--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এমনেষ্টি ইণ্টাৰনেচনেল ইণ্ডিয়াৰ প্ৰাক্তন মুৰব্বী আকাৰ পেটেলক মাৰ্কিন মুলুকলৈ যোৱাৰ বাটত বিমানবন্দৰতে বাধা দিলে নিৰাপত্তা বাহিনীয়ে। পেটেলে আজি এই অভিযোগ উত্তাপন কৰি কয় যে তেওঁক বেংগালুৰু বিমানবন্দৰত আমেৰিকালৈ যোৱা বিমানত উঠাত বাধা দিয়া হৈছিল। এই ঘটনাৰ পাছতে পেটেলে টুইট কৰি কয় যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ৰ দ্বাৰা এমনেষ্টি ইণ্ডিয়া ইণ্টাৰনেচনেলৰ বিৰুদ্ধে দাখিল কৰা গোচৰ সন্দৰ্ভতে তেওঁক বিদেশ ভ্ৰমণৰ বিৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

তেওঁ টুইটযোগে কয় যে,  ‘মোডী চৰকাৰে এমনেষ্টি ইণ্টাৰনেচনেল ইণ্ডিয়াৰ বিৰুদ্ধে দাখিল কৰা গোচৰটোৰ বাবে মই লুক-আউট চাৰ্কুলাৰত আছোঁ বুলি চিবিআই বিষয়াই ফোন কৰি অৱগত কৰে।’

চিবিআইৰ সূত্ৰই অৱশ্যে কয় যে, গুজৰাট আৰক্ষীয়ে পঞ্জীয়ন কৰা এটা গোচৰত চুৰাট আদালতে পেটেলক আমেৰিকালৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল, কিন্তু তেওঁৰ বিৰুদ্ধে লুক আউট জাননী জাৰি কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত, ৩৬ কোটি বিদেশী গ্ৰহণ সম্পৰ্কীয় এটা ঘটনাত বিদেশী অনুদান গ্ৰহণ সম্পৰ্কীয় আইন (এফচিআৰএ) উলংঘনৰ অভিযোগত সংস্থাটোৱে পঞ্জীয়ন কৰা আন এটা গোচৰৰ সন্দৰ্ভত তেওঁক আজি ভাৰত এৰাত বাধা দিয়া হৈছিল।

এই ঘটনাৰ পাছতে তেওঁ মন্তব্য কৰে যে, ‘মই এই বিষয়ে নাজানিছিলোঁ যে মোৰ বিমানযাত্ৰাত বাধা আৰোপ কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ বাধাৰ বাবে মই মোৰ ফ্লাইট মিছ কৰিবলগীয়া হয় আৰু এতিয়া মই ঘৰলৈ উভতি আহিছোঁ। ইমিগ্ৰেচন বিষয়াসকলে মোক বিমানত উঠাৰ অনুমতি দিয়া নাছিল।’ সংবাদ সংস্থা পি টি আইয়ে পেটেলৰ মন্তব্যৰ উদ্ধৃতি দি এইকথা উল্লেখ কৰে। 

পেটেলে কয় যে তেওঁ তিনিখন বিশ্ববিদ্যালয়ত বক্তৃতা দিবলৈ আমেৰিকা ভ্ৰমণ কৰিব বিচাৰিছিল- মিচিগান বিশ্ববিদ্যালয়, বাৰ্কলি বিশ্ববিদ্যালয় আৰু নিউয়ৰ্ক বিশ্ববিদ্যালয়।
চিবিআইয়ে ২০১৯ চনৰ নৱেম্বৰত এমনেষ্টি ইণ্টাৰনেচনেল ইণ্ডিয়া আৰু ইয়াৰ তিনিটা সহযোগী সংগঠনৰ বিৰুদ্ধে বিদেশী অনুদান গ্ৰহণ সম্পৰ্কীয় আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ব্যৱস্থা উলংঘনৰ অভিযোগত গৃহ মন্ত্ৰালয়ে দাখিল কৰা অভিযোগৰ পাছতে গোচৰ ৰুজু কৰিছিল।

এমনেষ্টি ইণ্টাৰনেচনেল ইণ্ডিয়া, ইণ্ডিয়ানছ ফৰ এমনেষ্টি ইণ্টাৰনেচনেল ট্ৰাষ্ট (আইএআইটি), এমনেষ্টি ইণ্টাৰনেচনেল ইণ্ডিয়া ফাউণ্ডেচন ট্ৰাষ্ট (এআইআইএফটি), এমনেষ্টি ইণ্টাৰনেচনেল চাউথ এছিয়া ফাউণ্ডেচন (এআইএছএএফ) আৰু অন্যান্য সংস্থাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছিল।
গৃহ মন্ত্ৰালয়ে দাখিল কৰা অভিযোগ অনুসৰি, প্ৰত্যক্ষ বিদেশী বিনিয়োগ হিচাপে শ্ৰেণীবদ্ধ কৰা ₹ ১০ কোটি টকা ইয়াৰ লণ্ডন কাৰ্যালয়ৰ পৰা এমনেষ্টি ইণ্ডিয়ালৈ প্ৰেৰণ কৰা হৈছিল। আন ২৬ কোটি এমনেষ্টি ইণ্ডিয়ালৈ প্ৰেৰণ কৰা হৈছিল মুখ্যতঃ ইংলেণ্ডৰ প্ৰতিষ্ঠানৰ পৰা। 

এমনেষ্টিৰ বাংগালোৰৰ কাৰ্যালয়ত ২০১৮ চনত বৈদেশিক মুদ্ৰা উলংঘনৰ গোচৰ সন্দৰ্ভত ইডি-এ তালাচীও চলাইছিল। কাশ্মীৰত মানৱ অধিকাৰ উলংঘা সম্পৰ্কীয় বিষয়ত মাত মাতি দেশদ্ৰোহৰ গোচৰৰো সন্মুখীন হৈছিল সংস্থাটো। পাছত অৱশ্যে এই গোচৰ প্ৰত্যাহাৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ