--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইতিহাস ৰচি পঞ্জাবত ক্ষমতা দখল কৰিলে আম আদমী পাৰ্টীয়ে৷ নিৰ্বাচনী ফলাফলত অভূতপূৰ্ব বিজয়ৰ পাছত পঞ্জাবৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানে দলৰ বিধায়কসকলৰ এক বৈঠকত মিলিত হয়৷ ভগৱন্ত মানক কালি পঞ্জাব বিধানসভাৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়৷ আম আদমী পাৰ্টীৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ সৈতে এখন বৈঠকত অংশ লৈ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বিধায়কসকলক উদ্দেশ্যি কয়, ৰাজধানী চণ্ডিগড়ত নহয়, আপোনাৰ সমষ্টিত সৰ্বাধিক সময় অতিবাহিত কৰক৷ তেওঁ লগতে কয়, আমি ভোট বিচাৰি যোৱা সেই সকলো ঠাইৰ বাবে কাম কৰিব লাগিব। সকলো বিধায়কে তেওঁলোক নিৰ্বাচিত হোৱা অঞ্চলবোৰত কাম কৰিব লাগিব৷ কেৱল চণ্ডিগড়ত থাকিলেই নহ’ব৷ তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীৰ উপৰিও আমাৰ ১৭জন কেবিনেট মন্ত্ৰী থাকিব পাৰে। কোনেও বিচলিত হব নালাগে। আপোনালোক প্ৰতিজনেই কেবিনেট মন্ত্ৰী৷ মুখ্যমন্ত্ৰী ভগৱন্ত মান দলটোৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী মান ধুৰী আসনৰ পৰা ৫৮,০০০ তকৈও অধিক ভোটত জয়ী হৈছিল। নৱ-নিৰ্বাচিত বিধায়কসকলক সম্বোধন কৰি মানে বিধায়কসকলক অহংকাৰী নহ’বলৈ আৰু আনকি যিসকলে দলক ভোট দিয়া নাই তেওঁলোকৰ বাবেও কাম কৰিবলৈ আহ্বান জনায়। পঞ্জাব বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ পাছত ভগৱন্ত মানে কালি নতুন দিল্লীত দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে আৰু আশীৰ্বাদ বিচাৰে৷ তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীক ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানলৈও আমন্ত্ৰণ জনায়। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু