--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবৰ আম আদমী পাৰ্টীৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে গায়ক মিকা সিঙক সাক্ষাৎ কৰিছে। মিকা সিঙে মুখ্যমন্ত্ৰীৰ সৈতে এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল আৰু এই বিষয়ে অৱগত কৰিছিল। তেওঁ পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰি লিখিছিল, মাননীয় মুখ্যমন্ত্ৰী  ভগৱন্ত মানজীক সাক্ষাৎ কৰি বৰ ভাল লাগিছিল। তেওঁ এনে এগৰাকী ব্যক্তি, যিয়ে এগৰাকী শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু জীৱনত বহুতো উত্থান-পতন দেখিছিল।

তেওঁ লগতে লিখিছিল, তেওঁ এজন সফল শিল্পী আছিল। তাৰ পাছত তেওঁ ৰাজনীতিত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মই আগতে ভাবিছিলোঁ যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত সলনি হ’ব কিন্তু তেওঁ এতিয়াও একেজন মানুহ। পঞ্জাবৰ মাটিৰ সৈতে সংপৃক্ত এগৰাকী ব্যক্তি। আপোনাৰ মূল্যৱান সময়ৰ বাবে আপোনাক বহুত ধন্যবাদ।

মুখ্যমন্ত্ৰী ভগৱন্ত মান ৰাজনীতিলৈ অহাৰ পূৰ্বে এগৰাকী কৌতুক অভিনেতা হিচাপে জনাদৃত হৈ পৰিছিল৷ ২০০৮ত তেওঁ ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ত অংশগ্ৰহণ কৰিছিল। ২০১১ত ভগৱন্ত মানে ৰাজনীতিত প্ৰৱেশ কৰিছিল। তাৰ পাছত ২০১৪ত, তেওঁ অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিৰ দায়িত্ব গ্ৰহণ কৰে।
আৰু, চলিত বৰ্ষৰ পঞ্জাবৰ শেহতীয়া বিধানসভা নিৰ্বাচনত আপ-এ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰে আৰু ভগৱন্ত মান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন