--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোকে কথা দিছিল যে ৰেষ্টুৰেণ্টত খুৱাব। কিন্তু তেওঁলোকৰ খোৱাৰ বিলৰ কোনো ধন আদায় নিদিয়াকৈ ৰেষ্টুৰেণ্টৰ পৰা অন্তৰ্ধান হ’ল ড’নাল্ড ট্ৰাম্প! আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে উঠিছে এনে অভিযোগ।

যোৱা মঙলবাৰে তেওঁ মিয়ামীৰ আদালতত হাজিৰ হ’বলৈ গৈছিল। শুনানিৰ অন্তত তেওঁ তাৰ পৰা উভতি আহি এখন ৰেষ্টুৰেণ্টত এই ‘কাণ্ড’ সংঘটিত কৰে। আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰটোৱে বৰ আমোদৰ সৃষ্টি কৰিছে।

সেইদিনা ট্ৰাম্প ৰেষ্টুৰেণ্টখনলৈ গৈছিল। পিছদিনা তেওঁৰ জন্মদিন। সেই উপলক্ষে তেওঁ কয় যে তেওঁ কৰ্মচাৰীসকলক ৰেষ্টুৰেণ্টখনত বিনামূলীয়াকৈ খুৱাব।

কিন্তু এটা গোপন সূত্ৰই পিছত দাবী কৰা মতে, তেওঁ কোনো বিল নিদিয়াকৈয়ে তাৰ পৰা গুচি যায়। পৰিস্থিতি বিষম দেখি তেওঁৰ লগত থকা সকলোৱে এজন এজনকৈ ৰেষ্টুৰেন্টৰ পৰা ওলাই যায়।

ৰেষ্টুৰেণ্টখনত কেইমিনিটমান আছিল ট্ৰাম্প। সকলোকে খুওৱাৰ কথা দিয়াৰ পিছতো এনেদৰে তাৰ পৰা ওলাই যোৱাৰ বাতৰিক লৈ নানাধৰণৰ বিৰূপ আলোচনা শুনা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ