--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোকে কথা দিছিল যে ৰেষ্টুৰেণ্টত খুৱাব। কিন্তু তেওঁলোকৰ খোৱাৰ বিলৰ কোনো ধন আদায় নিদিয়াকৈ ৰেষ্টুৰেণ্টৰ পৰা অন্তৰ্ধান হ’ল ড’নাল্ড ট্ৰাম্প! আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে উঠিছে এনে অভিযোগ।

যোৱা মঙলবাৰে তেওঁ মিয়ামীৰ আদালতত হাজিৰ হ’বলৈ গৈছিল। শুনানিৰ অন্তত তেওঁ তাৰ পৰা উভতি আহি এখন ৰেষ্টুৰেণ্টত এই ‘কাণ্ড’ সংঘটিত কৰে। আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰটোৱে বৰ আমোদৰ সৃষ্টি কৰিছে।

সেইদিনা ট্ৰাম্প ৰেষ্টুৰেণ্টখনলৈ গৈছিল। পিছদিনা তেওঁৰ জন্মদিন। সেই উপলক্ষে তেওঁ কয় যে তেওঁ কৰ্মচাৰীসকলক ৰেষ্টুৰেণ্টখনত বিনামূলীয়াকৈ খুৱাব।

কিন্তু এটা গোপন সূত্ৰই পিছত দাবী কৰা মতে, তেওঁ কোনো বিল নিদিয়াকৈয়ে তাৰ পৰা গুচি যায়। পৰিস্থিতি বিষম দেখি তেওঁৰ লগত থকা সকলোৱে এজন এজনকৈ ৰেষ্টুৰেন্টৰ পৰা ওলাই যায়।

ৰেষ্টুৰেণ্টখনত কেইমিনিটমান আছিল ট্ৰাম্প। সকলোকে খুওৱাৰ কথা দিয়াৰ পিছতো এনেদৰে তাৰ পৰা ওলাই যোৱাৰ বাতৰিক লৈ নানাধৰণৰ বিৰূপ আলোচনা শুনা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস