--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আন সকলো মাতৃৰ দৰে এগৰাকী মহিলাই নিজৰ শিশুটিক পলিঅ’ ভেকচিনলৈ লৈ আহিছিল৷ কিন্তু তেওঁ শিশুটোৰ জন্মৰ প্ৰমাণ-পত্ৰ দেখুৱাৱলৈ অসমৰ্থ হয়। যাৰ ফলত বিপাঙত পৰে স্বাস্থ্যকৰ্মীসকল৷ অৱশেষত আৰক্ষীৰ দুৱাৰদলি গছকিলে এই গোচৰে৷ তাৰ পাছতেই চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাত বিপাঙত পৰে আৰক্ষীও! জানিব পৰা গৈছে যে শিশুটোক সন্তানহীন মহিলা এগৰাকীয়ে ধাননি পথাৰৰ পৰা উদ্ধাৰ কৰিছিল।

ঘটনাটো কলকাতাৰ মালদাৰ ৰতুৱাত সংঘটিত হৈছিল এই ঘটনাৰ৷ জানিব পৰা গৈছে যে দহ দিনৰ পূৰ্বে স্থানীয় লোকে ৰতুৱাৰ দেৱীপুৰ অঞ্চলৰ এক ধাননি পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে শিশুটিক৷ ইয়াৰ পাছত, অঞ্চলটোৰ এগৰাকী সন্তানহীন মহিলাই শিশুটোক নিজৰ বুলি আঁকোৱালি লয়। গাঁওবাসীয়েও সেই সময়ত শিশুটোক উদ্ধাৰৰ বিষয়ে আৰক্ষী বা প্ৰশাসনক অৱগত কৰোৱা নাছিল।

অৱশেষত পলিঅ' টিকাকৰণ কেন্দ্ৰত প্ৰকৃত ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে, কেন্দ্ৰটোত আশা কৰ্মীসকলে শিশুটোৰ জন্মৰ প্ৰমাণ-পত্ৰ বিছাৰিছিল। সন্তানহীন মহিলাগৰাকীয়ে তেতিয়া সকলো বিষয় কৰ্তৃপক্ষক জনায়। জানিব পৰা মতে, শিশুটোক উদ্ধাৰ কৰি আৰক্ষীয়ে ৰতুৱা গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

স্থানীয় লোকসকলৰ মতে, দুমাহৰ পূৰ্বে কলকতাৰ ৰতুৱাৰ দেৱীপুৰৰ পুলবন্ধা অঞ্চলৰ একেখন গাঁৱতে আন এগৰাকী নৱজাতক কন্যা শিশুক উদ্ধাৰ কৰা হৈছিল। ছোৱালীজনীক ইতিমধ্যে চাইল্ড লাইনক গটাই দিয়া হৈছে। দুমাহৰ ভিতৰত, একেটা অঞ্চলতে নৱজাতকক উদ্ধাৰ কৰাটোৱে অঞ্চলটোত আতংকৰ সৃষ্টি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ