--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : জম্মু-কাশ্মীৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইৰ মাৰাথন অভিযান। শনিবাৰে পুৱাৰে পৰা কেন্দ্ৰশাসিত প্ৰদেশখনৰ ২২টাকৈ স্থানত অভিযান চলায় চিবিআই-এ। মাৰনাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ অবৈধ বিক্ৰী সম্পৰ্কীয় এটা গোচৰত এই তালাচী চলায় কেন্দ্ৰীয় সংস্থাটোৱে। এই গোচৰৰ সৈতে সম্পৰ্ক থকা জম্মু-কাশ্মীৰৰ এগৰাকী জ্যেষ্ঠ আইএএছ বিষয়া শ্বাহিদ ইকবাল চৌধুৰীৰ ঘৰতো তালাচী চলায় চিবিআই-এ।

অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া চৌধুৰী সম্প্ৰতি জম্মু-কাশ্মীৰৰ ‘মিছন য়ুথ’ৰ সচিব তথা মুখ্য কাৰ্যবাহী বিষয়া হৈ আছে। তেওঁ ইয়াৰ পূৰ্বে কাঠুৱা, ৰেয়াছী, ৰাজৌৰী আৰু উধামপুৰৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। এই সময়ছোৱাত তেওঁ ভুৱা নামত কেইবা সহস্ৰ মাৰনাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল বুলি অভিযোগ উঠিছিল।

এই সংক্ৰান্তীয় গোচৰত কমেও আঠগৰাকী উপায়ুক্তৰ বিৰুদ্ধে ২০১২ চনৰে পৰা তদন্ত চলাই আছে কেন্দ্ৰীয় সংস্থাটোৱে। জম্মু-কাশ্মীৰৰ পৰা ২ লাখৰো অধিক মাৰনাস্ত্ৰৰ অনুজ্ঞাপত্ৰ জাৰি কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে। ইয়াক দেশৰ ভিতৰতে সৰ্ববৃহৎ ‘গান লাইচেন্স ৰেকেট’ বুলি ধাৰণা কৰা হয়। যোৱা বছৰ এগৰাকী আইএএছ বিষয়াসহ দুগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰিছিল চিবিআই-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ