--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নির্বাচন আয়োগে সমগ্র দেশৰ ভোটাৰ তালিকাৰ পৰা ভুৱা ভোটাৰৰ নাম আঁতৰোৱা আৰু কেইবা দশকৰ এই পুৰণি সমস্যাটো তিনি মাহৰ ভিতৰত নির্মূল কৰাৰ অংগীকাৰ কৰে। নিৰ্বাচন আয়োগে এই কথা প্রকাশ কৰিছে। 

উল্লেখযোগ্য যে ভোটাৰ তালিকাত ভুৱা ভোটাৰৰ নাম অন্তর্ভুক্ত হোৱাৰ লগতে ভোটাৰ তালিকাৰ শুদ্ধতাক লৈ দেশত বিতর্ক চলি থকাৰ সময়তে আয়োগে এই কথা ঘোষণা কৰে। 

আয়োগে লগতে এই কথাও প্রকাশ কৰে যে ভোটাৰ তালিকাৰ নিয়মীয়া উন্নীতকৰণৰ প্ৰক্ৰিয়াত জন্ম-মৃত্যু পঞ্জীয়ন বিষয়াসকলৰ সৈতে সমন্বয় স্থাপন কৰি এই প্ৰক্ৰিয়াটো অধিক শক্তিশালী কৰা হ'ব। এটা বিবৃতিত নির্বাচন আয়োগে লগতে প্রকাশ কৰে যে ভোটাৰ তালিকাক আধাৰ নম্বৰৰ সৈতে সংযোজিত কৰাৰ বাবে ইউ আই ডি এ আই আৰু আয়োগৰ বিশেষজ্ঞৰ মাজত কাৰিকৰী দিশটোক লৈ অচিৰেই আলোচনা আৰম্ভ কৰা হ'ব। আয়োগে অলপতে ৰাজনৈতিক দলসমূহৰ সৈতে হোৱা বৈঠকত এই কথা স্পষ্ট কৰি দিয়ে যে খচৰা ভোেটাৰ তালিকাত কোনো ধৰণৰ নামৰ অন্তৰ্ভুক্ত বা কৰ্তনৰ দাবী আৰু আপত্তি ১৯৫০ চনৰ জনপ্রতিনিধি আইনৰ অধীনত সকলো ৰাজনৈতিক দলৰ বাবে উপলব্ধ আইনী ব্যৱস্থাৰ অধীনত নিয়ন্ত্ৰণ কৰা হ'ব। 

ৰাজনৈতিক দলসমূহে খচৰা ভোটাৰ তালিকাক লৈ এনে ধৰণৰ কোনো দাবী-আপত্তি দাখিল নকৰিলে নির্বাচন পঞ্জীয়ন বিষয়াৰ (ই আৰ অ') দ্বাৰা প্ৰস্তুত কৰা তালিকা গ্রাহ্য হ'ব। আয়োগে কয় যে জানুৱাৰীত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত মাত্র ৮৯টা ফাৰ্ষ্ট আপীল আৰু মাত্র এটা ছেকেণ্ড আপীল দাখিল কৰা হৈছিল। আয়োগে লগতে প্রকাশ কৰে যে নিৰ্বাচনী প্রক্রিয়া শক্তিশালী কৰাৰ কাৰণে সাহসিক পদক্ষেপ গ্রহণ কৰা হৈছে। তলৰ পৰ্যায়ত বিভিন্ন বিষয় সমাধান কৰাৰ কাৰণে প্রায় ৫ হাজাৰ নিৰ্বাচনী বিষয়াই ৩১ মার্চলৈকে ৰাজনৈতিক দলসমূহৰ সৈতে নিয়মীয়াকৈ আলোচনা কৰিব। আনহাতে ৰাজ্যৰ মুখ্য নির্বাচন বিষয়া, জিলা নির্বাচন বিষয়া আৰু নির্বাচন পঞ্জীয়ন বিষয়াকে ধৰি আয়োগৰ বিষয়াসকলক ডিজিটেল প্রশিক্ষণ দিয়া হ'ব। আয়োগে প্রকাশ কৰে যে প্ৰায় এক কোটি নির্বাচন কৰ্মচাৰীৰ ক্ষমতা বৃদ্ধিৰ কাৰণে ডিজিটেল প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথা বিবেচনা কৰি থকা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান