--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ অতুলনীয় সৌন্দৰ্যৰ আঁৰৰ কাহিনী জানিবলৈ সকলো আগ্ৰহী৷ মোহময়ী অভিনেত্ৰীগৰাকীৰ জয়গান ভাৰততেই সীমাবদ্ধ নহয়৷ ৭ সাগৰ ১৩নদীৰ পাৰতো অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যই আপ্লুট কৰে অনুৰাগীক৷ ৩৯ বছৰীয়া অভিনেত্ৰীগৰাকীৰ সফলতাৰ সমান্তৰালকৈ সৌন্দৰ্যই মুগ্ধ কৰে বিশ্ববাসীক৷ শেহতীয়াকৈ তেওঁ ২০২১ বৰ্ষৰ সবাতোকৈ প্ৰশংসিত মহিলাৰ তালিকাত শীৰ্ষ ১০ স্থানত অন্তৰ্ভুক্ত হয়৷ তাৰপাছতেই তেওঁ সৌন্দৰ্যৰ বিষয়ে জানিবলৈ অধিক আগ্ৰহী হয় অনুৰাগীসকল৷

সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মোহময়ী অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যৰ আঁৰৰ কথা তেওঁ ব্যক্ত কৰে৷ তামৰ গিলাচত পানী খাই দিনটো আৰম্ভ কৰাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে, এয়া মই সৰুৰে পৰাই কৰি আহিছো৷ তেওঁৰ মতে, তামৰ পাত্ৰত পানী খালে তামৰ ভাল গুণবোৰ পানীত সোমাই যায় - ই ৰোগ প্ৰতিৰোধ প্ৰণালী, হাড় আৰু স্নায়ুৰ বাবে শক্তিশালী হয়। আনহাতে মেকআপৰ ক্ষেত্ৰতো তেওঁ কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ মহিলাসকলৰ মেকআপৰ প্ৰতি বিশেষ আকৰ্ষণ আছে৷ মেকআপ ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে৷ আৰু মেকআপ উন্নত মানৰ প্ৰয়োগ কৰিব লাগে৷ লগতে তেওঁ এইবুলিও কয় যে, মেপআপ ৰিম’ভাৰ ব্যৱহাৰ কৰিহে ছালৰ পৰা মেকআপ আঁতৰাব লাগে৷

তেওঁ এইবুলিও কয় যে, ‘মই ফেচিয়েল ভাল পাওঁ। মই পাৰিলে মাহত কমেও দুবাৰ ফেচিয়েল কৰিবলৈ চেষ্টা কৰোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই ছালখন স্বাস্থ্যৱান কৰি ৰাখে৷’ লগতে প্ৰিয়ংকাই কয়, ‘মই প্ৰচুৰ পৰিমাণে পানী সেৱন কৰো৷ মোৰ বেগত সদায় মোৰ পানীৰ বটল থাকে।’

সৌন্দৰ্যৰ বাবে টোপনি আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি অবিহিত কৰে প্ৰিয়ংকা ই৷ নিশা ৭ৰ পৰা ৮ ঘণ্টা টোপনি যাব লাগে বুলিও মন্তব্য কৰে তেওঁ৷ লগতে দৈনিক যোগা আৰু শৰীৰচৰ্চা কৰিলে মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্যৰো উন্নতি হয় বুলি মতপোষণ কৰে৷

১৮ জুলাই ১৯৮২চনৰ ১৮ জুলাইত জন্মগ্ৰহণ কৰা এইগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ প্ৰযোজক আৰু গায়িকাই ২০০০ চনত মিছ ৱ’ৰ্ল্ড প্ৰতিযোগিতাৰ বিজয় সাব্যস্ত কৰিছিল৷ চোপ্ৰা হৈছে ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা আৰু আটাইতকৈ জনপ্ৰিয় মনোৰঞ্জনকাৰীসকলৰ ভিতৰত এজন। তেওঁ দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য সন্মান লাভ কৰিছে। ২০১৬ চনত, ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে৷ ২০১৯ চনত ‘টাইম’ শীৰ্ষক আলোচনীখনে তেওঁক বিশ্বৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত এজন বুলি অভিহিত কৰে৷ তাৰোপৰি পৰৱৰ্তী দুবছৰত, ‘ফৰ্বছ’ আলোচনীখনে তেওঁক বিশ্বৰ ১০০গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ ভিতৰত তালিকাভুক্ত কৰে৷ শেহতীয়াকৈ তেওঁ ২০২১ বৰ্ষৰ সবাতোকৈ প্ৰশংসিত মহিলাৰ তালিকাত শীৰ্ষ ১০ স্থানত অন্তৰ্ভুক্ত হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ