--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এমনেষ্টি ইণ্টাৰনেচনেল ইণ্ডিয়াৰ প্ৰাক্তন মুৰব্বী আকাৰ পেটেলক মাৰ্কিন মুলুকলৈ যোৱাৰ বাটত বিমানবন্দৰতে বাধা দিলে নিৰাপত্তা বাহিনীয়ে। পেটেলে আজি এই অভিযোগ উত্তাপন কৰি কয় যে তেওঁক বেংগালুৰু বিমানবন্দৰত আমেৰিকালৈ যোৱা বিমানত উঠাত বাধা দিয়া হৈছিল। এই ঘটনাৰ পাছতে পেটেলে টুইট কৰি কয় যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ৰ দ্বাৰা এমনেষ্টি ইণ্ডিয়া ইণ্টাৰনেচনেলৰ বিৰুদ্ধে দাখিল কৰা গোচৰ সন্দৰ্ভতে তেওঁক বিদেশ ভ্ৰমণৰ বিৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

তেওঁ টুইটযোগে কয় যে,  ‘মোডী চৰকাৰে এমনেষ্টি ইণ্টাৰনেচনেল ইণ্ডিয়াৰ বিৰুদ্ধে দাখিল কৰা গোচৰটোৰ বাবে মই লুক-আউট চাৰ্কুলাৰত আছোঁ বুলি চিবিআই বিষয়াই ফোন কৰি অৱগত কৰে।’

চিবিআইৰ সূত্ৰই অৱশ্যে কয় যে, গুজৰাট আৰক্ষীয়ে পঞ্জীয়ন কৰা এটা গোচৰত চুৰাট আদালতে পেটেলক আমেৰিকালৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল, কিন্তু তেওঁৰ বিৰুদ্ধে লুক আউট জাননী জাৰি কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত, ৩৬ কোটি বিদেশী গ্ৰহণ সম্পৰ্কীয় এটা ঘটনাত বিদেশী অনুদান গ্ৰহণ সম্পৰ্কীয় আইন (এফচিআৰএ) উলংঘনৰ অভিযোগত সংস্থাটোৱে পঞ্জীয়ন কৰা আন এটা গোচৰৰ সন্দৰ্ভত তেওঁক আজি ভাৰত এৰাত বাধা দিয়া হৈছিল।

এই ঘটনাৰ পাছতে তেওঁ মন্তব্য কৰে যে, ‘মই এই বিষয়ে নাজানিছিলোঁ যে মোৰ বিমানযাত্ৰাত বাধা আৰোপ কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ বাধাৰ বাবে মই মোৰ ফ্লাইট মিছ কৰিবলগীয়া হয় আৰু এতিয়া মই ঘৰলৈ উভতি আহিছোঁ। ইমিগ্ৰেচন বিষয়াসকলে মোক বিমানত উঠাৰ অনুমতি দিয়া নাছিল।’ সংবাদ সংস্থা পি টি আইয়ে পেটেলৰ মন্তব্যৰ উদ্ধৃতি দি এইকথা উল্লেখ কৰে। 

পেটেলে কয় যে তেওঁ তিনিখন বিশ্ববিদ্যালয়ত বক্তৃতা দিবলৈ আমেৰিকা ভ্ৰমণ কৰিব বিচাৰিছিল- মিচিগান বিশ্ববিদ্যালয়, বাৰ্কলি বিশ্ববিদ্যালয় আৰু নিউয়ৰ্ক বিশ্ববিদ্যালয়।
চিবিআইয়ে ২০১৯ চনৰ নৱেম্বৰত এমনেষ্টি ইণ্টাৰনেচনেল ইণ্ডিয়া আৰু ইয়াৰ তিনিটা সহযোগী সংগঠনৰ বিৰুদ্ধে বিদেশী অনুদান গ্ৰহণ সম্পৰ্কীয় আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ব্যৱস্থা উলংঘনৰ অভিযোগত গৃহ মন্ত্ৰালয়ে দাখিল কৰা অভিযোগৰ পাছতে গোচৰ ৰুজু কৰিছিল।

এমনেষ্টি ইণ্টাৰনেচনেল ইণ্ডিয়া, ইণ্ডিয়ানছ ফৰ এমনেষ্টি ইণ্টাৰনেচনেল ট্ৰাষ্ট (আইএআইটি), এমনেষ্টি ইণ্টাৰনেচনেল ইণ্ডিয়া ফাউণ্ডেচন ট্ৰাষ্ট (এআইআইএফটি), এমনেষ্টি ইণ্টাৰনেচনেল চাউথ এছিয়া ফাউণ্ডেচন (এআইএছএএফ) আৰু অন্যান্য সংস্থাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছিল।
গৃহ মন্ত্ৰালয়ে দাখিল কৰা অভিযোগ অনুসৰি, প্ৰত্যক্ষ বিদেশী বিনিয়োগ হিচাপে শ্ৰেণীবদ্ধ কৰা ₹ ১০ কোটি টকা ইয়াৰ লণ্ডন কাৰ্যালয়ৰ পৰা এমনেষ্টি ইণ্ডিয়ালৈ প্ৰেৰণ কৰা হৈছিল। আন ২৬ কোটি এমনেষ্টি ইণ্ডিয়ালৈ প্ৰেৰণ কৰা হৈছিল মুখ্যতঃ ইংলেণ্ডৰ প্ৰতিষ্ঠানৰ পৰা। 

এমনেষ্টিৰ বাংগালোৰৰ কাৰ্যালয়ত ২০১৮ চনত বৈদেশিক মুদ্ৰা উলংঘনৰ গোচৰ সন্দৰ্ভত ইডি-এ তালাচীও চলাইছিল। কাশ্মীৰত মানৱ অধিকাৰ উলংঘা সম্পৰ্কীয় বিষয়ত মাত মাতি দেশদ্ৰোহৰ গোচৰৰো সন্মুখীন হৈছিল সংস্থাটো। পাছত অৱশ্যে এই গোচৰ প্ৰত্যাহাৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ
ছাব-জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ; ফাইনেলত ঝাৰখণ্ড, মণিপুৰ
ভাৰতত মুছলমানৰ বাবে সদায় স্থান থাকিব: মোহন ভাগৱত
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই