--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীত কেতিয়াবা সৃষ্টিকৰ্তাই এনেকুৱা কিছুমান স্ৰজন কৰে যি দেখি মানুহ অবাক হৈ উঠে। এটা দুমুখীয়া কাছকো প্ৰকৃতিৰ আজৱ সৃষ্টি বুলি ধৰা হৈছে। এই কাছটো আছে জেনেভাৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত। এই কাছটোৰ বিশেষ কথাটো হ’ল দুয়োটা মূৰৰ আচৰণ বেলেগ বেলেগ। ইয়াৰ নিজস্ব ব্যক্তিত্বও বেলেগ বেলেগ। এই কাছটোৰ দুটা মূৰৰ লগতে দুটা হৃদযন্ত্ৰ, দুটা হাওঁফাওঁ আছে। এই দুমুখীয়া কাছটোৰ নাম জানুছ।  জানুছে শনিবাৰে নিজৰ ২৫ বছৰীয়া জন্মদিন উদযাপন কৰে। ১৯৯৭ চনত জন্ম দিয়া জেনেভা প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত ২৫ সংখ্যক জন্মদিন উদযাপন কৰে জানুছে।

যোৱা ২৫ বছৰে এই সংগ্ৰহালয়টোৰ কৰ্মচাৰীসকলে জানুছক অতি সুন্দৰকৈ ৰাখিছে। তাৰ খাদ্য-পানীয়, স্বাস্থ্য আদিৰ সম্পূৰ্ণ যত্ন লোৱা হয়। জন্মদিনত জানুছক ব্ৰাছ কৰা হৈছিল। তাক নিজৰ পছন্দৰ খাদ্য-পানীয় দিয়া হৈছিল। ইয়াক প্ৰতিদিনে গ্ৰীণ টি আৰু কেমোমিলেৰে গা ধুয়াই দিয়া হয়। মালিচ কৰা হয়। বিশেষ আহাৰ দিয়া হয়। জানুছক প্ৰতিদিনে জৈৱিক ফলমূল আৰু শাক-পাচলি প্ৰদান কৰা হয়।

কেৱল জন্মদিনতেই নহয়, অন্য দিনতো ইয়াৰ সম্পূৰ্ণ যত্ন লোৱা হয়। জানুছ সন্দৰ্ভত সংগ্ৰহালয়টোৰ কৰ্মচাৰীসকলে বহু কাৰ্যসূচী ৰাখিছে। যেনে ছেলফী উইদ জানুছ, মিট এণ্ড গ্ৰীট আদি। ইয়াৰ উপৰিও জানুছৰ দুটা মূৰৰ বৈজ্ঞানিক বক্তৃতাৰো আয়োজন কৰে কৰ্মচাৰীসকলে।

জানুছৰ যত্ন লোৱা দলটোৰ মুৰব্বী এঞ্জেলিকা বাৰ্গায়নে কয় যে কেতিয়াবা এনেকুৱাও হয় যে জানুছৰ দুয়োটা মূৰে বেলেগ বেলেগ দিশলৈ যাব বিচাৰে। সোঁফালে থকা মূৰটো অধিক সক্ৰিয়। তাৰ ব্যক্তিত্ব অধিক শক্তিশালী। বাওঁফালে থকা মূৰটো অলপ নিস্তব্ধ। সি কেৱল খাই-বৈ থাকি ভাল পায়। সি বৰ সক্ৰিয় নহয়।

এঞ্জেলিকাই কয় যে আমি জানুছৰ বিশেষ যত্ন লওঁ যাতে উলোটা হৈ নাযায়। উলোটা হৈ গ’লে ইয়াৰ ক্ষতি হ’ব পাৰে বা তাৰ মৃত্যু হ’ব পাৰে। ১৯৯৭ চনত এই সংগ্ৰহালয়টোতেই এই কাছটোৰ জন্ম হৈছিল। ৰোমান দেৱতা জানুছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। কাৰণ ৰোমান দেৱতা জানুছৰো দুটা মূৰ আছিল।

সাধাৰণতে দুমুখীয়া কাছ খুব কমেইহে দেখা যায়। এই অৱস্থাক বাইচেফেলি বোলা হয়। জন্মৰ পূৰ্বে যমজ সন্তানে পৃথক হ’ব নোৱাৰিলে এনে পৰিস্থিতিৰ সৃষ্টি হয়। জন্ম হোৱা দহ হাজাৰ কাছৰ মাজত এনেদৰে এটা কাছৰ জন্ম হয়। ইহঁতৰ জীয়াই থকাৰ সম্ভাৱনা অতি কম। দুমুখীয়া কাছ ইমান দিনে জীয়াই থাকিবলৈ সক্ষম হোৱা এইয়াই প্ৰথম ঘটনা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু