--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ অতুলনীয় সৌন্দৰ্যৰ আঁৰৰ কাহিনী জানিবলৈ সকলো আগ্ৰহী৷ মোহময়ী অভিনেত্ৰীগৰাকীৰ জয়গান ভাৰততেই সীমাবদ্ধ নহয়৷ ৭ সাগৰ ১৩নদীৰ পাৰতো অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যই আপ্লুট কৰে অনুৰাগীক৷ ৩৯ বছৰীয়া অভিনেত্ৰীগৰাকীৰ সফলতাৰ সমান্তৰালকৈ সৌন্দৰ্যই মুগ্ধ কৰে বিশ্ববাসীক৷ শেহতীয়াকৈ তেওঁ ২০২১ বৰ্ষৰ সবাতোকৈ প্ৰশংসিত মহিলাৰ তালিকাত শীৰ্ষ ১০ স্থানত অন্তৰ্ভুক্ত হয়৷ তাৰপাছতেই তেওঁ সৌন্দৰ্যৰ বিষয়ে জানিবলৈ অধিক আগ্ৰহী হয় অনুৰাগীসকল৷

সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মোহময়ী অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যৰ আঁৰৰ কথা তেওঁ ব্যক্ত কৰে৷ তামৰ গিলাচত পানী খাই দিনটো আৰম্ভ কৰাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে, এয়া মই সৰুৰে পৰাই কৰি আহিছো৷ তেওঁৰ মতে, তামৰ পাত্ৰত পানী খালে তামৰ ভাল গুণবোৰ পানীত সোমাই যায় - ই ৰোগ প্ৰতিৰোধ প্ৰণালী, হাড় আৰু স্নায়ুৰ বাবে শক্তিশালী হয়। আনহাতে মেকআপৰ ক্ষেত্ৰতো তেওঁ কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ মহিলাসকলৰ মেকআপৰ প্ৰতি বিশেষ আকৰ্ষণ আছে৷ মেকআপ ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে৷ আৰু মেকআপ উন্নত মানৰ প্ৰয়োগ কৰিব লাগে৷ লগতে তেওঁ এইবুলিও কয় যে, মেপআপ ৰিম’ভাৰ ব্যৱহাৰ কৰিহে ছালৰ পৰা মেকআপ আঁতৰাব লাগে৷

তেওঁ এইবুলিও কয় যে, ‘মই ফেচিয়েল ভাল পাওঁ। মই পাৰিলে মাহত কমেও দুবাৰ ফেচিয়েল কৰিবলৈ চেষ্টা কৰোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই ছালখন স্বাস্থ্যৱান কৰি ৰাখে৷’ লগতে প্ৰিয়ংকাই কয়, ‘মই প্ৰচুৰ পৰিমাণে পানী সেৱন কৰো৷ মোৰ বেগত সদায় মোৰ পানীৰ বটল থাকে।’

সৌন্দৰ্যৰ বাবে টোপনি আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি অবিহিত কৰে প্ৰিয়ংকা ই৷ নিশা ৭ৰ পৰা ৮ ঘণ্টা টোপনি যাব লাগে বুলিও মন্তব্য কৰে তেওঁ৷ লগতে দৈনিক যোগা আৰু শৰীৰচৰ্চা কৰিলে মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্যৰো উন্নতি হয় বুলি মতপোষণ কৰে৷

১৮ জুলাই ১৯৮২চনৰ ১৮ জুলাইত জন্মগ্ৰহণ কৰা এইগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ প্ৰযোজক আৰু গায়িকাই ২০০০ চনত মিছ ৱ’ৰ্ল্ড প্ৰতিযোগিতাৰ বিজয় সাব্যস্ত কৰিছিল৷ চোপ্ৰা হৈছে ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা আৰু আটাইতকৈ জনপ্ৰিয় মনোৰঞ্জনকাৰীসকলৰ ভিতৰত এজন। তেওঁ দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য সন্মান লাভ কৰিছে। ২০১৬ চনত, ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে৷ ২০১৯ চনত ‘টাইম’ শীৰ্ষক আলোচনীখনে তেওঁক বিশ্বৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত এজন বুলি অভিহিত কৰে৷ তাৰোপৰি পৰৱৰ্তী দুবছৰত, ‘ফৰ্বছ’ আলোচনীখনে তেওঁক বিশ্বৰ ১০০গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ ভিতৰত তালিকাভুক্ত কৰে৷ শেহতীয়াকৈ তেওঁ ২০২১ বৰ্ষৰ সবাতোকৈ প্ৰশংসিত মহিলাৰ তালিকাত শীৰ্ষ ১০ স্থানত অন্তৰ্ভুক্ত হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু