--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ  হিচাপে পৰিগণিত হোৱা পৰ্তুগীজ চুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ড’ৰ শেহতীয়া এক বিশেষ ফটোৱে সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীসকলৰ মাজত বিশেষভাৱে চৰ্চিত হৈ পৰিছে। এই বিশেষ ফটোখনে আবেগিক কৰি তুলিছে বিশ্বজুৰি থকা অসংখ্য ৰোনাল্ড’ অনুৰাগীক। খেলপথাৰতে বহি পৰা অৱস্থাত তোলা এই ফটোখনত দেখিবলৈ পোৱা গৈছে মুখমণ্ডল তেজে তুমুৰলি হৈ পৰা ৰোনাল্ড’ক। দৰাচলতে চলিত ইউৰোপীয় নেশ্যনছ লীগৰ এখন মেচৰ সময়ত মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পায় পৰ্তুগীজ তাৰকাগৰাকীয়ে। 

দেওবাৰে নিশা ইউৰোপীয় নেশ্যনছ লীগৰ গ্ৰুপ পৰ্যায়ৰ পঞ্চম ৰাউণ্ডত চেক গণৰাজ্যৰ বিৰুদ্ধে মেচৰ সময়ত মুখমণ্ডলত গুৰুতৰ আঘাত পোৱাৰ ফলত নাকৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হয় ৰোনাল্ড’ৰ। বিপক্ষৰ গলবক্সত সোমাই হেডিঙেৰে বল নেটলৈ পঠাবলৈ চেষ্টা চলোৱাৰ সময়ৰ চেক গণৰাজ্যৰ গলৰক্ষকৰ সৈতে খুন্দা খাই বাগৰি পৰে ৰোনাল্ড’।

তীব্ৰ ৰক্তক্ষৰণ হৈ ফিল্ডতে বাগৰি পৰাৰ পিছত পৰ্তুগালৰ দলীয় চিকিৎসা কৰ্মীয়ে তেওঁক তৎকালীনভাৱে খেলপথাৰৰ পৰা বাহিৰলৈ উলিয়াই আনি প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰে। চিকিৎসাৰ লাভ কৰাৰ পিছতে ৰোনাল্ড’ পুনৰ খেলপথাৰত প্ৰৱেশ কৰে।

উল্লেখ্য যে মেচখনত পৰ্তুগালে চেক গণৰাজ্যক ৪-০ গলত বিধ্বস্ত কৰে। পৰ্তুগালৰ হৈ ডিয়েগ’ ডালটে দুটা, ব্ৰুনো ফাৰ্ণাণ্ডেজে এটা আৰু ডিয়েগ’ জ’টাই এটা গল স্ক’ৰ কৰে। এই জয়েৰে পৰ্তুগালে গ্ৰুপত পাঁচখন খেলৰ তিনিখনত জয় আৰু এখন মেচত ড্ৰ তথা এখনত পৰাজয়ৰে ১০ পইণ্টেৰে শীৰ্ষস্থানত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক