--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰাকৃতিক দুৰ্যোগৰ কৱলত ধ্বংসাৱশেষত পৰিণত এখন চহৰ৷ ব্ৰাজিলৰ পেট্ৰ’পলিছ চহৰত হোৱা প্ৰবল বৃষ্টিপাতৰ পাছতে বান আৰু ভূমিস্খলনে চহৰখনলৈ নমাই আনিলে বিভীষিকাৰ৷ এতিয়ালৈকে এই দুৰ্যোগত প্ৰাণ হেৰুৱাইছে ১১৭ জনে আৰু শতাধিক লোক সন্ধানহীন হৈ আছে। বতৰ বিজ্ঞানীসকলৰ মতে, অঞ্চলটোত আগন্তুক সময়ত বৰষুণৰ মাত্ৰা ৪ ছেঃ মিঃপৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে সন্ধিয়া পৰ্যন্ত হোৱা প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ বাবে আবদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ অভিযান ব্যাহত হৈ পৰে। এই দুৰ্যোগৰ চহৰখনৰ ৭০০ৰো অধিক লোকে চহৰ এৰি অন্যস্থানলৈ গৈছে৷ উল্লেখ্য যে এটা শতিকাৰ পাছত চহৰখনত হোৱা এই প্ৰাকৃতিক দুৰ্যোগৰ ভয়াৱহতাৰ দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ পানীৰ প্ৰৱল সোঁতে উটোৱাই নিছে ইখনৰ পাছত সিখনকৈ গাড়ী, গছ-গছনিৰ লগতে ঘৰ-দুৱাৰো৷ বহু ঘৰ ধ্বংসস্তুপত পৰিণত হৈছে। এই দুৰ্যোগত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ৰিঅ’ ডি জেনেৰিঅ’ৰ গভৰ্ণৰ ক্লদিঅ কাষ্ট্ৰই বুধবাৰে এই ক্ষতিক যুদ্ধক্ষেত্ৰৰ সৈতে তুলনা কৰে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বোলছ’নাৰোৱে এই দুৰ্যোগত ক্ষতি হোৱা জনসাধাৰণক সহায় কৰাৰ লগতে অঞ্চলটোৰ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক