--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ ৰাজনীতিত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে যৌন ভিডিঅ’ৰ প্ৰসংগই । জেডিএছৰ সাংসদ প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এজন বিজেপি নেতাই ২০২৩ চনৰ ডিচেম্বৰ মাহত দলটোৰ ৰাজ্যিক সভাপতিলৈ এখন পত্ৰ লিখিছিল আৰু সতৰ্ক কৰি দিছিল যে প্ৰজৱাল ৰেভান্নাকে ধৰি এইচ ডি দেৱগৌড়াৰ পৰিয়ালৰ কেইবাজনো নেতাই তেওঁলোকৰ কৰ্মৰ বাবে  গুৰুতৰ অভিযোগৰ সন্মুখীন হ’ব পাৰে।
 প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচডি দেৱগৌড়াৰ নাতিয়েক প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে মহিলাই উত্থাপন কৰিছে যৌন নিৰ্যাতন কৰি ভিডিঅ’ কৰাৰ গুৰুতৰ অভিযোগ। এনে অভিযোগ পোহৰলৈ অহাৰ পূৰ্বে  বিগত বৰ্ষত  বিজেপি নেতাজনে দাবী কৰিছে যে তেওঁ ২০২৩ চনৰ ডিচেম্বৰত দলৰ সভাপতিলৈ এখন পত্ৰ লিখিছিল আৰু কৈছিল যে তেওঁ এটা পেন ড্ৰাইভ পাইছিল য'ত  মহিলাক যৌন শোষণ চলোৱাৰ প্ৰায় ৩০০০ ভিডিঅ' আছিল। তেওঁ অভিযোগ কৰিছিল যে জনতা দল (চেকুলাৰ)ৰ সাংসদ প্ৰজ্জ্বল ৰেভান্নাই এই ভিডিঅ' ফুটেজৰ জৰিয়তে মহিলাসকলক ব্লেকমেইল কৰিছিল আৰু তেওঁলোকক এনে কাৰ্যত লিপ্ত হ'বলৈ বাধ্য কৰিছিল। 


বিজেপি নেতা দেৱৰাজে গৌড়াই ২০২৩ চনৰ ৮ ডিচেম্বৰত দলৰ ৰাজ্যিক সভাপতি বিজয়েন্দ্ৰলৈ এই পত্ৰখন লিখিছিল। শেহতীয়া  পোহৰলৈ আহিছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু জেডি(এছ)ৰ সৰ্বোচ্চ নেতা এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্জ্বল ৰেভান্নাই কিছুমান আপত্তিজনক ভিডিঅ' ভাইৰেল হোৱাৰ পিছত বিদেশলৈ পলায়ন কৰিছে। প্ৰজ্জ্বলক এই ভিডিঅ'বোৰত দেখা গৈছে বুলিও অভিযোগ কৰা হৈছে। কৰ্ণাটকৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মাত্ৰ দুদিন আগতে ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল।

৩৩ বছৰীয়া প্ৰজ্জ্বল এই নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে হাছান আসনৰ পৰা জেডি(এছ)ৰ প্ৰাৰ্থী হিচাবে থিয় দিছে। কৰ্ণাটকত জেডিএছ আৰু বিজেপিৰ মিত্ৰতা আছে। জেডি(এছ)য়ে ২০২৩ চনৰ ছেপ্টেম্বৰত এন ডি এত যোগদান কৰিছিল।

বিজেপি নেতাজনে দলৰ সভাপতিলৈ লিখা পত্ৰ লিখিছিল "প্ৰজ্জ্বল ৰেভান্নাকে ধৰি এইচডি দেৱগৌড়া পৰিয়ালৰ কেইবাজনো নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে, আৰু আমি জেডি(এছ)ৰ সৈতে মিত্ৰতাত আছো।  পেন ড্ৰাইভটোত মুঠ ২,৯৭৬ টা ভিডিঅ' আছিল আৰু ফুটেজত  কিছুমান মহিলা চৰকাৰী বিষয়া আৰু মহিলাক  যৌন শোষণ চলোৱা হৈছে। ভিডিঅ'টো তেওঁলোকক যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে ব্লেকমেইল কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।’’

বিজেপি নেতাজনে আৰু দাবী কৰিছিল যে এই ভিডিঅ' আৰু ফটোগ্ৰাফ থকা আন এটা পেন ড্ৰাইভ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাসকলৰ ওচৰলৈ গৈছে। তেওঁ পত্ৰখনত লিখিছিল, "যদি আমি জেডি(এছ)ৰ সৈতে মিত্ৰতা স্থাপন কৰোঁ আৰু যদি আমি লোকসভা নিৰ্বাচনৰ বাবে হাছান আসনত জেডি(এছ)ৰ প্ৰাৰ্থী প্ৰদান কৰোঁ, তেন্তে এই ভিডিঅ'বোৰ 'ব্ৰহ্মাস্ত্ৰ' (ধ্বংসাত্মক অস্ত্ৰ) হিচাপে ব্যৱহাৰ হ’ব পাৰে  আৰু আমি ধৰ্ষণকাৰীৰ পৰিয়ালৰ সৈতে সম্পৰ্ক থকা দল হিচাপে কলংকিত হ'ম।" 

সূত্ৰঅনুসৰি, ৰেভান্নাই দেওবাৰে বাংগালুৰুৰ পৰা জাৰ্মান চহৰ ফ্ৰাংকফুর্টলৈ ৰাওনা হয়। ৰেভান্নাৰ ঘৰত  কাম কৰা এগৰাকী ৪৭ বছৰীয়া মহিলাই  যৌন নিৰ্যাতন ৰখাৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে আইপিচিৰ ধাৰা ৩৫৪এ, ৩৫৪ডি, ৫০৬ আৰু ৫০৯ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছে।
 
মহিলাগৰাকীয়ে এইবুলি অভিযোগ কৰিছে "মই যোগদান কৰাৰ চাৰি মাহ পিছত ৰেভান্নাই মোক তেওঁৰ কোঠালৈ মাতিবলৈ আৰম্ভ কৰিছিল। ঘৰটোত ছয়গৰাকী মহিলা কৰ্মচাৰী আছিল আৰু সকলোৱে আতংকিত হৈ পৰিছিল।’’

মহিলাগৰাকীয়ে লগতে কয় "যেতিয়াই (এইচডি) ৰেভান্নাৰ পত্নী তাত নাছিল, তেওঁ মহিলাসকলক ষ্টোৰ ৰূমলৈ মাতিছিল আৰু  তেওঁলোকক স্পৰ্শ কৰিছিল। তেওঁলোকৰ শাৰীৰ পিনবোৰ আঁতৰ কৰিছিল আৰু মহিলাসকলক যৌন নিৰ্যাতন কৰিছিল।’’ মহিলাগৰাকীয়ে লগতে দাবী কৰে যে  ৰেভান্নাই তেওঁৰ জীয়েককো উৎপীড়ন কৰাৰ চেষ্টা কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু