--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ  হিচাপে পৰিগণিত হোৱা পৰ্তুগীজ চুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ড’ৰ শেহতীয়া এক বিশেষ ফটোৱে সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীসকলৰ মাজত বিশেষভাৱে চৰ্চিত হৈ পৰিছে। এই বিশেষ ফটোখনে আবেগিক কৰি তুলিছে বিশ্বজুৰি থকা অসংখ্য ৰোনাল্ড’ অনুৰাগীক। খেলপথাৰতে বহি পৰা অৱস্থাত তোলা এই ফটোখনত দেখিবলৈ পোৱা গৈছে মুখমণ্ডল তেজে তুমুৰলি হৈ পৰা ৰোনাল্ড’ক। দৰাচলতে চলিত ইউৰোপীয় নেশ্যনছ লীগৰ এখন মেচৰ সময়ত মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পায় পৰ্তুগীজ তাৰকাগৰাকীয়ে। 

দেওবাৰে নিশা ইউৰোপীয় নেশ্যনছ লীগৰ গ্ৰুপ পৰ্যায়ৰ পঞ্চম ৰাউণ্ডত চেক গণৰাজ্যৰ বিৰুদ্ধে মেচৰ সময়ত মুখমণ্ডলত গুৰুতৰ আঘাত পোৱাৰ ফলত নাকৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হয় ৰোনাল্ড’ৰ। বিপক্ষৰ গলবক্সত সোমাই হেডিঙেৰে বল নেটলৈ পঠাবলৈ চেষ্টা চলোৱাৰ সময়ৰ চেক গণৰাজ্যৰ গলৰক্ষকৰ সৈতে খুন্দা খাই বাগৰি পৰে ৰোনাল্ড’।

তীব্ৰ ৰক্তক্ষৰণ হৈ ফিল্ডতে বাগৰি পৰাৰ পিছত পৰ্তুগালৰ দলীয় চিকিৎসা কৰ্মীয়ে তেওঁক তৎকালীনভাৱে খেলপথাৰৰ পৰা বাহিৰলৈ উলিয়াই আনি প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰে। চিকিৎসাৰ লাভ কৰাৰ পিছতে ৰোনাল্ড’ পুনৰ খেলপথাৰত প্ৰৱেশ কৰে।

উল্লেখ্য যে মেচখনত পৰ্তুগালে চেক গণৰাজ্যক ৪-০ গলত বিধ্বস্ত কৰে। পৰ্তুগালৰ হৈ ডিয়েগ’ ডালটে দুটা, ব্ৰুনো ফাৰ্ণাণ্ডেজে এটা আৰু ডিয়েগ’ জ’টাই এটা গল স্ক’ৰ কৰে। এই জয়েৰে পৰ্তুগালে গ্ৰুপত পাঁচখন খেলৰ তিনিখনত জয় আৰু এখন মেচত ড্ৰ তথা এখনত পৰাজয়ৰে ১০ পইণ্টেৰে শীৰ্ষস্থানত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু