰ লগতে গাড়ী-মটৰবোৰো ধংস কৰা হৈছে৷ এনে যুদ্ধ সদৃশ পৰিস্থিতিত দেশখন বহিঃ ৰাষ্ট্ৰৰ পৰা সম্পূৰ্ণ পৃথক হৈ পৰিছে৷ দেশৰ সীমান্তৰ সকলো অঞ্চল ছীল কৰি দিয়াৰ লগতে বিমানবন্দৰবোৰো বন্ধ কৰি দিছে৷ কেৱল এয়াই নহয়, বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা আৰু ফোন লাইনৰ সুবিধাও৷

কাজাখস্তানৰ এই ঘটনা সন্দৰ্ভত সৰৱ হৈছে আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ৷ দেশখনত সংঘটিত সেনাৰ এই হত্যাকাণ্ড সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত দেশখনে তেনে কোনো ধৰণৰ ঘটনা তাত সংঘটিত হোৱা নাই বুলি জনাইছে আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগক৷ ইফালে দেশখনৰ এগৰাকী নেতাই সেনাৰ এই গুলীচালনাৰ ঘটনাক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ বাবে সংঘটিত হৈছে বুলি উল্লেখ কৰে৷ নেতা গৰাকীৰ ভাষ্য অনুসৰি প্ৰতিবাদী লোকসকল এটা সংগঠিত সন্ত্ৰাসবাদী গোটৰ সৈতে জড়িত হৈ কিছু প্ৰতিবাদী কাম-কাজ আৰম্ভ কৰিছিল৷ যাৰ বাবে সেই লোকসকলৰ সৈতে সেনাৰ সংঘৰ্ষ হৈছে যাৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছে৷ আন একাংশৰ মতে কাজাখাস্তানৰ এই পৰিস্থিতি বিবাদমান ৰাজনৈতিক দলবোৰৰ ক্ষমতাৰ কেন্দ্ৰীক বিবাদৰ বাবে সংঘটিত হৈছে৷

তৈল নগৰীখনত এতিয়া সৰ্বত্তে যুদ্ধ সদৃশ পৰিস্থিতি৷ যাক লৈ ভীতিগ্ৰস্ত হৈ পৰিছে সাধাৰণ জনতা৷ ৰাছিয়ান সেনাৰ দ্বাৰা সুৰক্ষিত চৰকাৰখনে নিজৰ নাগৰিকৰ ওপৰত এনে বৰ্বৰ অত্যাচাৰ আৰম্ভ কৰাত এতিয়া বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সকলোৱে চোকা সমালোচনাৰে থকা-সৰকা কৰিছে কাজাখস্তানৰ চৰকাৰক৷ এই ঘটনাত আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগকে ধৰি সংশ্লিষ্ট সন্থা সমূহো সৰৱ হৈ উঠা পৰিলক্ষিত হৈছে৷ এই সন্থা সমূহৰ চোকা দৃষ্টি থকাৰ পাছতো ভৱিষ্যতে কি কাৰ্যপন্থা দেশখনৰ চৰকাৰে গ্ৰহণ কৰিব তাক লৈ দৃষ্টি নিৱদ্ধ আছে সমগ্ৰ বিশ্বৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু