--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আন সকলো মাতৃৰ দৰে এগৰাকী মহিলাই নিজৰ শিশুটিক পলিঅ’ ভেকচিনলৈ লৈ আহিছিল৷ কিন্তু তেওঁ শিশুটোৰ জন্মৰ প্ৰমাণ-পত্ৰ দেখুৱাৱলৈ অসমৰ্থ হয়। যাৰ ফলত বিপাঙত পৰে স্বাস্থ্যকৰ্মীসকল৷ অৱশেষত আৰক্ষীৰ দুৱাৰদলি গছকিলে এই গোচৰে৷ তাৰ পাছতেই চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাত বিপাঙত পৰে আৰক্ষীও! জানিব পৰা গৈছে যে শিশুটোক সন্তানহীন মহিলা এগৰাকীয়ে ধাননি পথাৰৰ পৰা উদ্ধাৰ কৰিছিল।

ঘটনাটো কলকাতাৰ মালদাৰ ৰতুৱাত সংঘটিত হৈছিল এই ঘটনাৰ৷ জানিব পৰা গৈছে যে দহ দিনৰ পূৰ্বে স্থানীয় লোকে ৰতুৱাৰ দেৱীপুৰ অঞ্চলৰ এক ধাননি পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে শিশুটিক৷ ইয়াৰ পাছত, অঞ্চলটোৰ এগৰাকী সন্তানহীন মহিলাই শিশুটোক নিজৰ বুলি আঁকোৱালি লয়। গাঁওবাসীয়েও সেই সময়ত শিশুটোক উদ্ধাৰৰ বিষয়ে আৰক্ষী বা প্ৰশাসনক অৱগত কৰোৱা নাছিল।

অৱশেষত পলিঅ' টিকাকৰণ কেন্দ্ৰত প্ৰকৃত ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে, কেন্দ্ৰটোত আশা কৰ্মীসকলে শিশুটোৰ জন্মৰ প্ৰমাণ-পত্ৰ বিছাৰিছিল। সন্তানহীন মহিলাগৰাকীয়ে তেতিয়া সকলো বিষয় কৰ্তৃপক্ষক জনায়। জানিব পৰা মতে, শিশুটোক উদ্ধাৰ কৰি আৰক্ষীয়ে ৰতুৱা গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

স্থানীয় লোকসকলৰ মতে, দুমাহৰ পূৰ্বে কলকতাৰ ৰতুৱাৰ দেৱীপুৰৰ পুলবন্ধা অঞ্চলৰ একেখন গাঁৱতে আন এগৰাকী নৱজাতক কন্যা শিশুক উদ্ধাৰ কৰা হৈছিল। ছোৱালীজনীক ইতিমধ্যে চাইল্ড লাইনক গটাই দিয়া হৈছে। দুমাহৰ ভিতৰত, একেটা অঞ্চলতে নৱজাতকক উদ্ধাৰ কৰাটোৱে অঞ্চলটোত আতংকৰ সৃষ্টি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ