--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰাকৃতিক দুৰ্যোগৰ কৱলত ধ্বংসাৱশেষত পৰিণত এখন চহৰ৷ ব্ৰাজিলৰ পেট্ৰ’পলিছ চহৰত হোৱা প্ৰবল বৃষ্টিপাতৰ পাছতে বান আৰু ভূমিস্খলনে চহৰখনলৈ নমাই আনিলে বিভীষিকাৰ৷ এতিয়ালৈকে এই দুৰ্যোগত প্ৰাণ হেৰুৱাইছে ১১৭ জনে আৰু শতাধিক লোক সন্ধানহীন হৈ আছে। বতৰ বিজ্ঞানীসকলৰ মতে, অঞ্চলটোত আগন্তুক সময়ত বৰষুণৰ মাত্ৰা ৪ ছেঃ মিঃপৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে সন্ধিয়া পৰ্যন্ত হোৱা প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ বাবে আবদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ অভিযান ব্যাহত হৈ পৰে। এই দুৰ্যোগৰ চহৰখনৰ ৭০০ৰো অধিক লোকে চহৰ এৰি অন্যস্থানলৈ গৈছে৷ উল্লেখ্য যে এটা শতিকাৰ পাছত চহৰখনত হোৱা এই প্ৰাকৃতিক দুৰ্যোগৰ ভয়াৱহতাৰ দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ পানীৰ প্ৰৱল সোঁতে উটোৱাই নিছে ইখনৰ পাছত সিখনকৈ গাড়ী, গছ-গছনিৰ লগতে ঘৰ-দুৱাৰো৷ বহু ঘৰ ধ্বংসস্তুপত পৰিণত হৈছে। এই দুৰ্যোগত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ৰিঅ’ ডি জেনেৰিঅ’ৰ গভৰ্ণৰ ক্লদিঅ কাষ্ট্ৰই বুধবাৰে এই ক্ষতিক যুদ্ধক্ষেত্ৰৰ সৈতে তুলনা কৰে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বোলছ’নাৰোৱে এই দুৰ্যোগত ক্ষতি হোৱা জনসাধাৰণক সহায় কৰাৰ লগতে অঞ্চলটোৰ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে