--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইতিহাস ৰচি পঞ্জাবত ক্ষমতা দখল কৰিলে আম আদমী পাৰ্টীয়ে৷ নিৰ্বাচনী ফলাফলত অভূতপূৰ্ব বিজয়ৰ পাছত পঞ্জাবৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানে দলৰ বিধায়কসকলৰ এক বৈঠকত মিলিত হয়৷ ভগৱন্ত মানক কালি পঞ্জাব বিধানসভাৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়৷ আম আদমী পাৰ্টীৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ সৈতে এখন বৈঠকত অংশ লৈ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বিধায়কসকলক উদ্দেশ্যি কয়, ৰাজধানী চণ্ডিগড়ত নহয়, আপোনাৰ সমষ্টিত সৰ্বাধিক সময় অতিবাহিত কৰক৷ তেওঁ লগতে কয়, আমি ভোট বিচাৰি যোৱা সেই সকলো ঠাইৰ বাবে কাম কৰিব লাগিব। সকলো বিধায়কে তেওঁলোক নিৰ্বাচিত হোৱা অঞ্চলবোৰত কাম কৰিব লাগিব৷ কেৱল চণ্ডিগড়ত থাকিলেই নহ’ব৷ তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীৰ উপৰিও আমাৰ ১৭জন কেবিনেট মন্ত্ৰী থাকিব পাৰে। কোনেও বিচলিত হব নালাগে। আপোনালোক প্ৰতিজনেই কেবিনেট মন্ত্ৰী৷ মুখ্যমন্ত্ৰী ভগৱন্ত মান দলটোৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী মান ধুৰী আসনৰ পৰা ৫৮,০০০ তকৈও অধিক ভোটত জয়ী হৈছিল। নৱ-নিৰ্বাচিত বিধায়কসকলক সম্বোধন কৰি মানে বিধায়কসকলক অহংকাৰী নহ’বলৈ আৰু আনকি যিসকলে দলক ভোট দিয়া নাই তেওঁলোকৰ বাবেও কাম কৰিবলৈ আহ্বান জনায়। পঞ্জাব বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ পাছত ভগৱন্ত মানে কালি নতুন দিল্লীত দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে আৰু আশীৰ্বাদ বিচাৰে৷ তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীক ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানলৈও আমন্ত্ৰণ জনায়। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক