--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপৰ সাংসদ ৰাঘৱ চাদ্ধাক পলাতক উদ্যোগপতি বিজয় মালিয়াৰ সৈতে তুলনা কৰাৰ অভিযোগত উত্থাপন হৈছে এটা ইউটিউব চেনেলৰ বিৰুদ্ধে। এই বিষয়টোৰ সন্দৰ্ভত পঞ্জাৱৰ লুধিয়ানাৰ শিমলাপুৰী থানাত এফআইআৰ দাখিল কৰা হৈছে।

এজাহাৰ দাখিল কৰিছে লুধিয়ানাৰ পৰা অহা আপ লোকসভাৰ প্ৰাৰ্থী অশোক পাপ্প্পী পৰাশৰৰ পুত্ৰ বিকাশ পৰাশৰে। য’ত ইউটিউব চেনেলটোৰ বিৰুদ্ধে দিল্লী সুৰা কেলেংকাৰী সম্পৰ্কীয় ভুল তথ্য শ্বেয়াৰ কৰি ৰাইজক বিভ্ৰান্তিকৰ খবৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে। 

এফআইআৰত কোৱা হৈছে যে কেপিটেল টিভিয়ে ৰাঘৱ চাদ্ধাৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ’ বজাইছে। যাৰ তদন্ত চলি আছে।


ভাৰতৰ পলাতক উদ্যোগপতি বিজয় মালিয়াই যিদৰে ধন লৈ ইংলেণ্ডলৈ পলায়ন কৰিছিল একেদৰে আপৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধায়েও পঞ্জাৱবাসীৰ চিন্তা ত্যাগ কৰি চকুৰ চিকিৎসাৰ অজুহাতত ইংলেণ্ডলৈ পলায়ন কৰিছে বুলি কোৱা হৈছিল। ইয়াৰ সমান্তৰালকৈ আম আদমী পাৰ্টিয়ে লোকসভাৰ প্ৰাৰ্থীৰ পৰা ধন লৈ টিকট বিতৰণ কৰিছে বুলিও কোৱা হৈছিল।

বিকাশ পৰাশৰে কয় যে এনেধৰণৰ ভিডিঅ’ই জনসাধাৰণৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিছে আৰু শীঘ্ৰে আঁতৰোৱাৰ প্ৰয়োজন আছে।


ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ, ৪৬৯ আৰু ৫০৫ নং ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬ নং ধাৰাত পঞ্জীয়ন কৰা হৈছে এই এজাহাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু