--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : জম্মু-কাশ্মীৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইৰ মাৰাথন অভিযান। শনিবাৰে পুৱাৰে পৰা কেন্দ্ৰশাসিত প্ৰদেশখনৰ ২২টাকৈ স্থানত অভিযান চলায় চিবিআই-এ। মাৰনাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ অবৈধ বিক্ৰী সম্পৰ্কীয় এটা গোচৰত এই তালাচী চলায় কেন্দ্ৰীয় সংস্থাটোৱে। এই গোচৰৰ সৈতে সম্পৰ্ক থকা জম্মু-কাশ্মীৰৰ এগৰাকী জ্যেষ্ঠ আইএএছ বিষয়া শ্বাহিদ ইকবাল চৌধুৰীৰ ঘৰতো তালাচী চলায় চিবিআই-এ।

অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া চৌধুৰী সম্প্ৰতি জম্মু-কাশ্মীৰৰ ‘মিছন য়ুথ’ৰ সচিব তথা মুখ্য কাৰ্যবাহী বিষয়া হৈ আছে। তেওঁ ইয়াৰ পূৰ্বে কাঠুৱা, ৰেয়াছী, ৰাজৌৰী আৰু উধামপুৰৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। এই সময়ছোৱাত তেওঁ ভুৱা নামত কেইবা সহস্ৰ মাৰনাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল বুলি অভিযোগ উঠিছিল।

এই সংক্ৰান্তীয় গোচৰত কমেও আঠগৰাকী উপায়ুক্তৰ বিৰুদ্ধে ২০১২ চনৰে পৰা তদন্ত চলাই আছে কেন্দ্ৰীয় সংস্থাটোৱে। জম্মু-কাশ্মীৰৰ পৰা ২ লাখৰো অধিক মাৰনাস্ত্ৰৰ অনুজ্ঞাপত্ৰ জাৰি কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে। ইয়াক দেশৰ ভিতৰতে সৰ্ববৃহৎ ‘গান লাইচেন্স ৰেকেট’ বুলি ধাৰণা কৰা হয়। যোৱা বছৰ এগৰাকী আইএএছ বিষয়াসহ দুগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰিছিল চিবিআই-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু