--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ বিৰুদ্ধে এজন বিল্ডাৰৰ আত্মীয়ৰ পৰা ধন সংগ্ৰহ আৰু মুক্তিপণৰ বাবে অপহৰণ কৰাৰ অভিযোগত আৰু এটা গোচৰ ৰুজু কৰা হৈছে বুলি মুম্বাই আৰক্ষীয়ে সদৰী কৰিছে। শুকুৰবাৰে থানে আৰক্ষী চকীত পঞ্জীয়ন কৰা এফআইআৰ খনত এজন ডিচিপি পদবীৰ বিষয়া আৰু আন ৩ জন অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে বুলি জানিব পৰা গৈছে। গোচৰটোৰ অভিযোগকাৰী শৰদ আগৰৱালে শুক্ৰবাৰে পুৱতি নিশা থানেৰ কোপৰি আৰক্ষী থানাৰ কাষ চাপিছিল।

পূৰ্বতে থানে আৰক্ষী প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা পৰমবীৰ সিঙৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল শৰদ আগৰৱালে। মুম্বাই আৰক্ষীয়ে ডিচিপি পদবীৰ বিষয়া পৰাগ মানেৰে, সঞ্জয় পুনামিয়া, সুনীল জৈন আৰু মনোজ ঘোটকাৰ বুলি চিনাক্ত কৰিছে।শৰদ আগৰৱালে দাখিল কৰা অভিযোগ অনুসৰি, ‘অভিযুক্ত লোককেইজনে তেওঁৰ পৰা ২ কোটি টকা আদায় দিয়াৰ দাবী জনাইছিল আৰু বলপূৰ্বকভাৱে তেওঁৰ ভূমি অধিগ্ৰহণ কৰিছিল।’উল্লেখ্য যে,বৃহস্পতিবাৰে মুম্বাই আৰক্ষী চকীত এগৰাকী বিল্ডাৰে প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ বিৰুদ্ধে ধনদাবী, প্ৰৱঞ্চনা, জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত গোচৰ তৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু