--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেক্সঃ ১০ বছৰ পূৰ্বে কাজাখস্তানত দৰমহা বৃদ্ধি আৰু জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাৰ দাবীৰে শান্তিপূৰ্ণভাৱে দেশখনৰ একাংশ জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু সেই শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাৰ ফলত প্ৰায় ২০ জনৰো অধিক লোকে মৃত্যুক সাৱটি ল’ব লগা হৈছিল৷

১০ বছৰ পূৰ্বৰ সেই ঘটনাকে আকৌ পুনৰাবৃত্তি হোৱা দেখা গ’ল দেশখনত৷ শেহতীয়াকৈ ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে দেশখনৰ নাগৰিকসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু সেই প্ৰতিবাদৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰি প্ৰতিবাদকাৰীসকলক সামৰিক শক্তিৰে বশ কৰাৰ চেষ্টাহে হাতত ল’লে৷ দেশখনৰ নেতৃত্বই প্ৰতিবাদকাৰীসকলক কোনো সাৱধানবাণী প্ৰদান নকৰাকৈয়ে গুলী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে৷ যাৰ বাবে এতিয়া দেশখনৰ ৰাস্তা-ঘাটৰ পৰা আৰম্ভ কৰি প্ৰতিবাদস্থলীসমূহ প্ৰতিবাদকাৰীৰ মৃতদেহেৰে ভৰি পৰিছে৷ অট্টালিকাবোৰ ধ্বংসস্তুপলৈ পৰিণত হোৱাৰ লগতে গাড়ী-মটৰবোৰো ধংস কৰা হৈছে৷ এনে যুদ্ধ সদৃশ পৰিস্থিতিত দেশখন বহিঃ ৰাষ্ট্ৰৰ পৰা সম্পূৰ্ণ পৃথক হৈ পৰিছে৷ দেশৰ সীমান্তৰ সকলো অঞ্চল ছীল কৰি দিয়াৰ লগতে বিমানবন্দৰবোৰো বন্ধ কৰি দিছে৷ কেৱল এয়াই নহয়, বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা আৰু ফোন লাইনৰ সুবিধাও৷

কাজাখস্তানৰ এই ঘটনা সন্দৰ্ভত সৰৱ হৈছে আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ৷ দেশখনত সংঘটিত সেনাৰ এই হত্যাকাণ্ড সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত দেশখনে তেনে কোনো ধৰণৰ ঘটনা তাত সংঘটিত হোৱা নাই বুলি জনাইছে আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগক৷ ইফালে দেশখনৰ এগৰাকী নেতাই সেনাৰ এই গুলীচালনাৰ ঘটনাক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ বাবে সংঘটিত হৈছে বুলি উল্লেখ কৰে৷ নেতা গৰাকীৰ ভাষ্য অনুসৰি প্ৰতিবাদী লোকসকল এটা সংগঠিত সন্ত্ৰাসবাদী গোটৰ সৈতে জড়িত হৈ কিছু প্ৰতিবাদী কাম-কাজ আৰম্ভ কৰিছিল৷ যাৰ বাবে সেই লোকসকলৰ সৈতে সেনাৰ সংঘৰ্ষ হৈছে যাৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছে৷ আন একাংশৰ মতে কাজাখাস্তানৰ এই পৰিস্থিতি বিবাদমান ৰাজনৈতিক দলবোৰৰ ক্ষমতাৰ কেন্দ্ৰীক বিবাদৰ বাবে সংঘটিত হৈছে৷

তৈল নগৰীখনত এতিয়া সৰ্বত্তে যুদ্ধ সদৃশ পৰিস্থিতি৷ যাক লৈ ভীতিগ্ৰস্ত হৈ পৰিছে সাধাৰণ জনতা৷ ৰাছিয়ান সেনাৰ দ্বাৰা সুৰক্ষিত চৰকাৰখনে নিজৰ নাগৰিকৰ ওপৰত এনে বৰ্বৰ অত্যাচাৰ আৰম্ভ কৰাত এতিয়া বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সকলোৱে চোকা সমালোচনাৰে থকা-সৰকা কৰিছে কাজাখস্তানৰ চৰকাৰক৷ এই ঘটনাত আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগকে ধৰি সংশ্লিষ্ট সন্থা সমূহো সৰৱ হৈ উঠা পৰিলক্ষিত হৈছে৷ এই সন্থা সমূহৰ চোকা দৃষ্টি থকাৰ পাছতো ভৱিষ্যতে কি কাৰ্যপন্থা দেশখনৰ চৰকাৰে গ্ৰহণ কৰিব তাক লৈ দৃষ্টি নিৱদ্ধ আছে সমগ্ৰ বিশ্বৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ