--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপৰ সাংসদ ৰাঘৱ চাদ্ধাক পলাতক উদ্যোগপতি বিজয় মালিয়াৰ সৈতে তুলনা কৰাৰ অভিযোগত উত্থাপন হৈছে এটা ইউটিউব চেনেলৰ বিৰুদ্ধে। এই বিষয়টোৰ সন্দৰ্ভত পঞ্জাৱৰ লুধিয়ানাৰ শিমলাপুৰী থানাত এফআইআৰ দাখিল কৰা হৈছে।

এজাহাৰ দাখিল কৰিছে লুধিয়ানাৰ পৰা অহা আপ লোকসভাৰ প্ৰাৰ্থী অশোক পাপ্প্পী পৰাশৰৰ পুত্ৰ বিকাশ পৰাশৰে। য’ত ইউটিউব চেনেলটোৰ বিৰুদ্ধে দিল্লী সুৰা কেলেংকাৰী সম্পৰ্কীয় ভুল তথ্য শ্বেয়াৰ কৰি ৰাইজক বিভ্ৰান্তিকৰ খবৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে। 

এফআইআৰত কোৱা হৈছে যে কেপিটেল টিভিয়ে ৰাঘৱ চাদ্ধাৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ’ বজাইছে। যাৰ তদন্ত চলি আছে।


ভাৰতৰ পলাতক উদ্যোগপতি বিজয় মালিয়াই যিদৰে ধন লৈ ইংলেণ্ডলৈ পলায়ন কৰিছিল একেদৰে আপৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধায়েও পঞ্জাৱবাসীৰ চিন্তা ত্যাগ কৰি চকুৰ চিকিৎসাৰ অজুহাতত ইংলেণ্ডলৈ পলায়ন কৰিছে বুলি কোৱা হৈছিল। ইয়াৰ সমান্তৰালকৈ আম আদমী পাৰ্টিয়ে লোকসভাৰ প্ৰাৰ্থীৰ পৰা ধন লৈ টিকট বিতৰণ কৰিছে বুলিও কোৱা হৈছিল।

বিকাশ পৰাশৰে কয় যে এনেধৰণৰ ভিডিঅ’ই জনসাধাৰণৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিছে আৰু শীঘ্ৰে আঁতৰোৱাৰ প্ৰয়োজন আছে।


ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ, ৪৬৯ আৰু ৫০৫ নং ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬ নং ধাৰাত পঞ্জীয়ন কৰা হৈছে এই এজাহাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ